Might Learn Logo Might Learn Shop Might Learn

SCERT Assam Board D El Ed Entrance Test Assamese Question Answer | D El Ed Entrance Test Assamese Question Answer 2026

ৰূপতত্ব আৰু ব্যাকৰণঃ

সংস্কৃত ভাষাৰ পৰিৱৰ্তনৰ ধাৰাইদি আহি অসমীয়া ভাষাৰ সৃষ্টি হ’লেও অসমীয়া ভাষাৰ ব্যাকৰণ কিছুমান নির্দিষ্ট বিশেষত্ব প্রকাশ কৰিছো। অসমীয়া ভাষাত তলত দিয়াব’ দৰে ৰূপতাত্বিক বৈশিষ্ট সমূহ প্রকাশ পয়।

অসমীয়াত লিংগ ব্যাকরণগত বিষয় নহয়। অসমীয়াত বচন ব্যাকৰণগত নহয়। সংস্কৃতত পুরুষ তিনিটা, অসমীয়াত পুৰুষ চাৰিটা (মধ্যম পুৰুষৰ মান্য আৰু তুচ্চার্থবাচক রূপ আছে)। সংস্কৃতৰ দৰে অসমীয়া ভাষাত ধাতুৰ কোনো গণৰ শ্রেণী-বিভাজন নাই। সকর্মক ক্রিয়া আৰু অকর্মক ক্ৰিয়াৰ মাজত ভিন্নতা আছে। কর্তাপদতকৈ কর্মপদ সম্পূর্ণ পৃথক। ব্যক্তিগত সৰ্বনামসূচক অধিকাৰৰ বাবে সম্বোধনসূচক বিশেষ্যৰ শব্দৰূপ দিয়া। (Kinship nouns are inflected for personal pronominal possession.) ক্রিয়া-বিশেষণ সমূহ ক্ৰিয়াৰ উৎসৰ পৰাই বিশ্লেষণ কৰিব পাৰি। জতুৱা ঠাঁচত পৰোক্ষ বাক্য গঠন কৰিব পাৰি।

ধ্বনিতত্ব:

অসমীয়া ভাষাৰ ধ্বনিতত্বক প্রধানত দুটা ভাগত ভগাব পাৰি। 

স্বৰধ্বনি:

যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ বিবৰৰ কোনো ঠাইত বাধা নাপায় তাক স্বৰধ্বনি বোলে। লিখিতভাৱে স্বৰধ্বনি ১১টা যদিও; বিশিষ্ট স্বৰধ্বনি আঠটাহে পোৱা যায়। উচ্চাৰণৰ স্থান আৰু ৰীতি অনুসৰি অসমীয়া বিশিষ্ট স্বৰধ্বনিবোৰক তলত দিয়াৰ দৰে দেখুৱাব পাৰি।

অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি তালিকা

সম্মুখকেন্দ্রীয়পশ্চ
উচ্চইউ
উচ্চ-মধ্যএও
উচ্চ-নিম্ন-মধ্য এ’অ’
নিম্ন-মধ্যঅ
নিম্নআ
উচ্চাৰণ স্থানদ্বৌষ্ঠ্যদন্তমূলীয়পশ্চ-তালব্যকণ্ঠ্য
উচ্চাৰণ ধৰণঅঘোষঘোষঅঘোষঘোষঅঘোষঘোষঘোষ
অল্পপ্রাণপবতদকগ
মহাপ্রাণফভথধখঘ
নাসিক্যমনঙ
উষ্মচযসহ
পার্শ্বিকল
কম্পিতৰ

ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিসমূহক কেইবাটাও ভাগত ভাগ কৰা হয়। জিভাৰ অংশ অনুসৰি সিহঁতক সন্মুখ, কেন্দ্ৰীয় আৰু পশ্চ তিনিভাগত ভাগ কৰা হয়। আকৌ জিভাৰ উচ্চতা অনুসৰি উচ্চ, উচ্চ-মধ্য, উচ্চ-নিম্ন-মধ্য, নিম্ন-মধ্য আৰু নিম্ন এই পাঁচভাগত ভগাব পাৰি।

