SCERT Class 3 Assamese Chapter 9 (part 1) Answer 2026 | সজ অভ্যাসৰ সু-ফল | (Part 1) | Class 3 Assamese Book Question Answer SCERT | সজ অভ্যাসৰ সু-ফল | (Part 1)| Assamese Question Answer Solution For Assam |

 Chapter 9 (part 1)

সজ অভ্যাসৰ সু-ফল

১। আলোচনা আৰু লিখোঁ আহা-
ক) মুনীন্দ্ৰ ঘাইঘৰলৈ কোন সময়ত গৈছিল?
উত্তৰঃ
 শীতৰ বন্ধত।

খ) মুনীন্দ্ৰই কাহিলিপুৱাতে কিয় সাৰ পাইছিল?
উত্তৰঃ
 চৰাই-চিৰিকটিৰ মাত শুনি সি সাৰ পালে।

গ) মুকুতা আৰু ককাকে ৰাতিপুৱা কি কৰিবলৈ গৈছিল?
উত্তৰঃ
 প্রাতঃভ্ৰমণলৈ আৰু যোগাসন কৰিবলৈ।

ঘ) ঘৰৰ হাঁহ-কুকুৰাক কোনে দানা-পানী দিছিল?
উত্তৰঃ
 হাঁহ-কুকুৰা, গৰু-ছাগলী আদিক খুৰীয়েকে দানা-পানী দিছিল।

ঙ) কোনে তুলসীৰ তলত চাকি দিছিল?
উত্তৰঃ 
খুৰীয়েকে।

চ) মুনীন্দ্ৰ আৰু বায়েকে নিতৌ বিয়লি কি কি কাম কৰিব বুলি থিৰাং কৰিছিল?
উত্তৰঃ
 নিয়মিত সু-অভ্যাস গঠনৰ অনুশীলন।

ছ) “তাই ককাকৰ লগত ওলাই গৈছে।” – কোনে, কাক কৈছিল?
উত্তৰঃ 
খুৰীয়েকে, মুনীন্দ্ৰক কৈছিল।

২। তলৰ প্রশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা।
মুকুতাৰ সু-অভ্যাসবোৰ হ’ল-
(ক) ৰাতিপুৱা সোনকালে শুই উঠা
(খ) নিতৌ প্রাতঃভ্ৰমণলৈ যোৱা
(ঘ) নিজকে চাফ-চিকুণকৈ ৰখা

মুনীন্দ্ৰই গঠন কৰা সুঅভ্যাসসমূহ হ’ল-
(ক) পুৱা-গধূলি খোজকঢ়া
(গ) বিয়লি পঢ়াৰ আগতে প্রার্থনা কৰা
(ঘ) কচৰৎ কৰা

“আজি কাহিলিপুৱাতে সি চৰাই-চিৰিকটিৰ মাত শুনি সাৰ পালে।”-ইয়াত কাহিলিপুৱা শব্দটোৰ অর্থ হ’ল-
(ঘ) বেলি উঠা

প্ৰাতঃভ্ৰমণত সাধাৰণতে তলৰ কোনটো কাম কৰা হয়?
(ক) খোজকঢ়া

৩। ভাষা অধ্যয়ন
ক) ৰাস্তা আৰু বস্তুৰ দৰে যুক্তাক্ষৰ থকা আন শব্দ-
ৰাস্তা
বস্তা
বাস্তৱ
সস্তা
গ্রুপ
স্তুতি
প্রস্তুতি

খ) ‘চন্দ্ৰ’ আৰু ‘ইন্দ্ৰ’ৰ লগত নতুন শব্দ-

চন্দ্রবিন্দু
ইন্দ্রজাল

৪। বাক্য সজাই লিখা-
দাঁত মাজে শুবলৈ যোৱাৰ আগত।→ শুবলৈ যোৱাৰ আগত দাঁত মাজে।
সি পঠিও পঢ়াৰ আগতে প্রার্থনা কৰে।
→ সি পঢ়াৰ আগতে প্রার্থনা কৰে।

পেট পূৰাই নাখায় সি কেতিয়াও।
→ সি কেতিয়াও পেট পূৰাই নাখায়।

চিপ্চ লাক-পিঠা সলনি সি খায়।
→ সি লাক-পিঠা সলনি চিপ্চ খায়।

৫। “ভাগৰুৱা” শব্দৰ গঠন-ভাগৰুৱা = ভাগৰ + উয়া
এইদৰে তলৰ শব্দ ভাঙি লিখা-
ঘৰুৱা = ঘৰ + ঊয়া
নিঠৰৱা = নিঠৰ + ৱা
ভিতৰুৱা = ভিতৰ + উয়া
খাকৰা = খাক + ৰা
পলসুৱা = পলসু + ঊয়া

