SCERT Class 5 Assamese Chapter 11 (অমলপ্ৰভা দাস) Question Answer 2026 । Class 5 Chapter 11 (অমলপ্ৰভা দাস) Question Answer

অমলপ্ৰভা দাস

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:
(ক) অমলপ্রভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল?
উত্তৰ: অমলপ্রভা দাসৰ পিতৃ আছিল বিশিষ্ট চিকিৎসক আৰু সমাজসেৱক ডা০ হৰিকৃষ্ণ দাস আৰু তেখেতৰ মাতৃ আছিল নিষ্ঠাৱান দেশপ্ৰেমিক হেমপ্ৰভা দাস।

(খ) অমলপ্ৰভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল?
উত্তৰ: মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অমলপ্ৰভা দাসে মাত্ৰ দহ বছৰ বয়সৰ পৰাই যঁতৰত সূতা কাটিবলৈ আৰম্ভ কৰিছিল।

(গ) তেখেতে শৰণীয়া পাহাৰত কি কি উদ্যোগ পাতিছিল?
উত্তৰ: অমলপ্ৰভা দাসে গুৱাহাটীৰ শৰণীয়া পাহাৰত খাদি আৰু গ্ৰামোদ্যাগৰ প্ৰসাৰৰ বাবে তেলপেৰা ঘানি, হাতেৰে কাগজ তৈয়াৰ কৰা কেন্দ্ৰ, চাবোন তৈয়াৰ কৰা উদ্যোগ, মৌ পালন কেন্দ্ৰ আৰু তাঁতৰ কাপোৰ বোৱা আদি বিভিন্ন ধৰণৰ কুটীৰ উদ্যোগ পাতিছিল।

(ঘ) এই উদ্যোগবোৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল?
উত্তৰ: তেখেতে ভাবিছিল যে এই ক্ষুদ্ৰ উদ্যোগবোৰে দেশবাসীক স্বাৱলম্বী হ’বলৈ শিকাৰ আৰু আৰ্থিক অৱস্থা টনকিয়াল কৰাত সহায় কৰিব। ইয়াৰ দ্বাৰাহে মানুহে পৰনিৰ্ভৰশীলতা ত্যাগ কৰি প্ৰকৃত স্বৰাজ লাভ কৰিবলৈ সমৰ্থ হ’ব।

(ঙ) চৰকাৰে অমলপ্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল?
উত্তৰ: ভাৰত চৰকাৰে সমাজসেৱাৰ ক্ষেত্ৰত অমলপ্ৰভা দাসে আগবঢ়োৱা অতুলনীয় অৱদানৰ স্বীকৃতিস্বৰূপে তেখেতক দেশৰ উচ্চ অসামৰিক সন্মান ‘পদ্মবিভূষণ’ দিবলৈ বিচাৰিছিল।

২। তলৰ কথাখিনি কোনে, কাক, কিয় কৈছিল লিখা:
‘মই সামান্যভাৱে যিকণ সেৱা আগবঢ়াইছোঁ তাক সন্মানিত কৰাৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনাইছোঁ। কিন্তু মই এই সন্মান ল’ব নোৱাৰিম, কিয়নো ই মোৰ মনলৈ অহংকাৰ ভাৱ আনি দিব। তাৰ বাবে মোক অনুগ্ৰহ কৰি মৰ্জনা কৰে যেন।’

উত্তৰ: উক্ত কথাষাৰ অমলপ্ৰভা দাসে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক এখন চিঠিৰ জৰিয়তে জনাইছিল।
ভাৰত চৰকাৰে তেখেতৰ নিস্বাৰ্থ সমাজসেৱাৰ বাবে ‘পদ্মবিভূষণ’ উপাধি প্ৰদান কৰিব বিচাৰিছিল। কিন্তু এগৰাকী প্ৰকৃত গান্ধীবাদী সেৱিকা হিচাপে তেখেতে ভাবিছিল যে এনে সন্মানে তেখেতৰ মনলৈ অহংকাৰৰ ভাৱ আনিব পাৰে আৰু তেখেতৰ সেৱাৰ মনোভাৱত বাধাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে তেখেতে অতি বিনয়েৰে এই সন্মান গ্ৰহণ কৰিবলৈ অমান্তি হৈ ক্ষমা বিচাৰিছিল।

৩। স্কুলীয়া জীৱনত অমলপ্ৰভা দাসে পঢ়াৰ উপৰি মাক-দেউতাকক কি কি কামত সহায় কৰিছিল?
উত্তৰ: স্কুলীয়া জীৱনত অমলপ্ৰভা দাস এগৰাকী অতি কৰ্মঠ ছোৱালী আছিল। পঢ়া-শুনাৰ উপৰি তেখেতে স্কুলৰ পৰা আহি আজৰি সময়ত ঘৰৰ ফুলনিত কাম কৰিছিল। তেখেতে নিজ হাতে ফুল ৰুইছিল, গছ-পুলিৰ গুৰি খচকি দিছিল আৰু নিয়মীয়াকৈ পানী দি মাক-দেউতাকক বাগানৰ কামত যথেষ্ট সহায় কৰি দিছিল।

৪। কটন কলেজত তেখেতক পঢ়িবলৈ কিয় দিয়া নাছিল?
উত্তৰ: অমলপ্ৰভা দাসে বিজ্ঞান শাখাত উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰিছিল। কিন্তু সেই সময়ত অসমৰ একমাত্ৰ উচ্চ শিক্ষাৰ কেন্দ্ৰ কটন কলেজত ছোৱালীয়ে বিজ্ঞান পঢ়াৰ বাবে কোনো ধৰণৰ সুকীয়া ব্যৱস্থা বা অনুমতি নাছিল। সেই বিশেষ কাৰণটোৰ বাবেই অমলপ্ৰভা দাসে বিচাৰি থকা সত্ত্বেও কটন কলেজত নামভৰ্তি কৰিবলৈ দিয়া হোৱা নাছিল।

৫। শৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ উদ্দেশ্য কি আছিল?
উত্তৰ: শৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ মূল উদ্দেশ্য আছিল অসমৰ ডেকা-ডেকেৰীসকলক কৰ্মমুখী শিক্ষাৰে শিক্ষিত কৰা আৰু তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তোলা। হাতেৰে কাম কৰি কেনেকৈ নিজৰ উপাৰ্জন নিজেই কৰিব পাৰি আৰু সমাজৰ বাবে অৰিহণা যোগাব পাৰি, সেই আদৰ্শটো গাঁৱৰ মানুহৰ মাজত বিলাই দিয়াই আছিল তেখেতৰ মূল লক্ষ্য।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top