SCERT Class 3 Assamese Chapter 2 Part II Answer 2026 | আলহীলৈ মাছ । Chapter 2 Part II । Class 3 Assamese SCERT School Question Answer । আলহীলৈ মাছ Lesson 4 Class 3 Assamese SCERT School Question Answer and Solutions For Assam।

Chapter 2 Part II – 

আলহীলৈ মাছ

১। আলোচনা কৰোঁ আৰু লিখোঁ আহা:

(ক) সৰুকণে মূৰত কি লৈ মাছলৈ গৈছিল?

উত্তৰ: সৰুকণে মূৰত পিঠীয়া লৈ মাছ ধৰিবলৈ গৈছিল।

(খ) সাধুটোত পোৱা মাছকেইবিধৰ নাম কি কি?

উত্তৰ: সাধুটোত পোৱা মাছকেইবিধ হৈছে–  শ’ল,বৰালি,পুঠি মাছ।

(গ) সৰুকণে মনত কি আশা লৈ বৰশী বাবলৈ গৈছিল?

উত্তৰ: সৰুকণে আশা কৰিছিল যে, তেওঁ শ’ল বৰালি মাছ ধৰি আলহীক খুৱাব পাৰিব।

(ঘ) সৰুকণে বৰশী বাই কেইটা পুঠিমাছ পাইছিল?

উত্তৰ: সৰুকণে বৰশী বাই এঘাৰটা পুঠি মাছ পাইছিল।

(ঙ) বগলীকেইটাই কিয় চোপ লৈ আছিল?

উত্তৰ: বগলীকেইটাই চোপ হৈ আছিল কাৰণ সৰুকণ টোপনিত লালকা দিয়া সময়তে খালৈটো খালী আছিল আৰু তেওঁলোক খালৈ উদং কৰি পেলালে।

২। তলৰ শব্দবোৰ অৰ্থৰ লগত আঁচ টানি মিলাও আহা:

  শব্দ                        অৰ্থ

গাধৈ                     ভঁৰাল ঘৰৰ বেৰৰ বাহিৰৰ অংশ

পিঠীয়া                     পিঠিত লোৱা জাপি

খালৈ                     মাছ থোৱা এবিধ পাত্র

চোপ লোৱা             খাপ দিয়া

টুপাই                     বৰশীত টোপ লগোৱা কার্য

Additional Question Answer (অতিৰিক্ত প্ৰশ্ন-উত্তৰ):

(ক) সৰুকণ ক’ত বহি মাছ ধৰিবলৈ আৰম্ভ কৰিছিল?

উত্তৰ: সৰুকণ বিলৰ পাৰৰ এজোপা গছৰ তলত বহি মাছ ধৰিবলৈ আৰম্ভ কৰিছিল।

(খ) সৰুকণ কিয় হতাশ নহ’ল?

উত্তৰ: সৰুকণ শ’ল বৰালি নোপোৱা স্বত্বেও হতাশ নহ’ল, কাৰণ তেওঁ প্রকাণ্ড মাছ এটা পোৱাৰ আশাত আছিল।

(গ) সৰুকণে কোন সময়ত সাৰ পালে?

উত্তৰ: সৰুকণে দূৰৈত ঘণ্টা বজাৰ শব্দত সাৰ পালে।

(ঘ) পশ্চিম আকাশত কি হৈছিল?

উত্তৰ: পশ্চিম আকাশত আঁহতজোপাৰ পাছফালে ৰঙচুৱা বেলি লুকাই গৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top