Chapter 6
Lessons Of Life
i) The children worked as a team.
Ans: Yes
ii) They worked hard.
Ans: Yes
iii) They didn’t practise.
Ans: No
iv) They set their goals.
Ans: Yes
v) They faced challenges with courage.
Ans: Yes
vi) They were not determined to win.
Ans: No
Assamese translation of the poem
Try Try Again (চেষ্টা কৰা, আকৌ চেষ্টা কৰা)
‘Tis a lesson you should heed- (এইটো এটা শিক্ষা যিটো তুমি মানি চলা উচিত-)
Try, try again; (চেষ্টা কৰা, আকৌ চেষ্টা কৰা;)
If at first you don’t succeed, (যদি প্ৰথমবাৰতে তুমি সফল নোহোৱা,)
Try, try again; (চেষ্টা কৰা, আকৌ চেষ্টা কৰা;)
Then your courage should appear, (তেতিয়া তোমাৰ সাহস প্ৰকাশ পোৱা উচিত,)
For if you will persevere, (কাৰণ যদি তুমি নেৰানেপেৰাকৈ লাগি থাকা,)
You will conquer, never fear- (তুমি জয়লাভ কৰিবা, কেতিয়াও ভয় নকৰিবা-)
Try, try again. (চেষ্টা কৰা, আকৌ চেষ্টা কৰা।)
Once or twice though you should fail, (যদিও তুমি এবাৰ বা দুবাৰ বিফল হোৱা,)
Try, try again; (চেষ্টা কৰা, আকৌ চেষ্টা কৰা;)
If you would at last prevail, (যদি তুমি শেষত জয়ী হ’ব বিচৰা,)
Try, try again; (চেষ্টা কৰা, আকৌ চেষ্টা কৰা;)
If we strive, ’tis no disgrace (যদি আমি আপ্ৰাণ চেষ্টা কৰোঁ, ইয়াত কোনো লাজৰ কথা নাই)
Though we may not win the race; (যদিও আমি দৌৰত বা প্ৰতিযোগিতাত জয়ী নহ’ব পাৰোঁ;)
What should you do in that case? (তেনে অৱস্থাত তুমি কি কৰা উচিত?)
Try, try again. (চেষ্টা কৰা, আকৌ চেষ্টা কৰা।)
If you find your task is hard, (যদি তুমি দেখা পোৱা যে তোমাৰ কামটো কঠিন,)
Try, try again; (চেষ্টা কৰা, আকৌ চেষ্টা কৰা;)
Time will bring you your reward- (সময়ে তোমাক তোমাৰ পুৰস্কাৰ আনি দিব-)
Try, try again; (চেষ্টা কৰা, আকৌ চেষ্টা কৰা;)
All that other folks can do, (আন সকলো মানুহে যিবোৰ কৰিব পাৰে,)
Why, with patience, should not you? (ধৈৰ্য্য ধৰিলে তুমি কিয় নোৱাৰিবা?)
Only keep this rule in view- (কেৱল এই নিয়মটো মনত ৰাখিবা-)
Try, try again. (চেষ্টা কৰা, আকৌ চেষ্টা কৰা।)
- – William Edward Hickson (- উইলিয়াম এডৱাৰ্ড হিকচন)
Activity 1. b) Now try to find out the meaning of the following words from the dictionary:
(এতিয়া অভিধানৰ পৰা তলৰ শব্দবোৰৰ অৰ্থ বিচাৰিবলৈ চেষ্টা কৰা:)
- patience: The ability to stay calm and accept a delay or problem without getting angry.
- Assamese Meaning: ধৈৰ্য্য
- strive: To try very hard to achieve something.
- Assamese Meaning: আপ্ৰাণ চেষ্টা কৰা / কঠোৰ পৰিশ্ৰম কৰা
- task: A piece of work to be done.
- Assamese Meaning: কাম / কাৰ্য্য
- hard: Difficult to do or understand.
- Assamese Meaning: কঠিন / টান
- reward: Something given in exchange for good work or effort.
- Assamese Meaning: পুৰস্কাৰ
Activity 2. Find words from the poem that rhyme with the following words:
(কবিতাটোৰ পৰা তলৰ শব্দবোৰৰ সৈতে ছন্দ মিলা (Rhyming) শব্দবোৰ বিচাৰি উলিওৱা:)
- heed – succeed
- hard – reward
- appear – fear
- fail – prevail
- disgrace – race
- race – disgrace (or ‘case’)
Activity 3. Read the explanations of the poem given below.
Identify and write the correct stanza number next to each explanation:
(তলত দিয়া কবিতাটোৰ বাখ্যাবোৰ পঢ়া। প্ৰতিটো বাখ্যাৰ কাষত সঠিক স্তৱকৰ নম্বৰটো চিনাক্ত কৰি লিখা:)
- The poet tells us about an important lesson. We shouldn’t give up our efforts, if we fail at something.
- Ans: Stanza 1
- Instead, we should keep trying with courage and determination.
- Ans: Stanza 2
- Even if we fail once or twice, we shouldn’t stop. To succeed, we have to keep trying again and again.
- Ans: Stanza 3
- Losing is not disgraceful. We may not win, but we should try hard again and again.
- Ans: Stanza 4
- If the task is difficult, we shouldn’t be discouraged. Continuous effort leads to success. / At the end, time gives us the reward.
- Ans: Stanza 5
- If others can succeed by trying with patience and determination, why can’t we? / Keeping this rule in mind, we should try again and again.
- Ans: Stanza 6
5.Q1. What is the title of the poem? কবিতাটোৰ নাম কি?
