SCERT Class 3 Environment Chapter 3 Answer 2026 | আমাৰ গাঁও | অধ্য়ায়-৩ | Chapter-১ | Class 3 আমি আৰু আমাৰ পৰিৱেশ Chapter-3 Solution Assamese Medium In- 2026 | Class 3 Environment Chapter-3 Question and Answer Assam In- 2026 |

অধ্য়ায়-৩

আমাৰ গাঁও

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQ Answer

১। উত্তৰ লিখা—

(ক) ৰতনহঁত পদুমণি গাঁৱলৈ কিমান দিনৰ বাবে গৈছিল ?

উত্তৰঃ ৰতনহঁত পদুমণি গাঁৱলৈএসপ্তাহৰ বাবে গৈছিল।

(খ) গাঁও কাক বোলে?

উত্তৰঃ ঘাইকৈ খেতি-বাতিৰ ওপৰত নিৰ্ভৰ কৰি চলি থকা ভালেমান পৰিয়াল একেলগে বাস কৰা একোটা অঞ্চলকে গাওঁ বোলে।

(গ) বিশুদ্ধ খোৱাপানীৰ অভাৱত আমাৰ কি কি অসুখ হয়।

উত্তৰঃ বিশুদ্ধ খোৱাপানীৰ অভাৱত কেৱল পেটৰ অসুখেই নহয় আৰু নানা ধৰণৰ ৰোগ আছে যিবোৰ বিশুদ্ধ খোৱা পানীৰ অভাৱৰ কাৰণে হয়।

(ঘ) ৰতন কোন গাঁৱৰ বাসিন্দা আছিল ?

উত্তৰঃ ৰতন ৰূপহী গাঁৱৰ বাসিন্দা আছিল।

(ঙ) ৰতনৰ ককাকৰ মতে তেওঁলোকৰ গাঁৱৰ কোন দুটা দিশত উন্নতি হোৱা নাই?

উত্তৰঃ ৰতন ককাকৰ মতে তেওঁলোকৰ গাৱঁৰ অনাময় ব্য়ৱস্থাটো আৰু বিদ্য়ালয়কেইখনৰ সা-সুবিধা এতিয়াও উন্নতি হোৱা নাই।

২। ৰতনে পদুমণি গাঁৱত কি কি দেখিলে লিখা।

উত্তৰঃ তাত আলি-পদূলিবোৰ পকা। মানুহৰ ঘৰ-দুৱাৰবোৰ যথেষ্ট উন্নত আৰু পৰিষ্কাৰ। চাৰিওফালে বিজুলী-বাতিৰ ব্য়ৱস্থা। ৰাতি ৰাস্তা-পদূলি পোহৰ হৈ থাকে। তাত দেখা বিদ্য়ালয়খন বৰ সন্দুৰ আৰু ডাঙৰ। বিদ্য়ায়লত খেলা-ধূলাৰ বাবে পৰ্যাপ্ত ব্য়ৱস্থা আছে। বৰষুণ দিলে গাঁৱৰ ৰাস্তাত বোকা নহয়। ৰতনে পদুমণি গাঁৱত এইবিলাকে দেখিলে। 

৩। খালী ঠাই পূৰ কৰা

(ক) গাঁৱৰ মুখিয়ালগৰাকীক _______ বোলে।

উত্তৰঃ গাঁওবুঢ়া।

(খ) কম জনসংখ্যা থকা নগৰত ______ থাকে।

উত্তৰঃ সমিতি।

(গ) মহকুমাৰ মুৰব্বীগৰাকীক _______ বোলে।

উত্তৰঃ মহকুমাধিপতি।

(ঘ) ৰাজহ চক্ৰৰ মুৰব্বীগৰাকীক ______ বোলে।

উত্তৰঃচক্ৰ বিষয়া।

৪।শুদ্ধ নে অশুদ্ধ লিখা

(ক) এখন গাঁৱত কেইবাটাও চুবুৰি থাকে।

উত্তৰঃ শুদ্ধ।

(খ) প্রতিখন মৌজাত একোগৰাকী মৌজাদাৰ থাকে ৷

উত্তৰঃ শুদ্ধ।

(গ) নগৰত মহানগৰতকৈ বেছি জনসংখ্যা থাকে।

উত্তৰঃ অশুদ্ধ।

(ঘ) এটা চুবুৰীত মাত্ৰ এটাহে পৰিয়াল থাকে।

উত্তৰঃ অশুদ্ধ। 

(ঙ) মহানগৰৰ মুখিয়াল গৰাকীক মহকুমাধিপতি বোলে।

উত্তৰঃ অশুদ্ধ। 

৫। ৰূপহী গাঁৱৰ গাঁও পঞ্চায়তে গাঁওখনৰ উন্নয়নৰ বাবে কি কি ব্যৱস্থা লৈছে?

উত্তৰঃ ৰূপহী গাঁৱৰ গাঁও পঞ্চয়তে গাঁওখনৰ উন্নয়নৰ বাবে ৰাস্তা-পদূলি ভাল হ’ব, বিশুদ্ধ খোৱা পানীৰ ব্য়ৱস্থা, ৰাস্তাত বিজুলীৰ ব্য়ৱস্থা হ’ব। ভাল চিকিৎসালয়, হাট-বজাৰ আদি সকলোখিনি অতি সোনকালে উন্নত হ’ব। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top