Chapter 5 (part 1)
আইতাৰ বৰপেৰা
কথা পাতোঁ আহা
প্ৰশ্ন ক) আইতাই গহনাবোৰ ক’ত ভৰাই ৰাখিছিল?
উত্তৰ: আইতাই গহনাবোৰ বৰপেৰাত ভৰাই ৰাখিছিল।
প্ৰশ্ন খ) সুলেখাইতে কি কি গহনা পিন্ধিছিল?
উত্তৰ: সুলেখাইতে জোনবিৰি আৰু ঢোলবিৰি পিন্ধিছিল।
প্ৰশ্ন গ) বৰপেৰাৰ পৰা আইতাকে কি কি কাপোৰ উলিয়াইছিল?
উত্তৰ: আইতাকে ৰিহা, মেখেলা, টঙালি, চুৰীয়া আৰু গামোচা উলিয়াইছিল।
প্ৰশ্ন ঘ) বিহুত নাচনীয়ে কিদৰে সাজোন-কাচোন কৰে?
উত্তৰ: বিহুত নাচনীয়ে ৰিহা-মেখেলা, গামোচা, জোনবিৰি, ঢোলবিৰি আদি পৰিধান কৰি সাজোন-কাচোন কৰে।
লিখোঁ আহা
প্ৰশ্ন ক) সুলেখাইতে কি কৰিবলৈ যাব?
উত্তৰ: সুলেখাইতে হুঁচৰি গাবলৈ যাব।
প্ৰশ্ন খ) আইতাকে কাপোৰ আৰু অলংকাৰ ক’ত ভৰাই থৈছিল?
উত্তৰ: আইতাকে কাপোৰ আৰু অলংকাৰ বৰপেৰাত ভৰাই থৈছিল।
প্ৰশ্ন গ) অমলে হুঁচৰি গাবলৈ যোৱাৰ আগতে ককাকে তাক কি কি দিছিল?
উত্তৰ: ককাকে অমলক চুৰীয়া, টঙালি আৰু বাঁহৰ টকা এটাও দিছিল।
প্ৰশ্ন ঘ) আইতাকে সুলেখাহঁতক কি কি পিন্ধাই দিছিল?
উত্তৰ: আইতাকে সুলেখাহঁতক ৰিহা-মেখেলা, জোনবিৰি আৰু ঢোলবিৰি পিন্ধাই দিছিল।
সাঁথৰ ভাঙো আহা
সাঁথৰ ১: শাহটো পেলাই বাকলিটো খায় সেইটোনো কি কোৱাচোন ভাই?
উত্তৰ: ঔটেঙা
সাঁথৰ ২: তিনিকোণীয়া মাজত খাল, ঘাৰত ধৰি মাৰিবলৈ ভাল। কি?
উত্তৰ: জাকৈ
সাঁথৰ ৩: এযোৰ পখী আছে। পিছে কোনেও কাকো নেদেখে। কি?
উত্তৰ: চকু
অতিৰিক্ত প্ৰশ্ন উত্তৰপ্ৰশ্ন ১: সুলেখা-দুবৰিহঁতে কিয় আইতাকৰ ওচৰলৈ গৈছিল?
উত্তৰ: বিহুৱা, নাচনী সাজিবলৈ কাপোৰ বিচাৰি সিহঁতে আইতাকৰ ওচৰলৈ গৈছিল।
প্ৰশ্ন ২: আইতাকে কাপোৰবোৰ ক’ত ৰাখিছিল?
উত্তৰ: আইতাকে কাপোৰবোৰ নিজৰ বৰপেৰাত ভৰাই ৰাখিছিল।
প্ৰশ্ন ৩: অমলে ঢোল ক’ৰ পৰা পালে?
উত্তৰ: অমলে ককাকৰ পুৰণি ঢোলটো বেৰৰ পৰা নমাই কান্ধত আঁৰি লৈছিল।
প্ৰশ্ন ৪: অমলৰ ঢোলটোত কি হৈছিল?
উত্তৰ: কেইঘৰমানত বিহু মৰাৰ পিছতে অমলৰ ঢোলটো ফাটি গৈছিল।
প্ৰশ্ন ৫: শেষত সিহঁতে ক’ত বিহু উৰুৱালে?
উত্তৰ: শেষত সিহঁতে নৈ কাষৰ শিমলু জোপাৰ তলত বিহু উৰুৱালে।
প্ৰশ্ন ৬: ঢোল ফাটি যোৱাৰ পাছত সিহঁতে কি কৰিলে?
উত্তৰ: ঢোল নথকাটো মনত নৰি, সিহঁতে টকা বজায়ে বিহু নাচিলে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post