SCERT Class 2 Assamese Chapter 8 Answer 2026 | ঋতু | Chapter 8 | Class 2 Assamese Book Question Answer SCERT | ঋতু Chapter 8 Question Answer Solution For Assam |

Chapter 8

ঋতু 

ঋতু আহে ঋতু যায়

ক) শীতকালত তুমি কি কি কাপোৰ পিন্ধা?
উত্তৰ: মাফলা, মোজা, টুপী, জেকেট, হাত মোজা, কম্বল, চাদৰ আদিকে পিন্ধো।

খ) জাৰ লাগিলে তুমি কি কৰা?
উত্তৰ: জাৰ লাগিলে গৰম কাপোৰ পিন্ধো আৰু জুই পুৰাও।

গ) শীতকালত তুমি কি কৰা?
উত্তৰ: শীতকালত বেছি ঠাণ্ডা হয়, সেয়ে গৰম কাপোৰ পিন্ধো, জুই পুৰাও আৰু কম্বল জাপি থাকো।

ঠাণ্ডা দিনৰ লগত জড়িত বস্তুবোৰৰ নামবোৰ বাকচৰ পৰা বিচাৰি লিখোঁ আহা:
উত্তৰ:
মোজা
কম্বল
জেকেট
মাফলাৰ
হাত-মোজা
টুপী

ছবিৰ সৈতে লগ থকা ঋতুৰ নাম লিখোঁ আহা:
প্ৰথম ছবি — শীতকাল
দ্বিতীয় ছবি — গ্ৰীষ্মকাল
তৃতীয় ছবি — গ্ৰীষ্মকাল
চতুৰ্থ ছবি — শীতকাল

পাঠঃ ১ – ঋতু আহে ঋতু যায়
বাৰ মাহৰ নামবোৰ ঠিক মতে শাৰী বদ্ধকৈ লিখা:
১. ব’হাগ
২. জেঠ
৩. আহাৰ
৪. শাওন
৫. ভাদ
৬. আহিন
৭. কাতি
৮. আঘোন
৯. পুহ
১০. মাঘ
১১. ফাগুন
১২. চ’ত

‘চ্ছ’ যুক্ত শব্দৰ তলত আঁচ টানো আহা:
তুচ্ছ
ইচ্ছা
উচ্ছেদ
বিচ্ছেদ

আঁচ টানিবলৈ শব্দ:
তুচ্ছ, সদিচ্ছা, নিৰৱচ্ছিন্ন, আচ্ছাদন, অবিচ্ছেদ্য, পৰিচ্ছন্ন

শুভেচ্ছাপত্ৰ:
মৰমৰ অনিল,
আশা কৰোঁ, ভালে আছা।
তোমাৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ।
মৰমেৰে,
ইতি – তোমাৰ বন্ধু

ওলট-পালটকৈ থকা আখৰবোৰ মিলাই অর্থপূর্ণ শব্দ:
চ্ছাই – ইচ্ছা
দচ্ছেবি – বিচ্ছেদ
দিচ্ছাস – সদিচ্ছা
ভেশুচ্ছা – শুভেচ্ছা
চ্ছেউদ – উচ্ছেদ

কণল’ৰা আৰু হাতী

ক) কণল’ৰা কিয় হাবিলৈ গৈছিল?

উত্তৰ: কণল’ৰা খৰি লুৰিবলৈ হাবিলৈ গৈছিল।

খ) হাতীটো আহি থকা দেখি কণল’ৰাই কি কৰিছিল?
উত্তৰ: হাতীটো আহি থকা দেখি কণল’ৰাই ভয়তে খৰিমুঠা পেলাই দৌৰি পালালে।

গ) কণল’ৰাই হাতীটোৰ ভৰিৰ পৰা কি উলিয়াই আনিছিল?
উত্তৰ: কণল’ৰাই হাতীটোৰ ভৰিৰ পৰা কেঁটেলা পহুৰ কাঁইটডাল উলিয়াই আনিছিল।

ঘ) কণল’ৰাৰ ঠাইত তুমি হোৱা হ’লে কি কৰিলাহেঁতেন?
উত্তৰ: কণল’ৰাৰ ঠাইত মই হোৱা হ’লে সাহসেৰে হাতীটোৰ সহায় কৰিলোঁহেঁতেন আৰু তাৰ ভৰিৰ কাঁইট উলিয়াই দিম।

লিখোঁ আহা—
ক) খৰিমুঠা পেলাই কণল’ৰা কিয় দৌৰিছিল?
উত্তৰ: হাতীটো দেখি ভয়তে কণল’ৰাই খৰিমুঠা পেলাই দৌৰিছিল।

খ) ভৰিৰ বিষৰ পৰা সকাহ পোৱাৰ পিছত হাতীটোৱে কি কৰিলে?
উত্তৰ: ভৰিৰ বিষৰ পৰা সকাহ পোৱাৰ পিছত হাতীটোৱে আনন্দতে কণল’ৰাক পিঠিত তুলি ল’লে।

নিজৰ ধৰণে কোৱা আৰু লিখা—

কৰৱীহঁতৰ বিদ্যালয়ত আজিৰ পৰা ছমাহীয়া পৰীক্ষা আৰম্ভ হৈছে। মাণিক বৰুৱা ছাৰে শ্ৰেণীকোঠাত প্রশ্নকাকত বিতৰণ কৰিলে। কৰৱীয়ে পেঞ্চিলৰ বাকচটো আনিবলৈ পাহৰিলে। এতিয়া বাৰু তাই কি কৰিব?