Ans: The title of the poem is “Try, Try Again”.(কবিতাটোৰ নাম হৈছে “Try, Try Again” (চেষ্টা কৰা, আকৌ চেষ্টা কৰা)।
Q2. What is the name of the poet? কবিজনৰ নাম কি?
Ans: The name of the poet is William Edward Hickson.(কবিজনৰ নাম হৈছে উইলিয়াম এডৱাৰ্ড হিকচন।)
Q3. How many times is ‘Try Try Again’ used in the poem? কবিতাটোত ‘Try Try Again’ বাক্যশাৰী কিমান বাৰ ব্যৱহাৰ কৰা হৈছে?
Ans: The phrase ‘Try Try Again’ is used eight times in the poem.(কবিতাটোত ‘Try Try Again’ বাক্যশাৰী আঠ (৮) বাৰ ব্যৱহাৰ কৰা হৈছে।)
Q4. ‘You will conquer, never fear.’ What does conquer mean in the poem?
‘You will conquer, never fear.’ কবিতাটোত ‘conquer’ শব্দৰ অৰ্থ কি?
Ans: In the poem, ‘conquer’ means to overcome and take control of a problem to succeed. কবিতাটোত ‘conquer’ মানে হৈছে সমস্যাবোৰ অতিক্ৰম কৰি জয়লাভ কৰা বা সফল হোৱা।
Q5. According to the poem, what will bring us our reward? কবিতাটোৰ মতে, আমাক কিহে পুৰস্কাৰ আনি দিব?
Ans: According to the poem, time will bring us our reward.(কবিতাটোৰ মতে, সময় আৰু ধৈৰ্য্যই আমাক আমাৰ পুৰস্কাৰ আনি দিব।)
Q6. What advice does the poet give to people who do not succeed at the first time?: প্ৰথমবাৰতে সফল নোহোৱা লোকসকলক কবিয়ে কি উপদেশ দিছে?
Ans: The poet advises that if at first you don’t succeed, you should “Try, try again”. কবিয়ে উপদেশ দিছে যে যদি আমি প্ৰথমবাৰতে সফল নহওঁ, তেন্তে আমি হাৰ মানিব নালাগে আৰু “আকৌ চেষ্টা কৰিব লাগে।”
6. Tick the correct option:
(সঠিক বিকল্পটোত বাছি উলিওৱা:)
a. According to the poem we should (কবিতাটোৰ মতে আমি কৰা উচিত)
- i) never try (কেতিয়াও চেষ্টা নকৰা)
- ii) try once (এবাৰ চেষ্টা কৰা)
- iii) try again and again (আকৌ এবাৰ আৰু বাৰে বাৰে চেষ্টা কৰা)
- iv) try twice (দুবাৰ চেষ্টা কৰা)
Ans: iii) try again and again (আকৌ এবাৰ আৰু বাৰে বাৰে চেষ্টা কৰা)
b. The message of the poem is (কবিতাটোৰ বাৰ্তা বা মূল কথা হ’ল)
- i) we should not strive to succeed. (আমি সফল হ’বলৈ আপ্ৰাণ চেষ্টা কৰিব নালাগে।)
- ii) we should try to succeed. (আমি সফল হ’বলৈ চেষ্টা কৰিব লাগে।)
- iii) we should fear to succeed. (আমি সফল হ’বলৈ ভয় কৰিব লাগে।)
- iv) we should not work hard to succeed. (আমি সফল হ’বলৈ কঠোৰ পৰিশ্ৰম কৰিব নালাগে।)
Ans: ii) we should try to succeed. (আমি সফল হ’বলৈ চেষ্টা কৰিব লাগে।)
c. The poem tells us (কবিতাটোৱে আমাক কয়)
- i) not to work hard (কঠোৰ পৰিশ্ৰম নকৰিবলৈ)
- ii) to give up (হাৰ মানিবলৈ)
- iii) to keep trying (চেষ্টা কৰি থাকিবলৈ)
- iv) never to conquer (কেতিয়াও জয়ী নহ’বলৈ)
Ans: iii) to keep trying (চেষ্টা কৰি থাকিবলৈ)
7. Write down the stanza from the poem that you liked the most:
(কবিতাটোৰ পৰা তোমাৰ আটাইতকৈ ভাল লগা স্তৱকটো লিখা:)
Ans(Note: You can write any stanza you like. Here is the first stanza as an example / তুমি তোমাৰ পছন্দৰ যিকোনো স্তৱক লিখিব পাৰা। ইয়াত উদাহৰণস্বৰূপে প্ৰথম স্তৱকটো দিয়া হ’ল:)
‘Tis a lesson you should heed-
Try, try again;
If at first you don’t succeed,
Try, try again;
9. Read the poem and write down the words ending with ‘d’. Say the words aloud (কবিতাটো পঢ়া আৰু ‘d’ আখৰেৰে শেষ হোৱা শব্দবোৰ লিখা। শব্দবোৰ ডাঙৰকৈ কোৱা:)
Ans:
- heed
- succeed
- hard
- reward
- find
10. a) Find out meaningful words from the grid given below. Circle the words and write them down in the given spaces. One is done for you:(তলত দিয়া তালিকাখনৰ পৰা অৰ্থপূৰ্ণ শব্দবোৰ বিচাৰি উলিওৱা। শব্দবোৰত ঘূৰণীয়া চিন দিয়া আৰু খালী ঠাইত লিখা। তোমাৰ বাবে এটা কৰি দিয়া হৈছে:)
Ans:
i. Conquer (জয়লাভ কৰা) ii. HOPE (আশা) iii. HIGH (উচ্চ / ওখ) iv. TRY (চেষ্টা কৰা) v. AGAIN (আকৌ) vi. PATIENCE (ধৈৰ্য্য) vii. LION (সিংহ) viii. ENJOY (উপভোগ কৰা) ix. ROAR (গৰ্জন কৰা) x. RACE (দৌৰ প্ৰতিযোগিতা)
Activity 10. b)Read these words and circle the words which mean the same as the word ‘success’.
