SCERT Class 3 Assamese Chapter 3 Part I Answer 2026 | বিদ্যালয়-সপ্তাহ | Chapter 3 Part I | Class 3 Assamese SCERT School Question Answer | বিদ্যালয়-সপ্তাহ Lesson 5 Class 3 Assamese SCERT School Question Answer and Solutions For Assam|

Chapter 3 Part I – 

বিদ্যালয়-সপ্তাহ 

১। আলোচনা কৰোঁ আৰু লিখোঁ আহা—

ক) প্রাঞ্জলহঁতৰ বিদ্যালয়ত কি চলি আছিল?

উত্তৰ: প্রাঞ্জলহঁতৰ বিদ্যালয়ত বিদ্যালয়-সপ্তাহ চলি আছিল।

খ) কাৰ কাৰ মাজত বেডমিন্টনৰ প্রতিযোগিতা হৈছিল?

উত্তৰ: পঞ্চম শ্ৰেণীৰ দীপা আৰু ৰুমাৰ মাজত বেডমিন্টনৰ প্ৰতিযোগিতা হৈছিল।

গ) সুপ্রিয়াই কিয় দবাখেলখন পণ্ড কৰা বুলি কৈছিল?

উত্তৰ: কাঞ্চনে বল দলি মাৰোঁতে বলটো দবাখেলৰ মাজলৈ পৰিছিল, সেইকাৰণে সুপ্রিয়াই খেলখন পণ্ড কৰা বুলি কৈছিল।

ঘ) কোন কোন শ্রেণীয়ে কি খেলৰ প্ৰতিযোগিতাত অংশগ্রহণ কৰিছিল আঁচ টানি মিলোৱা—

                   শ্রেণী                          খেল

                  প্রথম শ্রেণী               পাৰ-পানী

                  দ্বিতীয় শ্রেণী               পাৰ-পানী

                  তৃতীয় শ্রেণী             ক্রিকেট, দবা

                  চতুর্থ শ্রেণী              ক্রিকেট

                  পঞ্চম শ্রেণী             বেডমিন্টন, সংগীত চেয়াৰ

ঙ) মিনতি বৰুৱা বাইদেৱে প্রথম আৰু দ্বিতীয় শ্রেণীৰ ছাত্র-ছাত্রীসকলক কিয় খেলাবলৈ লৈ গৈছিল?

উত্তৰ: দবা খেলখনত বাধা অহাৰ পাছত তেওঁলোকে যাতে খেলত অংশগ্ৰহণ কৰিব পাৰে, সেই উদ্দেশ্যে মিনতি বৰুৱা বাইদেৱে তেওঁলোকক খেলাবলৈ লৈ গৈছিল।

চ) বিদ্যালয়-সপ্তাহ কোনে উদ্বোধন কৰিছিল?

উত্তৰ: বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিদ্যালয়-সপ্তাহ উদ্বোধন কৰিছিল।

ছ) বিদ্যালয়-সপ্তাহৰ দ্বিতীয় দিনা কি বাৰ আৰু তাৰিখ আছিল?

উত্তৰ: বিদ্যালয়-সপ্তাহৰ দ্বিতীয় দিনা ২ ডিচেম্বৰ ২০২৫, সোমবাৰ আছিল।

জ) ছেত্রী ছাৰে কি কৰি আছিল?

উত্তৰ: গিৰীণ ছেত্রী ছাৰে প্রতিযোগিতাত স্থান দখল কৰা ছাত্র-ছাত্রীসকলৰ তালিকা প্রস্তুত কৰিছিল।

Additional Question-Answer (অতিৰিক্ত প্ৰশ্নোত্তৰ):

১) সংগীত চেয়াৰ খেলৰ পৰিচালনা কোনে কৰিছিল?

উত্তৰ: সংগীত চেয়াৰ খেলৰ পৰিচালনা অনিল ফুকন ছাৰে কৰিছিল।

২) সুপ্রিয়া কোন খেলত অংশগ্ৰহণ কৰিছিল?

উত্তৰ: সুপ্রিয়া দবা খেলত অংশগ্ৰহণ কৰিছিল।

৩) ক্রিকেট খেলখন কোনে পৰিচালনা কৰিছিল?

উত্তৰ: ক্রিকেট খেলখন প্রতুল গোস্বামী ছাৰে পৰিচালনা কৰিছিল।

৪) সুপ্রিয়া কোন ছাত্রীৰ লগত দবা খেলিছিল?

উত্তৰ: সুপ্রিয়া নীহাৰিকাৰ লগত দবা খেলিছিল।

৫) প্রধান শিক্ষক দ্বিতীয় দিনৰ কাৰ্যসূচী কেনেদৰে সমাপ্ত ঘোষণা কৰিলে?

উত্তৰ: প্রধান শিক্ষক হুইচেল বজাই দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সমাপ্তি ঘোষণা কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top