SCERT Class 2 Assamese Chapter 6 Answer 2026 | বজাৰ | Chapter 6 | Class 2 Assamese book Question Answer SCERT । বজাৰ Chapter 6 Question Answer solution for Assam।

Chapter 6

বজাৰ 

শনিবৰীয়া বজাৰ

ক) ওপৰৰ ছবিখনত কি কি গছ দেখিছা কোৱা?
উত্তৰ: ছবিখনত কলগছ, নিমগছ, আৰু দুমোহা গছ দেখা গৈছে।

খ) ছবিখনত ল’ৰা-ছোৱালীবোৰে কি কৰিছে?
উত্তৰ: ছবিখনত ল’ৰা-ছোৱালীবোৰে বজাৰত বিভিন্ন বস্তু বিক্ৰী আৰু ক্ৰয় কৰিছে।

গ) বজাৰখনত কোনে বস্তু বিক্ৰী কৰিছে?
উত্তৰ: বজাৰখনত বিদ্যালয়ৰ ল’ৰা-ছোৱালীবোৰে আৰু শিক্ষক-শিক্ষিকাই বস্তু বিক্ৰী কৰিছে।

ঘ) বজাৰত কি কি বস্তু ওলাইছে?
উত্তৰ: বজাৰত নেমু, পাণ, কৰদৈ, তামোল, শাক-পাচলি, ফল-মূল আদিৰে ভৰা দেখা গৈছে।

ঙ) বজাৰখন ক’ত বহিছে?
উত্তৰ: বজাৰখন মেৰীহঁতৰ বিদ্যালয়ৰ চৌহদত বহিছে।

পঢ়ো আহা — উত্তৰ লিখো আহা

শুদ্ধ চিন দিওঁ আহা (✔):
মেৰীয়ে ১০ টা… আনিছিল। (✔ কৰদৈ)

লিখোঁ আহা
ক) মেৰীহঁতৰ বিদ্যালয়ত আজি কি বহিছে?
উত্তৰ: মেৰীহঁতৰ বিদ্যালয়ত আজি শনিবৰীয়া বজাৰ বহিছে।

খ) মেৰীয়ে কি কি বেচিছে?
উত্তৰ: মেৰীয়ে নেমু, পাণ, আৰু কৰদৈ বেচিছে।

গ) মেৰীয়ে কি কি বস্তু বেচিলে আৰু মুঠ কিমান টকা পালে?
উত্তৰ: মেৰীয়ে ১০ টা নেমু ৫ টকাকৈ বিক্ৰী কৰি ৫০ টকা, ২ গুচি পাণ বিক্ৰী কৰি ৫ টকা, আৰু ৫ টা কৰদৈ বিক্ৰী কৰি ১৫ টকা পালে। সেয়া মুঠ ৫০ + ৫ + ১৫ = ৭০ টকা পালে।

ঘ) বজাৰত কি কৰা হয়?
উত্তৰ: বজাৰত বিভিন্ন বস্তু কিনা-বেচা কৰা হয়।

শুনো আৰু কওঁ আহা — যুক্তাক্ষৰ
যুক্তাক্ষৰযুক্ত শব্দবোৰ:
কক্স — ক + স্
ৰুক্মিনী — ক্ + ম
যুগ্ম — গ্ + ম
অযুগ্ম — গ্ + ম
আত্মা — ত্ + ম
মহাত্মা — ত্ + ম
পদ্ম — দ্ + ম
ছদ্ম — দ্ + ম
চম্পা — ম্ + প
চম্পাৱতী — ম্ + প

জানো আহা — যুক্তাক্ষৰ বিশ্লেষণ
অম্বৰ — ম্ + ব
নীলাম্বৰ — ম্ + ব
দ+ম — দ্ + ম
ম+বস্ব — ম্ + ব
গ+মগ্ম — গ্ + ম
ম+ভস্ত — ভ্ + স্ + ত
ৰম্ভা — ম্ + ভ
সম্ভাৰ — ম্ + ভ
ত+মত্ম — ত্ + ম
ম+পস্প — ম্ + প
ক+মক্স — ক্ + স্
ম+লম — ল্ + ম
অম্ল — ম্ + ল
অম্লান — ম্ + ল

কওঁ আৰু লিখোঁ আহা
যুক্তাক্ষৰৰ সহায়ত শব্দ গঠন:
পদ্ম → দ্ম
যুগ্ম → গ্ম
আত্মা → ত্ম
মহা → মহাত্মা
কুসুম্বৰ → ম্বৰ
সম্ভাৰ → ভাৰ
সম্পদ → ম্প
ভূমিক → মিক

 পঢ়ো আহা — তথ্য ভিত্তিক উত্তৰ
ক) মহাত্মা গান্ধীক বাপুজী বুলিও জনা যায়।
খ) শংকৰদেৱৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা।
গ) তুলসী গুল্মজাতীয় গছ।
ঘ) যুগ্ম মানে যোৰ।

পুতলা কিনিবা কোনে

শুদ্ধ উত্তৰত (√) চিন দিওঁ আহা:
ক) মিতালী, অনু আৰু অংকুৰ ক’লৈ গৈছিল?
উত্তৰ: বজাৰলৈ (√)

খ) মিতালীৰ কি খাবলৈ মন গৈছিল?
উত্তৰজিলাপি (√)

গ) পুতলাবোৰৰ ভিতৰত পইচা জমা কৰিবলৈ কোনে কৈছিল?
উত্তৰ: অংকুৰে (√)

লিখোঁ আহা

ক) তোমালোকে খুচুৰা পইচা ক’ত জমা কৰা?
উত্তৰ: মই খুচুৰা পইচা মাটিৰ পুতলাৰ ভিতৰত জমা কৰোঁ।

খ) জমা কৰা পইচাৰে তুমি কি কি কৰিবা?
উত্তৰ: জমা কৰা পইচাৰে মই সাধুকথাৰ কিতাপ আৰু পুতলা কিনিম।

সঠিক ঠাইত যতি চিহ্ন বহুৱাওঁ আহা:

বাক্য: আজি বজাৰৰ দিন, মিতালী, অনু আৰু অংকুৰ বজাৰলৈ আহিছে। তুমি বজাৰলৈ যাবানে?

লিখা — পাঠ “দেউতাক বজাৰলৈ গৈছিল” অনুসৰি

ক) কাৰ দেউতাক বজাৰলৈ গৈছিল?
উত্তৰ: ৰুক্মিণীৰ দেউতাক বজাৰলৈ গৈছিল।

খ) দেউতাকে বজাৰৰ পৰা ৰুক্মিণীৰ বাবে কি আনিছিল?
উত্তৰ: দেউতাকে ৰুক্মিণীৰ বাবে স্কুলবেগ আনিছিল।

গ) দেউতাক বজাৰৰ পৰা কিদৰে আহিছিল?
উত্তৰ: দেউতাক দুটা মোনা লৈ কেঁকো-ছেঁকোবৈ আহি আছিল।

ঘ) ৰুক্মিণীয়ে দেউতাকক কিয় চুমা যাঁচিছিল?
উত্তৰ: ৰুক্মিণীয়ে দেউতাকক চুমা যাঁচিছিল কাৰণ দেউতাকে তাইৰ বাবে স্কুলবেগ আনিছিল আৰু তাই খুব খুশি হৈছিল।

ছবিৰ সৈতে সংগতি থকা বাক্য:
হিয়া মেলা চাবলৈ গ’ল।
প্রথমতে তাই জিলাপি খালে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top