SCERT Class 5 Assamese Chapter 13 (ওজা-পালি) Question Answer 2026 । Class 5 Chapter 13 (ওজা-পালি) Question Answer

ওজা-পালি

১। উত্তৰ দিয়া:
(ক) ওজা-পালি কি?
উত্তৰ: ওজা-পালি হৈছে অসমৰ এটি অতি প্ৰাচীন আৰু জনপ্ৰিয় লোক-নাট্য অনুষ্ঠান। ইয়াত নৃত্য, গীত আৰু অভিনয়ৰ এক সুন্দৰ মিশ্ৰণ দেখা পোৱা যায়।

(খ) ওজা-পালিৰ মুখ্য পালিকাজনক কি বোলা হয়?
উত্তৰ: ওজা-পালি অনুষ্ঠানত ওজাক গীত-পদ গোৱাত সহায় কৰি দিয়া যিজন মুখ্য পালি থাকে, সেই মুখ্য পালিকাজনক ‘ডাইনা-পালি’ বোলা হয়।

(গ) ওজাৰ লগত কোন কোন থাকে?
উত্তৰ: ওজা-পালি অনুষ্ঠানত মূল ওজাজনৰ লগত সহযোগ কৰিবলৈ প্ৰায় পাঁচ-ছয়জনমান পালি থাকে। এই পালিসকলৰ ভিতৰত যিজন মুখ্য তেওঁক ডাইনা-পালি বোলে।

(ঘ) ওজা-পালিৰ প্ৰকাৰবোৰ কি কি?
উত্তৰ: বিষয়বস্তু আৰু পৰিৱেশন শৈলী অনুসৰি ওজা-পালি বিভিন্ন প্ৰকাৰৰ আছে। সেইবোৰ হ’ল— সুকনান্নী বা সুকনাৰায়নী গোৱা ওজা-পালি, বিয়াহৰ গোৱা ওজা-পালি, ভাৱৰীয়া গোৱা ওজা-পালি, বৈষ্ণবী ওজা, তুকুৰীয়া ওজা আৰু আপী ওজা-পালি আদি।

(ঙ) ওজা-পালি ক’ত ক’ত পৰিবেশন কৰা দেখা যায়?
উত্তৰ: ওজা-পালি অনুষ্ঠানটো অসমৰ বিভিন্ন অঞ্চলৰ লগতে বিশেষকৈ সত্ৰসমূহৰ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানত পৰিৱেশন কৰা দেখা যায়। ইয়াৰ উপৰি বিভিন্ন পূজা-পাৰ্বনতো ইয়াৰ প্ৰচলন আছে।

২। চমু উত্তৰ দিয়া:
(ক) ওজা-পালিৰ সদস্যসকলে কেনেকুৱা সাজ-পাৰ পৰিধান কৰে?
উত্তৰ: ওজা-পালিৰ সাজ-পাৰ অতি মৰ্যাদাপূৰ্ণ। অনুষ্ঠানটোৰ সকলো সদস্যই সাধাৰণতে বগা ৰঙৰ চুৰিয়া আৰু চোলা পিন্ধে আৰু ডিঙিত এখনকৈ চেলেং চাদৰ লয়। এই গোটেই দলটোৰ ভিতৰত কেৱল ওজাজনেহে মূৰত এটি বিশেষ ধৰণৰ পাগুৰি মাৰে। আনহাতে, পালিসকলে তেওঁলোকৰ সোঁ-হাতত একোযোৰকৈ খুঁটি-তাল মেৰিয়াই লয়।

(খ) ওজা-পালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ ক’ৰ পৰা লোৱা হয়?
উত্তৰ: ওজা-পালিত ওজাই যিবোৰ গীত বা পদ গায়, সেইসমূহৰ কাহিনীভাগ প্ৰধানকৈ বিভিন্ন পৌৰাণিক আখ্যান যেনে— ৰামায়ণ, মহাভাৰত, পুৰাণ আদিৰ পৰা লোৱা হয়। ইয়াৰ উপৰি কিছুমান লৌকিক আখ্যান বা জনশ্ৰুতিৰ কাহিনীও ওজা-পালিত ব্যৱহাৰ কৰা হয়।