এই শব্দবোৰ পঢ়া আৰু ‘success’ (সফলতা) শব্দটোৰ সৈতে একে অৰ্থ বুজোৱা শব্দবোৰত ঘূৰণীয়া চিন দিয়া।
Ans: The words that mean the same as ‘success’ are: ( ‘success’ বা ‘সফলতা’ৰ সৈতে একে অৰ্থ বুজোৱা শব্দবোৰ হ’ল:)
- win (জয়ী হোৱা)
- triumph (বিজয় / উল্লাস)
- victory (জয়লাভ)
(Note: You have to circle these three words in your book. / বি.দ্ৰ.: তুমি তোমাৰ কিতাপত এই তিনিটা শব্দত ঘূৰণীয়া চিন দিব লাগিব।)
Choose any two circled words and frame two sentences of your own:
ঘূৰণীয়া চিন দিয়া যিকোনো দুটা শব্দ বাছি লোৱা আৰু নিজাকৈ দুটা বাক্য সাজা:
Ans: i) win: I want to win the football match. (মই ফুটবল খেলখনত জয়ী হ’ব বিচাৰোঁ।)
ii) victory: Our team worked hard for this victory. (আমাৰ দলটোৱে এই জয়লাভৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল।)
Activity 11. a)Read the words given in the box which tells us how we can solve problems. Choose an appropriate word to complete the sentences given below:
বাকচত দিয়া শব্দবোৰ পঢ়া যিয়ে আমাক সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি সেই বিষয়ে কয়। তলত দিয়া বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ এটা উপযুক্ত শব্দ বাছি উলিওৱা:
(Words in the box: hope, patience, courage, success, win, reward, confidence, hard, try, determination)
Ans:i) I will try again with patience. (মই ধৈৰ্য্যৰে আকৌ চেষ্টা কৰিম।)
ii) I won’t lose hope. (মই আশা এৰি নিদিওঁ।)
iii) I will keep trying with determination. (মই দৃঢ়তাৰে চেষ্টা কৰি থাকিম।)
iv) I should have confidence. (মোৰ আত্মবিশ্বাস থাকিব লাগে।)
v) I will win. (মই জয়ী হ’ম।)
Activity 11. b)Complete the steps of the ladder of success using the words given in the box:
(Words: Integrity, Perseverance, Determination, creativity, try, success)
বাকচত দিয়া শব্দবোৰ ব্যৱহাৰ কৰি সফলতাৰ জখলাখনৰ খাপবোৰ সম্পূৰ্ণ কৰা:
Ans: The ladder in the picture already has the words Integrity, Perseverance, and Determination. You need to fill the remaining empty steps with the other words from the box.
(চিত্ৰত থকা জখলাখনত আগতেই Integrity, Perseverance, আৰু Determination শব্দকেইটা দিয়া আছে। তুমি বাকী থকা খালী খাপবোৰত বাকচৰ পৰা আন শব্দকেইটা পূৰণ কৰিব লাগিব।)
The words for the empty steps are: (খালী খাপবোৰৰ বাবে শব্দকেইটা হ’ল:)
- try (চেষ্টা)
- creativity (সৃষ্টিশীলতা)
- success (সফলতা)
Activity 12. a) Read the following words. Now, write them down in the appropriate columns.
(Words: bring, prevail, try, strive, prize, brush, train, street, bread, grapes, tree, present, green, truck, string, true, straw, pretty, bridge, grass, strong, prince, broom, grow, trip)
তলৰ শব্দবোৰ পঢ়া। এতিয়া, সেইবোৰ সঠিক স্তম্ভত (column) লিখা।
Ans:
- Column (A) /br/ : brush, bring, bread, bridge, broom
- Column (B) /gr/ : green, grapes, grass, grow
- Column (C) /pr/ : prince, prevail, prize, present, pretty
- Column (D) /tr/ : truck, try, train, tree, true, trip
- Column (E) /str/ : strive, street, string, straw, strong
Activity 12. b) Write two words each starting with: i) br ii) gr iii) pr iv) tr v) str
তলত দিয়া আখৰবোৰেৰে আৰম্ভ হোৱা দুটাকৈ নতুন শব্দ লিখা: i) br ii) gr iii) pr iv) tr v) str
Ans:
i) br : brave (সাহসী), brain (মগজু)
ii) gr : great (মহান), group (দল)
iii) pr : pray (প্ৰাৰ্থনা কৰা), proud (গৌৰৱান্বিত)
iv) tr : travel (ভ্ৰমণ কৰা), track (পথ)
v) str : stream (নৈৰ সুঁতি), strict (কঠোৰ)
Activity 12. c) Say as fast as you can:
যিমান পাৰা সোনকালে কোৱা:
- i. Try turning troubles to triumphs. (সমস্যাবোৰক সফলতালৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰা।)
- ii. Pretty parrots play proudly. (ধুনীয়া ভাটৌবোৰে গৌৰৱেৰে খেলে।)
- iii. Crispy crackers crack quickly. (কুৰকুৰীয়া বিস্কুটবোৰ সোনকালে ভাঙে।)
Activity 12. d) : Read the conversation and play roles.
কথা-বতৰাখিনি পঢ়া আৰু ভাও ধৰা (Role play)।
Meaning of the conversation / কথা-বতৰাখিনিৰ অৰ্থ:
- Grandma: Why are you crying Priya? (প্ৰিয়া, তুমি কিয় কান্দি আছা?)
