SCERT Class 2 Assamese Chapter 10 Answer 2026 | উৎসৱ আৰু উদ্ যাপন | Chapter 10 | Class 2 Assamese Book Question Answer SCERT | উৎসৱ আৰু উদ্ যাপন Chapter 10 Question Answer Solution For Assam |

Chapter 10

উৎসৱ আৰু উদ্ যাপন

মনালীৰ নৃত্য

(ক) মানুহবোৰ জাক পাতি ক’লৈ আহিছিল?
উত্তৰ: 
মানুহবোৰ জাক পাতি বিষ্ণু ৰাভা দিৱসৰ অনুষ্ঠান চাবলৈ আহিছিল।

(খ) মনালীক নাচিবলৈ কোনে শিকাইছিল?
উত্তৰ: 
মনালীক নাচিবলৈ নবীন খুৰাই শিকাইছিল।

(গ) মনালীয়ে কোনটো গীতত নৃত্য কৰিছিল?
উত্তৰ:
 মনালীয়ে “টিলাই টিলাই ঘূৰি ফুৰে…” গীতটোত নৃত্য কৰিছিল।

(ক) মনালীহঁতৰ গাঁৱত কি দিৱস পাতিছিল?
উত্তৰ:
 মনালীহঁতৰ গাঁৱত বিষ্ণু ৰাভা দিৱস পাতিছিল।

(খ) নবীন খুৰাই মনালীক কি শিকাইছিল?
উত্তৰ: 
নবীন খুৰাই মনালীক ৰাভাদেৱৰ গীতত নৃত্য শিকাইছিল।

(গ) মনালীৰ কেতিয়া সাহস ঘূৰি আহিল?
উত্তৰ: 
মনালীয়ে নবীন খুৰাক মঞ্চৰ আগত নাচিবলৈ দেখা পাওতেই তাইৰ সাহস ঘূৰি আহিল।

(১) মনালীয়ে প্ৰথমবাৰৰ বাবে কি কৰিবলৈ ভাবিলে?
উত্তৰ: মনালীয়ে প্ৰথমবাৰৰ বাবে এটা নৃত্য পৰিৱেশন কৰিবলৈ ভাবিলে।

(২) মনালীৰ নৃত্য শিকাৰ ব্যৱস্থা কোনে কৰিলে?
উত্তৰ: মনালীৰ মাকে নবীন খুৰাৰ ওচৰলৈ লৈ গৈ নাচ শিকাৰ ব্যৱস্থা কৰিলে।

(৩) বিষ্ণু ৰাভা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: বিষ্ণু ৰাভা দিৱস প্ৰতিবছৰে ২০ জুন তাৰিখে পালন কৰা হয়।

(৪) মনালী নাচি থাকোতে হঠাৎ কিয় ৰৈ গ’ল?
উত্তৰ: মনালী নাচি থাকোতে হঠাৎ নাচৰ ভংগিমা পাহৰি গ’ল আৰু লাজে-ভয়ে ৰৈ গ’ল।

(৫) নবীন খুৰাৰ কি সহায়ত মনালীৰ সাহস ঘূৰি আহিল?
উত্তৰ: নবীন খুৰাই গীতৰ তালে-তালে নাচি মনালীক সাহস দিলে, আৰু মনালীয়ে পুনৰ নাচ কৰিবলৈ সক্ষম হ’ল।

(৬) গাঁৱৰ ৰাইজে মনালীৰ নৃত্য কেনেকৈ গ্ৰহণ কৰিলে?
উত্তৰ: গাঁৱৰ ৰাইজে মনালীৰ লগতে নবীন খুৰাৰ নৃত্যো উপভোগ কৰিলে আৰু জাউবিয়ে জাউৰিয়ে হাত-চাপৰি বজালে।

আমাৰ ৰবীন মামা

ক) গাঁৱৰ সংঘটোত কোনে চিত্রপ্রদর্শনী পাতিছিল?
উত্তৰ: গাঁৱৰ সংঘটোত চিত্রপ্ৰদর্শনী ৰবীন মামাই পাতিছিল।

খ) তোমালোকৰ গাঁৱত সংঘ আছেনে?
উত্তৰ: হয়, আমাৰ গাঁৱতো এটা সংঘ আছে।

গ) সংঘত তোমালোকে কি কি কথা?
উত্তৰ: সংঘত আমি খেল-ধেমালি কৰো, পাঠ্যক্ৰমিক অনুষ্ঠান পাতো আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী উদযাপন কৰো।

ঘ) মামাই সংঘটো কেনেকৈ সজাইছিল?
উত্তৰ: মামাই সংঘৰ পদুলিমুখত কলপুলি পুতি ৰঙীন কাগজৰ মালা লগাইছিল।

ঙ) মামাই তেওঁলোকক ইংগিতেৰে কি কৈছিল?
উত্তৰ: মামাই ইংগিতে তেওঁলোকক ছবিবোৰ সাৱধানে খুলি বেৰত আঁৰিবলৈ কৈছিল।

অতিৰিক্ত প্ৰশ্ন উত্তৰ

প্ৰশ্ন ১: ৰবীন মামা কোন?
উত্তৰ: ৰবীন মামা এজন বঁটাপ্রাপ্ত শিল্পী। তেওঁ গাঁৱৰ সংঘটোত এখন চিত্র প্রদর্শনী পাতিছে আৰু গাঁৱত তেওঁৰ এখন চিত্রকলাৰ বিদ্যালয় আছে।

প্ৰশ্ন ২: ৰবীন মামাই কথা ক’ব নোৱাৰে আৰু নুশুনেও — তেন্তে তেওঁ কেনেকৈ শিশুসকলক ছবি আঁকিবলৈ শিকায়?
উত্তৰ: যদিও মামাই কথা ক’ব নোৱাৰে আৰু নুশুনেও, তেওঁ ইংগিতৰে সকলো বুজায় আৰু বৰ যত্নেৰে শিশুসকলক ছবি আঁকিবলৈ শিকায়।

প্ৰশ্ন ৩: শিশুসকলে ৰবীন মামাক কিয় মৰম আৰু শ্রদ্ধা কৰে?
উত্তৰ:
 শিশুসকলক মামাই মৰমেৰে ছবি আঁকিবলৈ শিকায় আৰু তেওঁ বৰ যত্নেৰে শিকাই, সেয়ে শিশুসকলে মামাক মৰম আৰু শ্রদ্ধা কৰে।

প্ৰশ্ন ৪: সংঘটো কেনেকৈ সজোৱা হৈছিল?
উত্তৰ: 
সংঘৰ পদুলিমুখত কলপুলি পুতি ৰঙীন কাগজৰ মালা লগাই সজোৱা হৈছিল।

প্ৰশ্ন ৫: মামাৰ পুৰস্কাৰ পোৱা ছবিসমূহ কোনে আনিছিল আৰু কেনেকৈ সজোৱা হৈছিল?
উত্তৰ: 
প্রদীপ দাদাই ছবিসমূহ গাড়ীত তুলি সংঘলৈ আনিছিল। পিছত আটাইয়ে ছবিবোৰ সাৱধানে খুলি বেৰত টাঙিবলৈ সহায় কৰিছিল। মামাই ইংগিতৰে এই কথা বুজাই দিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top