Might Learn Logo Might Learn

SCERT Class 2 Assamese Chapter 10 (part 1)Answer 2026 | Class 2 Assamese Book Question Answer SCERT | Chapter 10 (part 1)Question Answer Solution For Assam |

 Chapter 10(part 1)

মনালীৰ নৃত্য

(ক) মানুহবোৰ জাক পাতি ক’লৈ আহিছিল?
উত্তৰ: 
মানুহবোৰ জাক পাতি বিষ্ণু ৰাভা দিৱসৰ অনুষ্ঠান চাবলৈ আহিছিল।

(খ) মনালীক নাচিবলৈ কোনে শিকাইছিল?
উত্তৰ: 
মনালীক নাচিবলৈ নবীন খুৰাই শিকাইছিল।

(গ) মনালীয়ে কোনটো গীতত নৃত্য কৰিছিল?
উত্তৰ:
 মনালীয়ে “টিলাই টিলাই ঘূৰি ফুৰে…” গীতটোত নৃত্য কৰিছিল।

(ক) মনালীহঁতৰ গাঁৱত কি দিৱস পাতিছিল?
উত্তৰ:
 মনালীহঁতৰ গাঁৱত বিষ্ণু ৰাভা দিৱস পাতিছিল।

(খ) নবীন খুৰাই মনালীক কি শিকাইছিল?
উত্তৰ: 
নবীন খুৰাই মনালীক ৰাভাদেৱৰ গীতত নৃত্য শিকাইছিল।

(গ) মনালীৰ কেতিয়া সাহস ঘূৰি আহিল?
উত্তৰ: 
মনালীয়ে নবীন খুৰাক মঞ্চৰ আগত নাচিবলৈ দেখা পাওতেই তাইৰ সাহস ঘূৰি আহিল।

(১) মনালীয়ে প্ৰথমবাৰৰ বাবে কি কৰিবলৈ ভাবিলে?
উত্তৰ: মনালীয়ে প্ৰথমবাৰৰ বাবে এটা নৃত্য পৰিৱেশন কৰিবলৈ ভাবিলে।

(২) মনালীৰ নৃত্য শিকাৰ ব্যৱস্থা কোনে কৰিলে?
উত্তৰ: মনালীৰ মাকে নবীন খুৰাৰ ওচৰলৈ লৈ গৈ নাচ শিকাৰ ব্যৱস্থা কৰিলে।

(৩) বিষ্ণু ৰাভা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: বিষ্ণু ৰাভা দিৱস প্ৰতিবছৰে ২০ জুন তাৰিখে পালন কৰা হয়।

(৪) মনালী নাচি থাকোতে হঠাৎ কিয় ৰৈ গ’ল?
উত্তৰ: মনালী নাচি থাকোতে হঠাৎ নাচৰ ভংগিমা পাহৰি গ’ল আৰু লাজে-ভয়ে ৰৈ গ’ল।

(৫) নবীন খুৰাৰ কি সহায়ত মনালীৰ সাহস ঘূৰি আহিল?
উত্তৰ: নবীন খুৰাই গীতৰ তালে-তালে নাচি মনালীক সাহস দিলে, আৰু মনালীয়ে পুনৰ নাচ কৰিবলৈ সক্ষম হ’ল।

(৬) গাঁৱৰ ৰাইজে মনালীৰ নৃত্য কেনেকৈ গ্ৰহণ কৰিলে?
উত্তৰ: গাঁৱৰ ৰাইজে মনালীৰ লগতে নবীন খুৰাৰ নৃত্যো উপভোগ কৰিলে আৰু জাউবিয়ে জাউৰিয়ে হাত-চাপৰি বজালে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects