Chapter 3 Part II –
কপৌ কু কু
পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ
১। কওঁ আৰু লিখোঁ আহা—
ক) মেজি কোনটো বিহুত সাজে?
উত্তৰঃ মাঘ বিহুত মেজি সাজে।
খ) ল’ৰাহঁতে পথাৰলৈ কিয় গৈছিল?
উত্তৰঃ ল’ৰাহঁতে মেজি সাজিবলৈ পথাৰৰ পৰা নৰা আনিবলৈ গৈছিল।
গ) কাক দেখি ল’ৰাহঁতৰ কপৌ কু কু খেলিবলৈ মন গৈছিল?
উত্তৰঃ বগৰীজোপাত কপৌ চৰাই দেখিলে ল’ৰাহঁতৰ কপৌ কু কু খেলিবলৈ মন গৈছিল।
ঘ) কপৌজনীয়ে কি কথা কৈ পুখুৰীৰ পৰা ওলাই দৌৰিছিল?
উত্তৰঃ কপৌজনীয়ে ক’লে— “চিলনিয়ে নিলে, চিলনিয়ে নিলে” বুলি ক’ই দৌৰিছিল।
ঙ) ৰজাৰ পুখুৰীত কোনে গা ধুব বিচাৰিছিল?
উত্তৰঃ কপৌজনীয়ে ৰজাৰ পুখুৰীত গা ধুব বিচাৰিছিল।
চ) পুখুৰীটো কিয় ডাঙৰ কৰিছিল?
উত্তৰঃ পুখুৰীটো সৰু বুলি ক’লে লগৰীয়াহঁতে কপৌজনীক সৰাপাত এখিলা পেলাবলৈ ক’লে যাতে পুখুৰীটো ডাঙৰ হয়। সেই মতে সৰাপাত পেলাই পুখুৰীটো ডাঙৰ কৰিলে।
২। খেলটোত কোনে গাইছে লিখোঁ আহা—
ক) “বোকা আছে পানী আছে, কেনেকৈ যাম?”
উত্তৰঃ কপৌ জনীয়ে গাইছে।
খ) “ইমান ইমান পানী”
উত্তৰঃ কপৌ জনীয়ে গাইছে।
গ) “পদুম ফুলৰ চকা…”
উত্তৰঃ লগৰীয়াহঁতে গাইছে।
অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ (Additional QA)
৩। ‘কপৌ কু কু’ খেলটো কেনেদৰে আৰম্ভ হৈছিল?
উত্তৰঃ এজন ল’ৰাক কপৌ কু কু খেলৰ কথা মনত পৰে আৰু তেওঁ আনলোকক এই খেল খেলিবলৈ কয়, আৰু সকলো মত দিলে খেলটো আৰম্ভ হয়।
৪। খেলখনত কপৌয়ে কি ভংগিমাত লগৰীয়াৰ ওচৰলৈ যায়?
উত্তৰঃ কপৌয়ে মূৰ ডুপিয়াই “উৰি অহা ভংগিমাত” লগৰীয়াৰ ওচৰলৈ যায়।
৫। কপৌ কু কু খেলখনত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীয়ে কেনেকৈ পুখুৰীৰ ডাঙৰ হোৱাটো দেখুৱায়?
উত্তৰঃ সিহঁতে এখন সৰাপাত পুখুৰীত পেলায় আৰু কেইখোজ পিছুৱাই দিয়া হৈ বহলকৈ থিয় হয়, যাৰফলত পুখুৰী ডাঙৰ হোৱা ভংগিমা সৃষ্টি হয়।
৬। খেলখনত কপৌজনীয়ে ‘চিলনিয়ে কাণ নিলে’ বুলি কিয় কয়?
উত্তৰঃ কপৌজনীয়ে লগৰীয়াৰ মনোযোগ ভিন্ন দিশলৈ আকৰ্ষণ কৰিবলৈ ‘চিলনিয়ে কাণ নিলে’ বুলি কয় যাতে সেই সুযোগতে কপৌ ওলাই যাব পাৰে।
৭। ‘কপৌ কু কু’ খেলখন কোন সময়ত খেলিছিল?
উত্তৰঃ মাঘ বিহুৰ উৰুকালৰ সময়ত খেলিছিল।