ব্যঞ্জনধ্বনি:

যি ধ্বনি উচ্চাৰণ কৰোঁতে নিশ্বাস বায়ুৱে মুখ বিবৰৰ কোনো ঠাত বাধা পায় তাক ব্যঞ্জনধ্বনি বোলে। স্বৰধ্বনিৰ সহায়ত ইয়াক উচ্চাৰণ কৰা হয়। লিখিতভাৱে অসমীয়া ভাষাত ৪০ টা ব্যঞ্জনধ্বনি পোৱা যায় যদিও অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জনধ্বনি ২১টাহে পোৱা যায়।

ধ্বনি অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটাক স্পর্শ, নাসিক্য, পার্শ্বিক, কম্পিত আৰু উষ্ম ভাগত ভাগ কৰা হয়। স্পর্শধ্বনিবোৰৰ ভিতৰত ঘোষ আৰু অঘোষ দুই বিধৰ আছে। সেইবোৰ অল্পপ্রাণ আৰু মহাপ্রাণো হ’ব পাৰে। নাসিক্য, পার্শ্বিক, আৰু কম্পিত ধ্বনিৰ আটাইবোৰ ঘোষ ধ্বনি। উষ্ম ধ্বনিৰ ভিতৰত ঘোষ আৰু অঘোষ দুইবিধ পোৱা যায়। /ঙ/ ৰ বাহিৰে আটাইবোৰ ব্যঞ্জন ধ্বনি শব্দৰ আৰম্ভণি, মাজ আৰু শেষত ব্যৱহাৰ হ’ব পাৰে। কাষৰ তালিকাত ইয়াক স্পষ্ট ৰূপত দেখুওৱা হৈছে।

অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি তালিকা

অসমীয়া ভাষাত ‘য়’ আৰু ‘ৰ’ এই দুটা অৰ্থ-স্বৰ বিশিষ্ট-ধ্বনি নহয়। সিহঁত শ্রুতি-ধ্বনি ৰূপতহে থাকে। ওচৰাউচৰিকৈ থকা দুটা স্বৰ-ধ্বনিৰ আগৰটো ‘ই’ হ’লে দুয়োটা স্বৰ-ধ্বনিৰ মাজত আপোনা-আপুনি ‘য়’ উচ্চাৰিত হ’ব আৰু আগৰটো ‘উ’ বা ‘ও’ হ’লে আপোনা-আপুনি ‘ব’ উচ্চাৰিত হ’ব।

উপভাষা:

ঊনবিংশ শতিকাত খ্রীষ্টিয়ান মিছনেৰীসকলে যি ভাষাত শিৱসাগৰ জিলাত অৰুণোদই ছপা কৰিছিল সেই ভাষাই সময়ত মান্য ভাষা হৈছিল আৰু সেই ভাষাই বর্তমান চৰকাৰী ভাষা। অসমৰ সংবাদ পত্র, স্কুল-কলেজ আদিতো এই ভাষাকে ব্যৱহাৰ কৰা হয়। কিন্তু বর্তমান অসমত ইয়াৰ বাহিৰেও কেইবাটাও উপাভাষা প্রচলিত আছে। রাণীকান্ত কাকতিৰ মতে অসমত দুটা উপভাষাৰ প্ৰচলন আছে।

(1) পূব আৰু (2) পশ্চিম উপভাষা। কিন্তু বর্তমান উপভাষা বিভাজনত চাৰিটা ভাগ কৰা দেখা যায়।

ক) পূবৰ বা উজনি অসমৰ উপভাষা (শিৱসাগৰ, যোৰহাট, লখিমপুৰ, ধেমাজি আদি অন্যান্য জিলাত ব্যৱহাৰ কৰা ভাষা)