(গ) ডাইনা-পালিজনৰ প্ৰধান কাম কি কি?
উত্তৰ: ওজা-পালি অনুষ্ঠানত ডাইনা-পালিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। তেওঁৰ প্ৰধান কামসমূহ হ’ল—

ওজাই লগোৱা দিহা বা পদসমূহ পালিসকলৰ সৈতে মিলি দোহাৰে।

মাজে মাজে বিভিন্ন ধেমেলীয়া কথাৰ অৱতাৰণা কৰি দৰ্শকৰ মাজত হাস্যৰসৰ সৃষ্টি কৰে।

ওজাৰ সৈতে কথোপকথনত ভাগ লৈ আখ্যানৰ জটিল কথাবোৰ অতি সহজ আৰু ঘৰুৱাভাৱে দৰ্শকৰ আগত দাঙি ধৰে।

(ঘ) অনুষ্ঠান পৰিবেশন কৰোঁতে কোনে কি দায়িত্ব পালন কৰে?
উত্তৰ: ওজা-পালি পৰিৱেশনৰ সময়ত প্ৰত্যেকৰে সুকীয়া দায়িত্ব থাকে। ওজাজনে মূল কাহিনীভাগ গীত, নৃত্য আৰু বিভিন্ন অংগী-ভংগীৰে বৰ্ণনা কৰে। পালিসকলে হাতত খুঁটি-তাল বজাই ওজাই গোৱা গীতৰ পদসমূহ দোহাৰে আৰু ভৰিৰে তাল ৰাখি থাকে। আনহাতে, ডাইনা-পালিয়ে গোটেই অনুষ্ঠানটোৰ মাজত ওজাৰ লগত কথা পাতি আৰু ধেমেলীয়া কথাৰে দৰ্শকক আমোদ দি অনুষ্ঠানটো সজীৱ কৰি ৰাখে।

(ঙ) মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজা-পালিৰ সহায় লৈছিল?
উত্তৰ: মহাপুৰুষ শংকৰদেৱে অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ ওজা-পালিৰ সহায় লৈছিল। যিহেতু ওজা-পালি মানুহৰ মাজত অতি জনপ্ৰিয় আছিল, সেয়েহে এই মাধ্যমটোৰ জৰিয়তে ধৰ্মীয় কথা আৰু ভাগৱতৰ তত্ত্বসমূহ সাধাৰণ মানুহৰ মাজলৈ সহজে লৈ যাব পৰা গৈছিল।

৩। শব্দৰ লগত অৰ্থ মিলোৱা:

শব্দঅৰ্থ
দোহাৰেপুনৰ গায়
सौষ্ঠৱসুন্দৰ
দোলাইলৰাই
আকৃষ্টআকৰ্ষিত
বোধগম্যবুজিব পৰা

৪। খালী ঠাই পূৰ কৰা।

ওজা – পালি অনুষ্ঠানৰ মূখ্য পৰিচালকজন হ’ল । ওজাই আখ্যানৰ দিহা লগাই দিয়ে। পালিসকলে সেই দিহা দোহাৰে। __ ৰসাল কথাৰে লোক – সমাজক আকৃষ্ট কৰে।

উত্তৰ: ওজা – পালি অনুষ্ঠানৰ মূখ্য পৰিচালকজন হ’ল ডাইনাপালি। ওজাই আখ্যানৰ দিহা লগাই দিয়ে। পালিসকলে সেই দিহা খুঁটি – তাল দোহাৰে। ডাইনাপালিয়ে ৰসাল কথাৰে লোক – সমাজক আকৃষ্ট কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top