- Priya: I’m hungry grandma. I want some bread and butter. (আইতা, মোৰ ভোক লাগিছে। মই অলপ ৰুটি আৰু মাখন খাব বিচাৰোঁ।)
- Grandma: Don’t cry my pretty girl. I’ll bring some bread and butter for you. (নাকান্দিবা মোৰ ধুনীয়া মাজনী। মই তোমাৰ বাবে ৰুটি আৰু মাখন লৈ আহিম।)
- Priya: Oh that’s lovely grandma. I would also love to have fresh juice with it. (অহ্ বঢ়িয়া আইতা। মই ইয়াৰ লগত সতেজ ৰস খাবলৈও ভাল পাম।)
- Grandma: Don’t worry. I will prepare some fresh juice for you. You can have it with bread and butter. (চিন্তা নকৰিবা। মই তোমাৰ বাবে সতেজ ৰস বনাম। তুমি ৰুটি আৰু মাখনৰ লগত সেয়া খাব পাৰিবা।)
- Priya: Thank you grandma. (ধন্যবাদ আইতা।)
The Sky is Falling (আকাশখন খহি পৰিছে)
Once upon a time, there lived a rabbit in a forest. It was very timid. It would tremble even at the slightest sound. On a sunny morning, he was having a nap under a mango tree. Suddenly, a ripe mango fell from the tree on its head. “Ouch…!! What was that?” He was startled. He looked around but could not find anything. He jumped up in fright and started to run. The timid rabbit thought that the sky had hit him. He cried aloud, “Oh my God! The sky is falling. Run fast, run fast, save your life.”(এসময়ত এখন হাবিত এটা শহাপহু বাস কৰিছিল। সি বৰ ভয়াতুৰ আছিল। সামান্য শব্দতো সি কঁপি উঠিছিল। এদিন ৰাতিপুৱা ৰ’দঘাই বতৰত সি এজোপা আম গছৰ তলত টোপনি মাৰি আছিল। হঠাৎ গছৰ পৰা এটা পকা আম তাৰ মূৰত সৰি পৰিল। “আহ…!! সেইটো কি আছিল?” সি উচপ খাই উঠিল। সি চাৰিওফালে চালে কিন্তু একো দেখা নাপালে। ভয়তে সি জঁপিয়াই উঠিল আৰু দৌৰিবলৈ ধৰিলে। ভয়াতুৰ শহাপহুটোৱে ভাবিলে যে আকাশখনে তাক খুন্দা মাৰিছে। সি ডাঙৰকৈ চিঞৰিলে, “হে ভগৱান! আকাশখন খহি পৰিছে। বেগাই দৌৰা, বেগাই দৌৰা, নিজৰ প্ৰাণ ৰক্ষা কৰা।”)
A small squirrel was busy collecting nuts. He wasted no time. Grabbing the nuts, he also started to run away. The birds on the tree also heard the rabbit shouting and they too started to fly along with them. Soon all the animals of the forest-foxes, wolves, deer, elephants, leopards, and monkeys followed them shouting with all their might. The timid rabbit led them to the king of the forest.(এটা সৰু কেৰ্কেটুৱা বাদাম সংগ্ৰহ কৰাত ব্যস্ত আছিল। সি অকণো সময় নষ্ট নকৰিলে। বাদামবোৰ লৈ সিও দৌৰিবলৈ ধৰিলে। গছত থকা চৰাইবোৰেও শহাপহুটোৰ চিঞৰ শুনিলে আৰু সিহঁতেও তাৰ লগত উৰিবলৈ ধৰিলে। অতি সোনকালেই হাবিৰ সকলো জন্তু— শিয়াল, কুকুৰনেচীয়া বাঘ, পহু, হাতী, নাহৰফুটুকী বাঘ, আৰু বান্দৰবোৰে সম্পূৰ্ণ শক্তিৰে চিঞৰি চিঞৰি সিহঁতৰ পিছে পিছে দৌৰিবলৈ ধৰিলে। ভয়াতুৰ শহাপহুটোৱে সিহঁতক বনাঞ্চলৰ ৰজাৰ (সিংহৰ) ওচৰলৈ লৈ গৈছিল।)
When the king saw all the animals rushing towards his den, he too became anxious. He wanted to know why all the animals were running in that strange manner. The lion king asked, “What happened? Why are you all frightened? I am surprised at your strange behaviour. The timid rabbit said to the king, “Your Majesty, the sky is falling! We are searching for a safe place. Where will we go? Please, do something for us.” The king of the forest asked, “Where did you see the sky falling?” The rabbit said, “I was sleeping under a mango tree, Your Majesty. Just then the sky hit on my head.”(যেতিয়া ৰজাই দেখিলে যে সকলো জন্তু তাৰ গুহাৰ ফালে দৌৰি আহিছে, তেতিয়া সিও উদ্বিগ্ন হৈ পৰিল। সি জানিব বিচাৰিলে কিয় সকলো জন্তুৱে তেনেদৰে অস্বাভাৱিকভাৱে দৌৰিছে। সিংহ ৰজাই সুধিলে, “কি হ’ল? তোমালোক সকলোৱে কিয় ভয় খাইছা? তোমালোকৰ আচহুৱা আচৰণ দেখি মই আচৰিত হৈছোঁ।” ভয়াতুৰ শহাপহুটোৱে ৰজাক ক’লে, “মহাৰাজ, আকাশখন খহি পৰিছে! আমি এখন নিৰাপদ ঠাই বিচাৰি ফুৰিছোঁ। আমি কলৈ যাম? অনুগ্ৰহ কৰি আমাৰ বাবে কিবা এটা কৰক।” বনাঞ্চলৰ ৰজাই সুধিলে, “তুমি আকাশখন খহি পৰা ক’ত দেখিলা?” শহাপহুটোৱে ক’লে, “মই এজোপা আম গছৰ তলত শুই আছিলো, মহাৰাজ। ঠিক তেতিয়াই আকাশখনে মোৰ মূৰত খুন্দা মাৰিলে।”)
