SCERT Class 4 Assamese Chapter 4 পানী আৰ জুইৰ আখ্য়ান Question Answer |2026 | চতুৰ্থ শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ | Class IV |

Chapter 4

পানী আৰু জুইৰ আখ্যান

১। তলত দিয়া প্রশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা:

“ইঃ, তোৰ আৰু এইসোপাহে কথা। তই কিমান শক্তিশালী, জানো নহয়!”- এই কথাষাৰ কোনে কাক কৈছিল?

উত্তৰ: (খ) পানীয়ে জুইক কৈছিল।

‘তাৰ মনত বৰ বেজাৰ লাগিল।’-ইয়াত ‘তাৰ’ বুলি কাৰ কথা কোৱা হৈছে?

 উত্তৰ: (ঘ) জুইৰ।

২। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা:

(ক) পানী আৰু জুইৰ মাজত কিয় কাজিয়া লাগিছিল?

উত্তৰ: পানী আৰু জুইৰ মাজত নিজৰ নিজৰ অহংকাৰৰ বাবে কাজিয়া লাগিছিল।

(খ) সভাসদে কাক পাহাৰৰ ওপৰত থাকিবলৈ কৈছিল?

উত্তৰ: সভাসদে পানীক পাহাৰৰ ওপৰত থাকিবলৈ কৈছিল।

(গ) গোটেই পৃথিৱী জুৰি আছোঁ বুলি কোনে কৈছিল?

উত্তৰ: গোটেই পৃথিৱী জুৰি আছোঁ বুলি পানীয়ে কৈছিল।

(ঘ) দেশ-বিদেশৰ সকলো প্রাণী কিয় গোট খাইছিল?

উত্তৰ: পানী আৰু জুইৰ মাজত লগা ভয়ংকৰ কাজিয়াৰ কিবা এটা মীমাংসা বা বিচাৰ কৰিবলৈ দেশ-বিদেশৰ অলেখ প্রাণী গোট খাইছিল।

৩। কোনে, কাক, কিয় কৈছিল লিখা:

(ক) “এই দুই শক্তি আমাৰ বাবে অপৰিহাৰ্য। গতিকে সোনকালে এই কাজিয়াখনৰ কিবা এটা মীমাংসা কৰিব লাগিব।”

উত্তৰ: এই কথাষাৰ মানুহবোৰে আলচ কৰি নিজৰ মাজতে কৈছিল। কাৰণ জুই আৰু পানী দুয়োটা মানুহৰ বাবে দৰকাৰী, দুয়োৰে যুঁজত যিকোনো এটা হাৰিলে মানুহৰেই লোকচান হ’ব।

(খ) “আহ পানী, তোক এতিয়াই উতলাই ভাপ কৰি দিম।”

উত্তৰ: এই কথাষাৰ জুয়ে পানীক খঙত কৈছিল। কাৰণ পানীয়ে জুইক পৰাস্ত কৰাটো দুটোপালমানৰহে কাম বুলি কৈ জুইক জোকাইছিল।

or

(খ) “আহ পানী, তোক এতিয়াই উতলাই ভাপ কৰি দিম।”

উত্তৰ কোনে কৈছিল: এই কথাষাৰ জুয়ে কৈছিল ।

কাক কৈছিল: পানীক কৈছিল ।

কিয় কৈছিল: পানীয়ে জুইক জোকাই কৈছিল যে জুইক পৰাস্ত কৰিবলৈ পানীৰ দুটোপালমানৰহে প্ৰয়োজন । পানীৰ এই কথা শুনি জুই খঙত টিঙিৰি তুলা হৈছিল আৰু পানীলৈ চোঁচা মাৰি গৈ এইদৰে কৈছিল ।

৪। পানী আৰু জুইৰ আখ্যানটো চমুকৈ কোৱা:

উত্তৰ: নিজৰ নিজৰ অহংকাৰৰ বাবে জুই আৰু পানীৰ মাজত এবাৰ ভীষণ কাজিয়া লাগিছিল। দুয়োৰে যুঁজৰ ফলত চাৰিওফালে হাহাকাৰ লগা দেখি মানুহে এখন মেল পাতিলে। মেলৰ সিদ্ধান্ত অনুসৰি এটা পৰীক্ষা পতা হ’ল য’ত জুইক পাহাৰৰ তলত আৰু পানীক পাহাৰৰ ওপৰত ৰখা হ’ল। সংকেত পোৱাৰ লগে লগে পানী হো-হোৱাই নামি আহি জুইৰ ওচৰ পোৱাত, জুইৰ মনত মানুহৰ অসুবিধাৰ কথা ভাবি বেজাৰ লাগিল আৰু সি পিছ হুঁহকি গৈ শিলৰ ভিতৰত সোমাই লুকাই থাকিল। ইফালে পানীয়েও নিজৰ অহংকাৰৰ ফলত পৃথিৱীত সৃষ্টি হোৱা ভয়ানক দুর্যোগ দেখি নিজৰ ভুল বুজি পালে। শেষত দুয়ো নিজৰ ভুল বুজি পালে আৰু কেতিয়াও কাজিয়া নকৰোঁ বুলি শপত খালে।

৫। তলত কিছুমান শব্দৰ অৰ্থ দিয়া আছে। সেই অর্থ প্রকাশ কৰা শব্দবোৰ বাছি খালী বাকচত লিখা:

গিলা কাৰ্য, আগুৰি ধৰা কাৰ্য = গ্রাস

বিষাদে আৱৰি ধৰা, বেজাৰমুৱা = বিষণ্ণ

পানীত ডুবি থকা = জলমগ্ন

সভাত উপস্থিত থকা লোক = সভাসদ

অহংকাৰ বা দম্ভালি = বৰাই

কোনো গোচৰ আদি বিচাৰ কৰিবলৈ লগ হোৱা সমাজ = মেল

৬। ভাষা-অধ্যয়ন (বিশেষণ পদ বাছনি):

(খ) তলত দিয়া বাক্যকেইটাত থকা বিশেষণ পদবোৰ বাছি উলিওৱা-

  • ফাতেমা এজনী শান্ত ছোৱালী। > শান্ত
  • আজি ডাৱৰীয়া বতৰ। > ডাৱৰীয়া
  • জিৰাফৰ ডিঙি বৰ দীঘল। > দীঘল
  • মনোযোগেৰে কিতাপ পঢ়িবা। > মনোযোগেৰে

(গ) তলত দিয়া দফাটো পঢ়া আৰু বিশেষণ পদবোৰ বাছি লিখা।

উত্তৰ: দফাটোত থকা বিশেষণ পদবোৰ হ’ল – পোহনীয়া, কুহুমীয়া, গৰম, শান্ত, অচিনাকি, ডাঙৰকৈ, নোদোকা, দুষ্ট।

৮। (খ) তলৰ বাক্যকেইশাৰী ‘-তকৈ’ ব্যৱহাৰ কৰি লিখা:

ক্রিকেট বলৰ তুলনাত ফুটবল ডাঙৰ।

উত্তৰ: ক্রিকেট বলতকৈ ফুটবল ডাঙৰ।

পুঠিৰ তুলনাত বৰালি মাছ ডাঙৰ।

উত্তৰ: পুঠিতকৈ বৰালি মাছ ডাঙৰ।

তুলসী গছৰ তুলনাত আম গছ ওখ।

উত্তৰ: তুলসী গছতকৈ আম গছ ওখ।

জিৰাফৰ তুলনাত হৰিণ চাপৰ।

উত্তৰ: জিৰাফতকৈ হৰিণ চাপৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top