Might Learn Logo Might Learn

SCERT Class 2 Assamese Chapter 3 (part 1) Answer 2026 | Class 2 Assamese Book Question Answer SCERT | Chapter 3 (part 1) Question Answer Solution For Assam

 Chapter 3 (part 1) –

পখিলা

১) কোৱা আৰু লিখা

পখিলাৰ উপৰি আৰু কি কি পতংগ ফুলত পৰে?

উত্তৰঃ মৌ-মাখি, ভোমোৰা, মৌ-পিয়া।

২) পখিলা উৰে,  চৰাই উৰে আৰু কি কি প্ৰাণী উৰিব পাৰে।

উত্তৰঃ মৌ-মাখি, ভোমোৰা, মৌ-পিয়া আদি এনে অনেক প্ৰাণী উৰিব পাৰে।

৩) পখিলাটোৰ ছবিখনত ৰং বোলাওঁ আহা।

উত্তৰঃ এইটো তোমালোকে নিজে কৰিবা।

৪) গোন্ধ থকা আৰু গোন্ধ নথকা ফুলৰ নাম তালিকাত লিখা।

উত্তৰঃ       গোন্ধ থকা ফুল          গোন্ধ নথকা ফুলৰ 

                        গোলাপ ফুল          জৱা ফুল

                        তগৰ ফুল          কাগজ ফুল

                        শেৱালি ফুল                                     অশোক ফুল        

                        নাৰ্জী ফুল                                         মুচন্দা ফুল

৫) কি কি আখৰ যোগ হৈছে লিখা

ম্ৰ  ৰ্ব  ল্য়  ৰ্জ  ণ্য়  ৰ্শ  দ্য়  ঘ্ৰ  ক্য়

ম্ৰ 一 ম + ৰ            ৰ্ব  一  ৰ +ব        ল্য়  一  ল + য়

ৰ্জ  一  ৰ+ জ        ণ্য়  一  ণ+ য়       ৰ্শ  一 ৰ + শ

দ্য়  一  দ + য়        ঘ্ৰ  一  ঘ + ৰ         ক্য়  一  ক + য়

৬) শেষৰ ধ্বনি মিলাই শব্দ লিখা।

উৰি  一 ফুৰি, ধৰি, কৰি, মৰি।

কৰে  一 নকৰে, মৰে, লৰে, হাতেৰে।

ক’লে 一 নকলে, অকলে, পিছলে, ল’লে।

গাওঁ 一  মৰিগাওঁ, বঙাইগাওঁ, নগাওঁ, যাওঁ।

৭) কাষৰ পৰা যুক্তাক্ষৰ আনি অৰ্থপূৰ্ন শব্দ গঠন কৰা।

                                                                                            ৰ্ব  ৰ্ক   ৰ্য  দ্য়  ণ্য়  ত্য়  দ্ৰ  গ্ৰ ম্ৰ  শ্ৰ

উত্তৰঃ পৰ্বত        অৰণ্য়           

         তৰ্ক           ভদ্ৰ 

         সত্য়          গ্ৰহ

        পদ্য়           নম্ৰ

        সূৰ্য   আশ্ৰম

৮) বাকচৰ পৰা একে অৰ্থৰ শব্দ বিচাৰি লিখা।                

উত্তৰঃ বৰ্ষ  দৰ্জা  তৰ্জু  দুৰ্ভিক্ষ  সৰ্প সুৱৰ্ণ   ভ্ৰমৰ

            দুৱাৰ 一 দৰ্জা

             বছৰ一 বৰ্ষ

             তুলাচনী 一 তুলনা কৰা

              আকাল一 অভাৱ

              সাপ一 সৰ্প

              ভোমোৰা 一 ভ্ৰমৰ

              সোণ 一 সুৱৰ্ণ      

৯) ‘ৰ’ৰ সলনি ৰেফ যোগ কৰি তলৰ শব্দবোৰ লিখা

উত্তৰঃ হৰষ一 হৰ্ষ।

            বৰষ 一 বৰ্ষ ।

            গৰজন 一 গৰ্জন ।

            কৰম 一 কৰ্ম।

            ধৰম 一 ধৰ্ম।

            দুৰদিন 一 দুৰ্দিন।

           পৰবত 一 পৰ্বত ।

১০) বাকচত থকা ‘ৰ’ ৰ সলনি ~কাৰ বহুৱাই শব্দ পঢ়া আৰু লিখা।

উত্তৰঃ প + ৰ + ণা + ম = প্ৰণাম।

            হ + ৰ  + দ =  হ্ৰদ।

            প + ত + ৰ = পত্ৰ।

            ন + ম + ৰ = নম্ৰ।

            ভ + দ + ৰ = ভদ্ৰ।

            গ + ৰ + হ = গ্ৰহ।

            শ + ৰ + ম = শ্ৰম।

১১) গছজোপাত কি কি দেখিছা লিখা।

উত্তৰঃ এইটো তোমালোকে নিজে ছবিৰ সহায়ত লিখিবলৈ যত্ন কৰিবা।

১২) বাক্য় সাজা

পখিলা 一     পখিলা দেখিবলৈ ধুনীয়া।

বাগিচা一     বাগিচাখনত বহুত ৰঙৰ ফুল ফুলি আছে।

মৌ-মাখি 一 সৌ মৌ-মাখিটো ফুলত পৰিছে।

ভোমোৰা一 ভোমোৰাজাকে গুণ- গুণাই আছে।

ফুল一          ফুল বহুত ৰঙৰ পোৱা যায়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects