SCERT Class 5 Assamese Chapter 10 (তিনিটা মাছৰ কাহিনী) Question Answer । Class 5 Chapter 10 (তিনিটা মাছৰ কাহিনী) Question Answer

তিনিটা মাছৰ কাহিনী

১। উত্তৰ দিয়া:
(ক) “তিনিটা মাছৰ কাহিনী”ত থকা মাছ কেইটাৰ নাম কি কি?
উত্তৰ: “তিনিটা মাছৰ কাহিনী”ত থকা মাছ কেইটাৰ নাম হ’ল— অনাগতবিধাতা, প্ৰত্যুৎপন্নমতি আৰু যদভৱিষ্য।

(খ) অনাগতবিধাতা কিয় শংকিত হৈছিল?
উত্তৰ: কেইজনমান মাছমৰীয়াই বিলখনত মাছ মৰাৰ কথা আলোচনা কৰি থকা শুনি অনাগতবিধাতা শংকিত হৈছিল।

(গ) অনাগতবিধাতাৰ কথা কোনে সমৰ্থন কৰিছিল?
উত্তৰ: অনাগতবিধাতাৰ কথা প্ৰত্যুৎপন্নমতিয়ে সমৰ্থন কৰিছিল।

(ঘ) কোনে বিপদৰ কথা নাভাবি আঁকোৰগোঁজ হৈ থাকি মৃত্যুক সাৱতি ল’লে?
উত্তৰ: যদভৱিষ্যই বিপদৰ কথা নাভাবি আঁকোৰগোঁজ হৈ থাকি মৃত্যুক সাৱতি ল’লে।

(ঙ) মাছমৰীয়াকেইজনে কিহেৰে পুখুৰীত মাছ মাৰিলে?
উত্তৰ: মাছমৰীয়াকেইজনে জালেৰে পুখুৰীত মাছ মাৰিলে।

২। তলৰ কথাকেইষাৰ কোনে, কি উদ্দেশ্যৰে, কাক কৈছিল লিখা:
(ক) “আপুনি সঁচা কথাকেই কৈছে। ময়ো এই বিল এৰি ওচৰত থকা আন খাল-বিললৈ যোৱাটো উচিত বুলি ভাবোঁ।”
উত্তৰ: এই কথাষাৰ প্ৰত্যুৎপন্নমতিয়ে অনাগতবিধাতাক কৈছিল। মাছমৰীয়াহঁতৰ হাতৰ পৰা নিজৰ জীৱন ৰক্ষা কৰাৰ উদ্দেশ্যেই তেওঁ এই কথা কৈছিল।

(খ) “মই মুখৰ কথাতেই পিতৃ-পিতামহৰ এই বিলখন এৰি যোৱাটো যুক্তিযুক্ত বুলি নাভাবোঁ।”
উত্তৰ: এই কথাষাৰ যদভৱিষ্যই অনাগতবিধাতা আৰু প্ৰত্যুৎপন্নমতিক কৈছিল। বিলখনৰ প্ৰতি থকা মোহ আৰু পুৰণি ঠাই এৰি যাব নিবিচৰা উদ্দেশ্যৰে তেওঁ এই কথা কৈছিল।

(গ) “কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছ মাৰি নিঃশেষ কৰিব।”
উত্তৰ: এই কথাষাৰ অনাগতবিধাতাই যদভৱিষ্য আৰু প্ৰত্যুৎপন্নমতিক কৈছিল। মাছমৰীয়াসকলৰ পৰা আহিব পৰা বিপদৰ আগজাননী দিয়াৰ উদ্দেশ্যে তেওঁ এই কথা কৈছিল।

৩। সাধুটোত মাছ তিনিটাই কোৱা কথাখিনি সহজ কথাৰে লিখা:
উত্তৰ: অনাগতবিধাতাই মাছমৰীয়াহঁতৰ কথা শুনি ক’লে যে কাইলৈ মাছমৰীয়াসকল আহি বিলৰ মাছবোৰ ধৰিব, গতিকে বিপদ অহাৰ আগতেই ৰাতিৰ ভিতৰতে আমি আন সুৰক্ষিত বিললৈ গুচি যাব লাগে।
প্ৰত্যুৎপন্নমতিয়ে অনাগতবিধাতাৰ কথা সমৰ্থন কৰি ক’লে যে যি ঠাইত বিপদৰ সম্ভাৱনা থাকে, সেই ঠাইত থকাটো অনুচিত। যি মানুহে উপাই থকা সত্ত্বেও বিপদত জপিয়াই পৰে তেওঁ নিৰ্বোধ।
কিন্তু যদভৱিষ্যই ক’লে যে কপালত যি আছে সেয়াই হ’ব। আয়ুস থাকিলে কোনো ক্ষতি নহয় আৰু আয়ুস শেষ হ’লে বিল এৰি গ’লেও মৃত্যু হ’বই। সেয়ে সি পুৰণি বিল এৰি যাবলৈ অমান্তি হ’ল।

৪। শব্দ আৰু অৰ্থ:

শব্দঅৰ্থ
অনাগতবিধাতাযি বিপদ অহাৰ আগতেই সাৱধান হয়
এখন্তেকঅলপ সময় বা এক মুহূৰ্ত
নাশধ্বংস বা মৃত্যু
আঁকোৰগোঁজনিজৰ মতত অটল থকা (অযুক্তিকৰভাৱে)
প্ৰত্যুৎপন্নমতিযাৰ উপস্থিত বুদ্ধি আছে
ঘোদালিপানী ঘোলা কৰা বা তল-ওপৰ কৰা
সুৰক্ষিতবিপদৰ পৰা মুক্ত বা নিৰাপদ
উচ্চস্বৰেডাঙৰ মাতেৰে
যদভৱিষ্যযি কপাল বা ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে
নিঃশেষসম্পূৰ্ণৰূপে শেষ হোৱা
হাত-সাৱটি থকাএকো নকৰাকৈ বহি থকা

৫। তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা:
(ক) মাছমৰীয়াহঁতৰ কথা শুনি অনাগতবিধাতাই লগৰীয়া মাছবোৰক কি ক’লে?
উত্তৰ: অনাগতবিধাতাই লগৰীয়াহঁতক ক’লে যে মাছমৰীয়াসকলে কাইলৈ পুৱাই বিলত মাছ মাৰিবলৈ আহিব। গতিকে নিৰাপদ হৈ থাকিবলৈ হ’লে ৰাতিৰ ভিতৰতে সকলোৱে ওচৰৰে আন এখন বিললৈ গুচি যোৱাটোৱেই মংগল।

(খ) অনাগতবিধাতাই কোৱা কথাটো প্ৰত্যুৎপন্নমতিয়ে কিয় সমৰ্থন কৰিলে?
উত্তৰ: প্ৰত্যুৎপন্নমতিৰ মতে যি ঠাইত বিপদ নিশ্চিত, সেই ঠাইত থকাটো উচিত নহয়। অকল ভাগ্যৰ ওপৰত ভৰসা কৰি বহি থকাটো কাপুৰুষৰ লক্ষণ, সেয়ে তেওঁ অনাগতবিধাতাৰ কথা সমৰ্থন কৰিলে।

(গ) যদভৱিষ্যই কিয় মৃত্যুক সাৱটি ল’ব লগা হ’ল?
উত্তৰ: যদভৱিষ্যই কেৱল ভাগ্যৰ ওপৰত বিশ্বাস কৰি আঁকোৰগোঁজ হৈ পুৰণি বিলতে থাকি গৈছিল। তেওঁ সময়মতে সাৱধান নোহোৱাৰ বাবে মাছমৰীয়াৰ জালত পৰি মৃত্যুক সাৱটি ল’ব লগা হ’ল।

(ঘ) আঁকোৰগোঁজ মনোভাৱে মানুহক কেনেদৰে বিপদত পেলায়?
উত্তৰ: আঁকোৰগোঁজ মনোভাৱে মানুহক বাস্তৱ পৰিস্থিতি বুজাত বাধা দিয়ে। এনে লোকৰ উচিত বিচাৰ-বুদ্ধি লোপ পায় আৰু আনৰ ভাল উপদেশকো গ্ৰহণ নকৰে, যাৰ ফলত তেওঁলোক চৰম বিপদৰ সন্মুখীন হয়।

৬। খালী ঠাই পূৰ কৰা:
(ক) এখন বিলত ভালেমান । সেই বিলতে একেলগে বাস কৰি আছিল। এদিন অনাগতবিধতাই পুখুৰীত সাঁতুৰি – নাদুৰি _ মাছমৰীয়া কেইজনমানে কথা পতা শুনিলে , – “ _ মৰা নাই, ইয়াত নিশ্চয় বহুতো ডাঙৰ ডাঙৰ মাছ আছে। গতিকে কাইলৈ __” এইবুলি কৈ মাছমৰীয়াসকল ঘৰা- ঘৰি গুচি গ’ল।

উত্তৰ: এখন বিলত ভালেমান মাছ আছিল। সেই বিলতে অনাগতবিধাতা, প্ৰত্যুৎপন্নমতি আৰু যদভৱিষ্য নামৰ তিনিটা ডাঙৰ মাছে বহুদিন ধৰি একেলগে বাস কৰি আছিল। এদিন অনাগতবিধাতাই পুখুৰীত সাঁতুৰি – নাদুৰী থাকোঁতে সেইফালৰে গৈ থকা মাছমৰীয়া কেইজনমানে কথা পাতি থকা শুনিলে – “ এই বিলখনত বহুদিন কোনেও মাছ মৰা নাই, ইয়াত নিশ্চয় বহুতো ডাঙৰ ডাঙৰ মাছ আছে। গতিকে কাইলৈ পুৱা আহি এই বিলত মাছ মাৰিব লাগিব ।” এইবুলি কৈ মাছমৰীয়াসকল ঘৰাঘৰি গুচি গ’ল।

(খ) যদভৱিষ্যৰ এনেকুৱা । পাছদিনাখন পুৱা _ পেলালে। তেওঁলোকে জালেৰে যদভৱিষ্যৰ __ঘৰলৈ লৈ গ’ল।

উত্তৰ: যদভৱিষ্যৰ এনেকুৱা আঁকোৰগোঁজ মনোভাৱ দেখি তেওঁক এৰি অনাগতবিধাতা আৰু প্ৰত্যুৎপন্নমতি নিজৰ নিজৰ পৰিয়ালবৰ্গৰে সৈতে আন বিললৈ গুচি গ’ল। পাছদিনাখন পুৱা মাছমৰীয়াসকলে আহি বিলত জাল পেলালে। তেওঁলোকে জালেৰে যদভৱিষ্যৰ লগতে থকা অন্যান্য মাছবোৰকো জালেৰে ধৰি ঘৰলৈ লৈ গ’ল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top