The king asked each of the animals one by one if they had seen the sky falling. The animals replied in one voice – “No, your Majesty!” The king then ordered all the animals to follow him. “Let’s go to the mango tree under which the rabbit was sleeping.” All the animals followed the king. On reaching the spot, he saw a mango lying on the ground. Immediately, the Lion King understood what had happened. He picked up the mango and said to the animals, “Ha! Ha! Ha! This is the sky which fell from the tree and hit the head of the rabbit.” The Lion King cleared his throat and said in a majestic voice, “Don’t we all know that the rabbit is timid and he’s scared of everything! But why did you all take leave of your senses?” “You should always think before you act.” All the animals felt ashamed and said sorry to the king.(ৰজাই জন্তুবোৰক এজন এজনকৈ সুধিলে যে সিহঁতে আকাশখন খহি পৰা দেখিছিল নেকি। জন্তুবোৰে একেমুখে উত্তৰ দিলে – “নাই দেখা, মহাৰাজ!” তেতিয়া ৰজাই সকলো জন্তুক তাৰ পিছে পিছে আহিবলৈ আদেশ দিলে। “ব’লা সেই আম গছজোপাৰ ওচৰলৈ যাওঁ যাৰ তলত শহাপহুটো শুই আছিল।” সকলো জন্তু ৰজাৰ পিছে পিছে গ’ল। ঠাইখনত উপস্থিত হৈ সি মাটিত এটা আম পৰি থকা দেখিলে। লগে লগে সিংহ ৰজাই বুজি পালে কি ঘটিছিল। সি আমটো তুলি লৈ জন্তুবোৰক ক’লে, “হা! হা! হা! এইখনেই হৈছে আকাশখন যিখন গছৰ পৰা সৰি শহাপহুটোৰ মূৰত পৰিছিল।” সিংহ ৰজাই ডিঙিটো চাফা কৰি এটা গাম্ভীৰ্যপূৰ্ণ মাতেৰে ক’লে, “আমি সকলোৱে জানো নহয় যে শহাপহুটো ভয়াতুৰ আৰু সি সকলো কথাতে ভয় খায়! কিন্তু তোমালোকে কিয় নিজৰ কাণ্ডজ্ঞান হেৰুৱালা?” “তোমালোকে কাম কৰাৰ আগতে সদায় চিন্তা কৰিব লাগে।” সকলো জন্তুৱে লাজ পালে আৰু ৰজাৰ ওচৰত ক্ষমা খুজিলে।)
Q1. Where was the rabbit having a nap?: শহাপহুৱে ক’ত টোপনি মাৰি আছিল?
Ans: The rabbit was having a nap under a mango tree.: শহাপহুৱে এজোপা আম গছৰ তলত টোপনি মাৰি আছিল।
Q2. What did the rabbit do after something fell on its head?: মূৰত কিবা এটা পৰাৰ পিছত শহাপহুৱে কি কৰিলে?
Ans: The rabbit jumped up in fright and started to run. মূৰত কিবা এটা পৰাৰ পিছত শহাপহুৱে ভয়তে জঁপিয়াই উঠিল আৰু দৌৰিবলৈ ধৰিলে।
Q3. Who led the animals to the King of the forest? বনাঞ্চলৰ ৰজাৰ ওচৰলৈ জন্তুবোৰক কোনে লৈ গৈছিল?
Ans: The timid rabbit led them to the king of the forest. ভয়াতুৰ শহাপহুৱে জন্তুবোৰক বনাঞ্চলৰ ৰজাৰ ওচৰলৈ লৈ গৈছিল।
Q4. “On reaching the spot, he saw a mango lying on the ground”. Who is the ‘he’ referred to in the story? “On reaching the spot, he saw a mango lying on the ground” (ঠাইখনত উপস্থিত হৈ সি মাটিত এটা আম পৰি থকা দেখিলে)। কাহিনীটোত ‘he’ (সি) বুলি কাক বুজোৱা হৈছে?
Ans: In the story, ‘he’ refers to the Lion King.(কাহিনীটোত ‘he’ (সি) বুলি সিংহ ৰজাক বুজোৱা হৈছে।)
Q5. “You should always think before you act.” Who said this and to whom? “You should always think before you act” (কাম কৰাৰ আগতে সদায় চিন্তা কৰিব লাগে)। এই কথাষাৰ কোনে কাক কৈছিল?
Ans: The Lion King said this to all the animals. (সিংহ ৰজাই আন সকলো জন্তুক এই কথাষাৰ কৈছিল।)
Q6. Who helped the animals understand the truth at the end? (শেষত জন্তুবোৰক সঁচা কথাটো বুজাত কোনে সহায় কৰিলে?)
Ans: The Lion King helped the animals understand the truth by showing them the fallen mango. (শেষত সিংহ ৰজাই মাটিত পৰি থকা আমটো দেখুৱাই জন্তুবোৰক সঁচা কথাটো বুজাত সহায় কৰিলে।)
Q7. What does this sentence – ‘Think before you act’ mean? ‘Think before you act’ (কাম কৰাৰ আগতে চিন্তা কৰা) – এই বাক্যশাৰীৰ অৰ্থ কি?
Ans: It means we should carefully think about the situation and its results before doing anything in a hurry. ইয়াৰ অৰ্থ হ’ল আমি লৰালৰিকৈ বা ভয়তে কোনো কাম কৰাৰ পৰিৱৰ্তে, কামটো কৰাৰ আগতে পৰিস্থিতিটোৰ বিষয়ে সাৱধানে চিন্তা কৰিব লাগে।
Activity 16: Read the following sentences. Replace the underlined words by choosing a similar word from the box. Now rewrite the sentences.
(Words in the box: anxious, began, unusual, timid, ashamed)
তলৰ বাক্যবোৰ পঢ়া। বাকচৰ পৰা একে অৰ্থ বুজোৱা শব্দ বাছি লৈ আঁচ টনা শব্দবোৰৰ ঠাইত বহুওৱা। এতিয়া বাক্যবোৰ পুনৰ লিখা।
Ans:
i) The king was eager to know what had happened.
- Rewritten: The king was anxious to know what had happened.
- ৰজাই কি ঘটিছিল জানিবলৈ বৰ উদ্বিগ্ন হৈ পৰিছিল।
ii) A fearful rabbit led them to the king.
- Rewritten: A timid rabbit led them to the king.
- এটা ভয়াতুৰ শহাপহুৱে সিহঁতক ৰজাৰ ওচৰলৈ লৈ গৈছিল।
iii) The rabbit heard a strange sound.
- Rewritten: The rabbit heard an unusual sound.
- শহাপহুটোৱে এটা আচহুৱা শব্দ শুনিছিল।
iv) He stood up in fright and started to run.
- Rewritten: He stood up in fright and began to run.
- সি ভয়তে থিয় হ’ল আৰু দৌৰিবলৈ ধৰিলে।
v) The animals felt quite embarrassed when the king told the truth.
- Rewritten: The animals felt quite ashamed when the king told the truth.
- ৰজাই সঁচা কথাটো কোৱাত জন্তুবোৰে বৰ লাজ পালে।
Activity 17. b) Read the story and match column A with column B to complete the sentences. Now, rewrite the complete sentences in the space provided below.(কাহিনীটো পঢ়া আৰু বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ ‘A’ স্তম্ভৰ লগত ‘B’ স্তম্ভ মিলোৱা। এতিয়া, তলত দিয়া খালী ঠাইত সম্পূৰ্ণ বাক্যবোৰ লিখা।)
Complete Sentences (Answer) / সম্পূৰ্ণ বাক্যবোৰ (উত্তৰ):
i) The timid rabbit was frightened and ran.(ভয়াতুৰ শহাপহুটোৱে ভয় খাইছিল আৰু দৌৰিছিল।)
ii) The animals of the forest followed the rabbit.(হাবিৰ জন্তুবোৰে শহাপহুটোৰ পিছে পিছে গৈছিল।)
iii) The Lion King was anxious to know what had happened.(সিংহ ৰজাই কি ঘটিছিল জানিবলৈ উদ্বিগ্ন হৈছিল।)
iv) The timid rabbit said to the king, “Your Majesty, the sky is falling!”(ভয়াতুৰ শহাপহুটোৱে ৰজাক ক’লে, “মহাৰাজ, আকাশখন খহি পৰিছে!”)
v) A ripe mango fell from the tree on the rabbit’s head.(গছৰ পৰা এটা পকা আম শহাপহুটোৰ মূৰত পৰিল।)
vi) The Lion King ordered the animals to follow him.(সিংহ ৰজাই জন্তুবোৰক তাৰ পিছে পিছে আহিবলৈ আদেশ দিলে।)
vii) The Lion King picked up the mango. “Ha! Ha! Ha!”, the lion laughed.(সিংহ ৰজাই আমটো তুলি ল’লে আৰু “হা! হা! হা!” বুলি হাঁহিলে।)
viii) This is the sky which fell from the tree that hit the head of the rabbit.(এইখনেই সেই আকাশখন যিখন গছৰ পৰা সৰি শহাপহুটোৰ মূৰত খুন্দা মাৰিছিল।)
ix) The Lion King asked the animals in a majestic voice, “Why did you all take leave of your senses?”( সিংহ ৰজাই এটা গাম্ভীৰ্যপূৰ্ণ মাতেৰে জন্তুবোৰক সুধিলে, “তোমালোকে কিয় নিজৰ কাণ্ডজ্ঞান হেৰুৱালা?”)
x) You should always think before you act.( কাম কৰাৰ আগতে সদায় চিন্তা কৰিব লাগে।)
Activity 19. Solve the riddle
Solve the riddle:
Before you do, count one, two
Stop and think- what is true?
Be wise and careful in all you do,
What’s this rule? May I ask you?
Now, rearrange the words in the box to find the answer. Write down the sentence: (you, think, act, before)
সাথৰটো ভাঙা: আগবাঢ়ি যোৱাৰ আগতে এক, দুই গণা, ৰোৱা আৰু ভাবা- সঁচা কি? তুমি কৰা সকলো কামতে জ্ঞানী আৰু সাৱধান হোৱা, এই নিয়মটো কি? মই তোমাক সুধিব পাৰোঁনে? এতিয়া, উত্তৰটো পাবলৈ বাকচত থকা শব্দবোৰ সজাই লিখা। বাক্যটো লিখা: (you, think, act, before)
Answer: Think before you act.