উত্তৰ:কৰৱীয়ে পেঞ্চিলৰ বাকচটো আনিবলৈ পাহৰিছিল। তাই অলপ ভয় পালে কিন্তু তাৰ পাছতে সহপাঠীৰ ওচৰ গৈ তেখেতৰ পৰা এটা পেঞ্চিল ধাৰ ল’লে। সহপাঠীজনে সহায় কৰিলে। তাৰ পিছত কৰৱীয়ে মনোযোগেৰে উত্তৰ লিখিলে আৰু পৰীক্ষাত অংশ গ্ৰহণ কৰিলে।         

বৰষুণৰ বতৰ

উত্তৰ লিখোঁ আহা—

ক) পাতলেঙে কিহেৰে পেঁপা সাজিছিল?
উত্তৰ: পাতলেঙে গছৰ পাতেৰে পেঁপা সাজিছিল।

খ) পেঁপাৰ মাত শুনি কোনে কোনে কঁকাল ভাঙি নাচিছিল?
উত্তৰ: পেঁপাৰ মাত শুনি কারৈ, পুঠি, খলিহনা মাছবোৰে কঁকাল ভাঙি নাচিছিল।

গ) মাছবোৰৰ আনন্দ দেখি কোন সিহঁতৰ ওচৰ চাপি আহিছিল?
উত্তৰ: মাছবোৰৰ আনন্দ দেখি জিঞাবোৰ সিহঁতৰ ওচৰ চাপি আহিছিল।

ঘ) ভেকুলীয়ে কিয় আনন্দত টোৰ্টোৰাইছিল?
উত্তৰ: ভেকুলীয়ে ন-পানী পাই আনন্দত টোৰ্টোৰাইছিল।

ঙ) জিঞাবোৰে কিয় দুখ প্ৰকাশ কৰিছিল?
উত্তৰ: জিঞাবোৰে পানীত সাঁতুৰিব নোৱাৰা বাবে দুখ প্ৰকাশ কৰিছিল।

জানো আহা (অর্থ):

আলসুৱা: সহজে ভগা
উলাহ: আনন্দ
লাহী: ধীৰে ধীৰে
আনন্দ: খুশি
সখী: বন্ধু/বান্ধবী
ঠুনুকা: সহজে ভগা

লাগে ভাগে গাওঁ আহা—

আমাৰ চাৰি-দিশ
পুৱাতেই শুই উঠি বেলিটিলৈ চাই।
দুই হাত মেলি দিলে চাৰিদিশ পায়।।
বেলি উঠে পূব দিশে পিঠিলৈ পশ্চিম।
বাঁওহাতে উত্তৰ দিশ সোঁহাতে দক্ষিণ।।

ওলট-পালটকৈ থকা আখৰবোৰৰ শুদ্ধ শব্দ:
মশ্চিপ → পশ্চিম
ত্যশ্চাপা → পাছতকৈ
শুনিয় → শুনি
র্যশ্চআ → আশ্চৰ্য
তশ্চিনি → নিশ্চিত

 উত্তৰ লিখোঁ আহা—

১) পাহিয়ে কিহৰ সুবাস পাইছিল?
উত্তৰ: পাহিয়ে শেৱালি ফুলৰ সুবাস পাইছিল।

২) পাহিয়ে কিয় শেৱালি ফুল ছিঙিব বিচাৰিছিল?
উত্তৰ: পাহিয়ে শেৱালি ফুলৰ মালা গাঁথিবলৈ ফুল ছিঙিব বিচাৰিছিল।

৩) পেহীয়েকে পাহিক ফুলবোৰ ছিঙিবলৈ কিয় মানা কৰিছিল?
উত্তৰ: পেহীয়েকে পাহিক ক’লে যে পুৱা ফুলবোৰ নিজেই পৰি পৰে, সেয়ে ছিঙিব নালাগে বুলি।

নতুন বাক্য—

১) আমাৰ ঘৰৰ পদূলিত এজোপা বকুল ফুলৰ গছ আছে।
নতুন বাক্য: মোৰ মায়ে বকুল ফুলেৰে মালা গাঁথিছে।

২) তোমালোকৰ বিদ্যালয়ত কি কি গছ আছে লিখা।
উত্তৰ: আমাৰ বিদ্যালয়ত আম, লিচু, নিম আৰু শাল গছ আছে।

উত্তৰ লিখোঁ আহা—

শুদ্ধ উত্তৰত (√) চিন দিওঁ আহা—

ক) ৰাধিকাহঁতৰ বাৰীখনত শীতকালত কোনবিধ ফল লমালমে লাগে?
কমলা – √

খ) ৰাজুৱে পকা কঁঠাল খাবলৈ কাক মাতিছিল?
দীপুক – √

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top