খ) মধ্য অসমৰ উপভাষা (নগাঁও, মৰিগাঁও আদি তাৰ দাঁতি কাষৰীয়া অঞ্চল)

গ) কামৰূপী উপভাষা (কামৰূপ, নলবাৰী, বৰপেটা, দৰং, কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাত)

ঘ) গোৱালপৰীয়া উপভাষা (গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও জিলা আৰু চিৰাং জিলা)।

(1) অসমীয়া ভাষাৰ ব্যাকৰণ পোনপ্ৰথমে কোনে কেতিয়া লিখি উলিয়াইছিল?

উত্তৰ: উলিয়াম ৰবিনচনে A Grammar of the Assamese Language নামৰ ইংৰাজী মাধ্যমত 1839 চনত প্রথম অসমীয়া ভাষাৰ ব্যাকৰণ ৰচনা কৰিছিল।

(2) ‘A Grammantical Notices of the Assamese Language’ৰ ৰচক কোন?

উত্তৰঃ ড° নাথান ব্রাউন।

(3) অসমীয়া ভাষাত অসমীয়া ব্যাকৰণ কোনে কেতিয়া প্রথমে ৰচনা কৰিছিল?

উত্তৰ: হেমচন্দ্ৰ বৰুৱাই 1859 চনত ‘অসমীয়া ভাষাৰ ব্যাকৰণ’ ৰচনা কৰিছিল।

(4) ‘বহল ব্যাকৰণৰ’ ৰচক কোন?

উত্তৰ: সত্যনাথ বৰা।

(5) ‘Assamese: Its Formation and Development’ (অসমীয়া ভাষাৰ গঠন আৰু

বিকাশ)ৰ ৰচক কোন?

উত্তৰ: ড° বাণীকান্ত কাকতি।

সমাস

পৰস্পৰ অৰ্থৰ সম্বন্ধ থকা দুটা বা ততোধিক পদৰ মাজত থকা বিভক্তি আদি লোপ পাই এটা পদ হোৱাকে সমাস বুলি কোৱা হয়। সমাস মুঠতে ছবিধ। সেইবোৰ তলত আলোচনা কৰা হ’ল।

(ক) দ্বন্দ্ব সমাস:

দুটা বা ততোধিক বিশেষ্য শব্দ বা বিশেষণ শব্দৰ মাজৰ সংযোজক অব্যয় শব্দ লোপ কৰি যি সমাস পোৱা যায়, তাকেই দ্বন্দ্ব সমাস বোলে।

১। ইতৰেতৰ দ্বন্দ্ব: আই আৰু বোপাই → আইবোপাই।

২। সমাহাৰ দ্বন্দ্ব: কাঁহী, বাটী, লোটা, কলহ, চৰিয়া আদি কাঁহীবাটী।

৩। একশেষ দ্বন্দ্বঃ ৰাম, হৰি, যদু, মধু ৰামহঁত।

(খ) দ্বিগু সমাসঃ

দুই বা ততোধিক সংখ্যাবাচক শব্দৰ লগত অন্য পদৰ সমষ্টি বা সমাহাৰ হৈ যি সমাস সৃষ্টি হয়, তাক দ্বিগু সমাস বোলে। যেনে- সাত দিন ব্যাপি যি বিহু সাতবিহু তিনি ফলৰ সমাহাৰ ত্রিফলা

(গ) বহুব্রীহি সমাসঃ

যি সমাসত সমস্তপদে ব্যস্ত পদসমূহৰ বুৎপত্তিগত অর্থ নুবুজাই আন বিশেষ অর্থহে বুজায় তাক বহুব্রীহি সমাস বোলে।

ব্যস্ত পদ = বীণা আছে পাণিত যাৰ

সমস্ত পদ = বীণাপাণি (সৰস্বতী)