Activity 20. a) Let’s locate words that begin with /f/ in the story ‘The Sky is Falling’. Read the story and write down the words in the basket provided below:
আহাঁ, ‘The Sky is Falling’ (আকাশখন খহি পৰিছে) সাধুটোত /f/ (‘ফ’) আখৰেৰে আৰম্ভ হোৱা শব্দবোৰ বিচাৰি উলিওৱা। সাধুটো পঢ়া আৰু তলত দিয়া পাচিটোত শব্দবোৰ লিখা:
Ans: Here are the words from the story starting with ‘f’. You can write any six in your basket: (সাধুটোৰ পৰা ‘f’ ৰে আৰম্ভ হোৱা শব্দবোৰ তলত দিয়া হ’ল। তুমি তোমাৰ পাচিটোত ইয়াৰে যিকোনো ছয়টা লিখিব পাৰা:)
- forest (হাবি)
- fell (পৰিছিল)
- find (বিচাৰি পোৱা)
- fright (ভয়)
- fast (খৰকৈ/বেগাই)
- fly (উৰা)
- foxes (শিয়ালবোৰ)
- followed (পিছে পিছে গৈছিল)
Activity 20. c) Question: Reread the poem ‘Try Try Again’ and find the words which have /f/ as an initial sound. Write down the words in the spaces given below:
‘Try Try Again’ (চেষ্টা কৰা, আকৌ চেষ্টা কৰা) কবিতাটো আকৌ পঢ়া আৰু /f/ (‘ফ’) ৰে আৰম্ভ হোৱা শব্দবোৰ বিচাৰি উলিওৱা। তলত দিয়া খালী ঠাইবোৰত শব্দবোৰ লিখা:
Answer / উত্তৰ:
- first (প্ৰথম)
- for (বাবে / কাৰণ)
- fear (ভয়)
- fail (বিফল / হাৰ মনা)
- find (বিচাৰি পোৱা / দেখা পোৱা)
- folks (মানুহবোৰ)
Activity 22. a) Let’s listen to the story: (আহাঁ আমি সাধুটো শুনো:)
Once upon a time, there was a brave king. এসময়ত এজন সাহসী ৰজা আছিল।
His name was Robert Bruce. তেওঁৰ নাম ৰবাৰ্ট ব্ৰুচ আছিল।
He fought many battles. তেওঁ বহুতো যুদ্ধ কৰিছিল।
He won them all. তেওঁ আটাইবোৰতে জয়ী হৈছিল।
One day, he lost a battle. এদিনাখন, তেওঁ এখন যুদ্ধত পৰাস্ত হ’ল (হাৰিল)।
The king felt sad. ৰজাজনৰ বৰ দুখ লাগিল।
He hid inside a cave. তেওঁ এটা গুহাৰ ভিতৰত লুকাই থাকিল।
In the cave, he saw a spider. গুহাটোৰ ভিতৰত, তেওঁ এটা মকৰা দেখিলে।
The spider was climbing the wall to weave a cob web.মকৰাটোৱে জাল গুঁঠিবলৈ বেৰত বগাই আছিল।
It climbed up a few steps and then slipped down. ই কেইখোজমান ওপৰলৈ বগাইছিল আৰু তাৰ পিছত পিছলি পৰি গৈছিল।
It tried again. It fell again. ই আকৌ চেষ্টা কৰিলে। ই আকৌ পৰি গ’ল।
The spider did not stop. মকৰাটো থমকি ৰোৱা নাছিল।
At last, it made a web. অৱশেষত, ই এখন জাল বনাবলৈ সক্ষম হ’ল।
The king thought, “If a spider can try again, I too can.” ৰজাই ভাবিলে, “যদি এটা মকৰাই আকৌ চেষ্টা কৰিব পাৰে, তেন্তে ময়ো পাৰিম।”
He called his soldiers. তেওঁ তেওঁৰ সৈন্যবোৰক মাতিলে।
They fought again. তেওঁলোকে আকৌ যুদ্ধ কৰিলে।
This time, they won the battle. এইবাৰ, তেওঁলোকে যুদ্ধত জয়লাভ কৰিলে।
Activity 22. b) Listen and say ‘yes’ or ‘no’
(শুনা আৰু ‘হয়’ (yes) বা ‘নহয়’ (no) কোৱা:)
i) King Bruce was a brave king.
ৰজা ব্ৰুচ এজন সাহসী ৰজা আছিল।
Ans: Yes (হয়)
ii) The king was happy in the cave.
ৰজাজন গুহাটোত সুখী আছিল।
Ans: No (নহয়) – He was sad / তেওঁ দুখী আছিল।
iii) The king saw a spider climbing a wall.
ৰজাই এটা মকৰা বেৰত বগোৱা দেখিছিল।
Ans: Yes (হয়)
iv) The spider did not finish weaving the web.
:মকৰাটোৱে জাল গুঁঠি শেষ কৰা নাছিল।
Ans: No (নহয়) – It completed the web at last / অৱশেষত ই জালখন বনাই শেষ কৰিছিল।
v) The king learned his lesson from the spider.
ৰজাই মকৰাটোৰ পৰা শিক্ষা লাভ কৰিছিল।
Ans: Yes (হয়)
Activity 22. c) Question: The story of ‘King Bruce and the Spider’ is given below, but the paragraphs are jumbled. Read the text under each picture carefully. Then, rearrange and number the boxes as 1, 2, 3 and 4 in sequence to form a meaningful story.