৬। তলৰ বাক্য শাৰী লৈ মন কৰা।

মুনীন্দ্র বমডিলালৈ উভতি গ’ল।

উদ্দেশ্য (কোন/কোনে)           বিধেয় 

মুনীন্দ্র                                    বমডিলালৈ উভতি গ’ল।

তলৰ বাক্য কেইশাৰীৰ উদ্দেশ্য আৰু বিধেয় ভাগ কৰি লিখা-
১। ৰহিম এজন ভাল ল’ৰা।
উদ্দেশ্য: ৰহিম
বিধেয়: এজন ভাল ল’ৰা

২। তেওঁ কিতাপ পঢ়িছে।
উদ্দেশ্য: তেওঁ
বিধেয়কিতাপ পঢ়িছে

৩। সি গান গায়।
উদ্দেশ্য: সি
বিধেয় গান গায়

৪। উপাসনা তৃতীয় শ্ৰেণীৰ ছাত্ৰী।
উদ্দেশ্য: উপাসনা
বিধেয় তৃতীয় শ্ৰেণীৰ ছাত্ৰী

৫। আপুনি ক’ত থাকে?
উদ্দেশ্য: আপুনি
বিধেয় ক’ত থাকে?

৭। শুনি শুনি লিখা- (ছাত্র-ছাত্রীক পাঠভিত্তিক শ্রুতলিপি দিব

৮। মুনীন্দ্ৰৰ অভ্যাস আৰু তোমাৰ অভ্যাস-
মুনীন্দ্ৰৰ অভ্যাস-
সময়মতে আহাৰ গ্ৰহণ কৰে।
বিভিন্ন ৰঙৰ পাচলি খায়।
নখ চুটিকৈ ৰাখে।
পথৰ বাওঁফালেৰে খোজকাঢ়ে।
দুয়োফালে চাই বাট পাৰ হয়।

তোমাৰ অভ্যাস-
(তোমাৰ নিজৰ অভ্যাস লিখিবা)

৯। মুনীন্দ্ৰই পঢ়া কাগজৰ কথাবোৰ-

পাৰ হোৱা সময় ঘুৰাই পাব নোৱাৰি।

খোৱাৰ সময়ত সন্তোষ মনে খাব লাগে।

ৰাতিপুৱা গা ৰদাব লাগে।

স্বাস্থ্যই পৰম ধন।

গছ থাকিলেহে মানুহ থাকিব।

খং কৰিলে নিজহে  ক্ষতি হয়।

মিলা প্ৰীতিয়ে শান্তিৰ ভেটি।

হাঁহি সুস্থতাৰ প্ৰতীক।

১০। তোমাৰ পঢ়া কোঠালিত লিখিব পৰা বাক্য-
(তোমাৰ নিজৰ বাক্য লিখিবা)

১১। তলৰ ছবিবোৰত দেখা কামবোৰ ভাল নে বেয়া বুলি আৰু কাৰণ-
(তোমাৰ মনোভাৱ লিখিবা)

১২। তৃতীয় শ্রেণীৰ ছাত্ৰী দুয়োৰ মাজত কথোপকথন-
(পাঠৰ দৰে আগবঢ়াই লিখিবা)

১৩। ডাকৰ বচনফাকি-
জেঠত দৈ, আহাৰত থৈ।
শাওণত মৰাপাট খাবা গৈ।
ভাদত ওল, আহিনত কল।
কাতিত কচু বঢ়ায় বল।

১৪। ছাত্ৰৰ আবেদন পত্র লিখা-
(নিজে লিখি দিব পাৰা)

১৬। সময়ত তুমি কি কি কৰিলা-
ৰাতিপুৱাৰ ভাগত- মই পুৱাই উঠি যোগাসন কৰিছিলো।
বিদ্যালয়ৰ পৰা ঘৰলৈ অহাৰ পাছত- মই খাবলৈ আৰু বিশ্ৰাম লৈছিলো।
আবেলি পৰত- মই পাঠ পঢ়িছিলো।
নিশাৰ ভাগত- মই শুই পৰিলো।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top