বহুব্রীহি সমাস তিনি প্রকাৰৰ-

১। কর্মধাৰয় বজ্ৰীহি বা সমানাধিকৰণ বজ্ৰীহি:

পীত অম্বৰ পিন্ধে যিয়ে পীতাম্বৰ (শ্রীকৃষ্ণ)।

চেকীয়া পাতৰ দৰে আঁচ আছে যাৰ→ ঢেকীয়াপতীয়া।

২। ব্যধিকৰণ বহুব্রীহি বা তৎপুৰুষ বজ্রীহিঃ

বনত যি ভোজ হয় বনভোজ।

চক্ৰ আছে পাণিত যাৰ চক্রপাণি (বিষ্ণু)।

৩। ব্যতিহাৰ বস্ত্ৰীহিঃ

পৰস্পৰে হাতে হাতে যি যুদ্ধ কৰে হতাহতি।

(ঘ) কর্মধাৰয় সমাস:

যি সমাসত ব্যস্তপদবোৰ বিশেষ্য আৰু বিশেষণৰূপে যোগ হয়, সেই সমাসৰ নাম কর্মধাৰয় সমাস। যেনে-

মৰু যি ভূমি মৰুভূমি

পদ্মৰ নিচিনা চকু পদ্মলোচন

বিদ্যা সাগৰৰ তুল্য বিদ্যাসাগৰ

বজ্ৰৰ নিচিনা কঠোৰ বজ্রকঠোৰ

(ঙ) তৎপুৰুষ সমাস

যি সমাসত দুটা ব্যস্তপদৰ প্ৰথমটোত প্রথমাক বাদ দি অন্য শব্দ বিভক্তি থাকে আৰু এই বিভক্তি লোপ পাই সমাস হয়, তাক তৎপুৰুষ সমাস বোলে।

বিভক্তি অনুসৰি তৎপুৰুষ সমাস ছবিধ।

১। দ্বিতীয়া তৎপুৰুষ:

গাক মোছা গামোছা।

মাতৃক পূজা মাতৃপূজা।

২। তৃতীয়া তৎপুৰুষ:

অগ্নিৰে গড় অগ্নিগড়।

মোহৰদ্বাৰা অন্ধ মোহান্ধ।

৩। চতুর্থী তৎপুৰুষ:

মাতৃলৈ ভক্তি মাতৃভক্তি।

৪। পঞ্চমী তৎপুৰুষ:

পদৰ পৰা চ্যুত পদচ্যুত।

৫। যষ্ঠী তৎপুৰুষ:

ভিক্ষাৰ অভাৱ দুর্ভিক্ষ।

৬। সপ্তমী তৎপুৰুষ :

ধ্যাণত মগ্ন ধ্যাণমগ্ন।

বনত বাস বনবাস।

(চ) অব্যয়ীভাব সমাস

অব্যয় শব্দৰ আগত বহি সামীপ্য, অভাৱ, পর্যন্ত, সদৃশ, যোগ্যতা আদি অর্থ প্রকাশ কৰিলে যি সমাস হয়, তাকেই অব্যয়ীভাৱ সমাস বোলে।

যেনে-

জীৱন পর্যন্ত আজীৱন।

আমিষৰ অভাৱ নিৰামিষ।

আইনৰ অভাৱ বেআইন।

সন্ধি

সন্ধি হৈছে দুই বৰ্ণৰ মিলনৰ ফলত হোৱা ধ্বনিৰ মিলন, লোপ বা পৰিৱৰ্তন। ওচৰা-উচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ আৰু দ্বিতীয়টোৰ আদি বৰ্ণৰ মিলনৰ ফলত ধ্বণি আৰু বৰ্ণৰ পৰিৱৰ্তনেই হৈছে সন্ধি।