‘ৰজা ব্ৰুচ আৰু মকৰা’ৰ সাধুটো তলত দিয়া হৈছে, কিন্তু দফা (paragraphs) বোৰ খেলিমেলিকৈ দিয়া আছে। প্ৰতিখন ছবিৰ তলৰ পাঠখিনি সাৱধানে পঢ়া। তাৰ পিছত এটা অৰ্থপূৰ্ণ সাধু বনাবলৈ বাকচবোৰ ক্ৰমানুসাৰে সজাই ১, ২, ৩ আৰু ৪ নম্বৰ দিয়া।
Ans (The Correct Sequence 1 to 4) :
1. Once upon a time there was a brave king who won many battles. He lost a battle once. He was upset. So, he ran away from the battlefield, and hid in a cave. (এসময়ত এজন সাহসী ৰজা আছিল যিয়ে বহুতো যুদ্ধত জয়লাভ কৰিছিল। তেওঁ এবাৰ এখন যুদ্ধত হাৰিল। তেওঁৰ বৰ দুখ লাগিল। সেয়েহে, তেওঁ যুদ্ধক্ষেত্ৰৰ পৰা পলাই গৈ এটা গুহাত লুকাই থাকিল।)
2. He saw a spider inside the cave. It was trying to spin a cobweb, but failed. It tried hard again and again. Each time the spider climbed higher it fell down. But it didn’t lose patience and hope. (তেওঁ গুহাটোৰ ভিতৰত এটা মকৰা দেখিলে। ই এখন মকৰাজাল গুঁঠিবলৈ চেষ্টা কৰি আছিল, কিন্তু বিফল হৈছিল। ই বাৰে বাৰে কঠোৰ চেষ্টা কৰিছিল। প্ৰতিবাৰেই মকৰাটোৱে যিমানেই ওপৰলৈ বগাইছিল, সিমানেই তললৈ পৰি গৈছিল। কিন্তু ই ধৈৰ্য্য আৰু আশা এৰি দিয়া নাছিল।)
3. With strong will and perseverance it worked harder and harder. It did not give up and finally completed the cobweb only because of its hard labour. This hard work of the spider inspired the king. (প্ৰবল ইচ্ছা শক্তি আৰু নেৰানেপেৰা প্ৰচেষ্টাৰে ই ক্ৰমান্বয়ে অধিক কঠোৰ পৰিশ্ৰম কৰিছিল। ই হাৰ মনা নাছিল আৰু অৱশেষত কেৱল নিজৰ কঠোৰ পৰিশ্ৰমৰ বাবেই মকৰাজালখন সম্পূৰ্ণ কৰিব পাৰিলে। মকৰাটোৰ এই কঠোৰ পৰিশ্ৰমে ৰজাক অনুপ্ৰাণিত কৰিলে।)
4. The king understood that he shouldn’t be frustrated. He should try to get back his kingdom once again for his countrymen. One must work hard to succeed in life. (ৰজাই বুজি পালে যে তেওঁ নিৰাশ হ’ব নালাগে। তেওঁ নিজৰ দেশবাসীৰ বাবে পুনৰবাৰ নিজৰ ৰাজ্যখন ঘূৰাই পাবলৈ চেষ্টা কৰা উচিত। জীৱনত সফল হ’বলৈ মানুহে কঠোৰ পৰিশ্ৰম কৰিবই লাগিব।)
Activity 22. d) Question: Read the following sentences. Number them to get the correct sequence. One is done for you.
তলৰ বাক্যবোৰ পঢ়া। সঠিক ক্ৰম পাবলৈ সেইবোৰত নম্বৰ দিয়া। তোমাৰ বাবে এটা কৰি দিয়া হৈছে।
Ans (The Correct Order of Sentences 1 to 8) / :
- Once a king lost his kingdom. (এবাৰ এজন ৰজাই নিজৰ ৰাজ্য হেৰুৱাইছিল।)
- He ran away and took shelter in a cave. (তেওঁ পলাই গৈ এটা গুহাত আশ্ৰয় লৈছিল।)
- He saw a spider trying to spin a web. (তেওঁ এটা মকৰাক জাল গুঁঠিবলৈ চেষ্টা কৰি থকা দেখিছিল।)
- The spider tried again and again to spin the cobweb. (মকৰাটোৱে জালখন গুঁঠিবলৈ বাৰে বাৰে চেষ্টা কৰিছিল।)
- Because of its hard labour the spider finally succeeded. (নিজৰ কঠোৰ পৰিশ্ৰমৰ বাবে মকৰাটো অৱশেষত সফল হৈছিল।)
- The king was inspired by the strong will of the spider. (মকৰাটোৰ প্ৰবল ইচ্ছা শক্তি দেখি ৰজাজন অনুপ্ৰাণিত হৈছিল।)
- The king fought again with his enemy. (ৰজাই তেওঁৰ শত্ৰুৰ সৈতে আকৌ যুদ্ধ কৰিলে।)
- He got back his kingdom. (তেওঁ নিজৰ ৰাজ্যখন ঘূৰাই পালে।)
(Note: In your book, put these correct numbers next to the sentences! / বি.দ্ৰ.: তোমাৰ কিতাপত বাক্যবোৰৰ কাষত এই সঠিক নম্বৰবোৰ বহুৱাই ল’বা!)
Activity 23. Fill the missing letters
Question: Look at the letters in each circle. The circle has one letter missing. Fill in the missing letter to make a meaningful word. Write the word in the given spaces: প্ৰতিটো বৃত্তত থকা আখৰবোৰলৈ চোৱা। বৃত্তটোত এটা আখৰ নাই। এটা অৰ্থপূৰ্ণ শব্দ বনাবলৈ নথকা আখৰটো পূৰণ কৰা। দিয়া হোৱা খালী ঠাইত শব্দটো লিখা:
Ans :
- i. Missing Letter: s
- Word: striving (চেষ্টা কৰি থকা / প্ৰচেষ্টা চলোৱা)
- ii. Missing Letter: p
- Word: patience (ধৈৰ্য্য)
- iii. Missing Letter: p
- Word: powerful (শক্তিশালী)
- iv. Missing Letter: s
- Word: struggle (সংগ্ৰাম / কষ্ট কৰা)