সন্ধি তিনিবিধ। সেইবোৰ হ’ল-

১। স্বৰ সন্ধি : স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ সংযোগ।

যেনেঃ খা + অন = খাৱন

নাও + অৰীয়া = নাৱৰীয়া

নৰ + ঈশ = নৰেশ

২। ব্যঞ্জন সন্ধি: ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জনবর্ণ বা ব্যঞ্জনবৰ্ণৰ লগত স্বৰবৰ্ণৰ সংযোগ।

যেনে: এক + খন = এখন

ডাক + ঘৰ = ডাকঘৰ

উৎ + জ্বল = উজ্জ্বল

৩। বিসর্গ সন্ধি: প্রথম পদৰ শেষৰ বিসৰ্গ (ঃ) লোপ পায় আৰু ধ্বণিৰ পৰিৱৰ্তন হৈ বিসর্গ সন্ধি হয়।

যেনে: ততঃ + অধিক = ততোধিক

দুঃ + অৱস্থা = দুৰৱস্থা

তপঃ + বন = তপোবন

ণত্ব বিধি আৰু ষত্ন বিধি

১। পৰায়ন = উত্তৰ, দক্ষিণ, চান্দ্ৰ, পৰা, নাৰ, ৰাম আদি শব্দৰ পাছত থকা অয়ন শব্দৰ দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।

২। দুষ্ট = ট বৰ্গৰ লগত যুক্ত দন্ত্য স মূর্দ্ধন্য ষ হয়।

৩। কর্ণ = একেটা পদতে থকা ঋ, ৰ আৰু য ৰ পাছত থকা দন্ত্য ন মূর্দ্ধন্য ণ হয়।

৪। কৰুণ = একেটা পদতে থকা ঋ, ৰ, য আৰু নৰ মাজত স্বৰবৰ্ণ, ক-বৰ্গ বা প-বৰ্গৰ কোনো বৰ্ণ বা য, ব, হ ব্যৱধান থাকিলেও দন্ত্য ন মূর্দ্ধন্য ণ হয়।

৫। শোণিত = কিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ণ হয়।

৬। কৃষি = অ আ ভিন্ন অন্য স্বৰবৰ্ণ বাকবাৰ ৰ পাছত থকা প্রত্যয়ৰ স য হয়।

১। কৃৎ প্রত্যয়: 

ক্ৰিয়াৰ মূল বা ধাতুৰ লগত যিবোৰ প্রত্যয় যোগ কৰি নতুন শব্দ গঠন কৰা হয়, সেয়াই কৃৎ প্রত্যয়। যেনে-

চাল অক চালক

জিৰা + অনি = জিৰণি

পঢ় + ওঁতা = পঢ়োঁতা

২। স্ত্রী প্রত্যয়:

স্ত্রী লিংগ বুজাবলৈ ব্যৱহাৰ কৰা হয়। যেনে-

কলিতা + অনী = কলিতানী

শিয়াল + ঈ = শিয়ালী

ধোবা + অনী = ধুবুনী

খণ্ডবাক্য আৰু জতুৱা ঠাঁছ

মন পা (মনৰ কথা বুজা): মানুহৰ মন পাবলৈ কঠিন।

কাণ কটা (নিলাজ): কাণ কটা মানুহৰ সংগৰ পৰা পক্ষত আঁতৰি থাকিব লাগে।

যক্ষৰ ধন (কৃপনৰ ধন): যক্ষৰ ধনেৰে সমাজৰ একো উন্নতি নহয়।

পাৱত গজা (অস্বাভাৱিক): পাৱত গজা নেতাসকলৰ পৰা উন্নতি আশা কৰা মিছা।

জয়ঢোল কোবোৱা (নিজৰ গুণ নিজে গোৱা) : জ্ঞানী লোকে কেতিয়াও জয়ঢোল কোবাই নুফুৰে।

হুৱা দুৱা (হাহাকাৰ): দেউতাকৰ মৃত্যুৰ খবৰ পাই

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top
🎓 My Class

My Subjects