ৰঙৰ ৰহস্য়
১। উত্তৰ দিয়া:
(ক) আদিম মানুহে ক’ত বাস কৰিছিল? তেওঁলোকে ৰঙীন ছবি ক’ত আঁকিছিল?
উত্তৰ: আদিম মানুহে গুহাত বসবাস কৰিছিল। তেওঁলোকে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল।
(খ) সূৰ্যৰ পোহৰত কেইটা ৰং থাকে? সেই ৰং কেইটাৰ নাম কি কি?
উত্তৰ: সূৰ্যৰ পোহৰত সাতটা ৰং থাকে। সেই ৰংকেইটা হ’ল— বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। (সংক্ষেপে: বে-ঘ-নী-সে-হা-সু-ৰ)
(গ) আমি বস্তু এটা কেতিয়া দেখো? অন্ধাৰত থকা বস্তু দেখি নোপোৱাৰ কাৰণ কি?
উত্তৰ: কোনো বস্তুত পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুত পৰিলেহে আমি বস্তু এটা দেখা পাওঁ। আন্ধাৰত পোহৰ নাথাকে, ফলত পোহৰৰ প্ৰতিফলন নঘটে; সেইবাবে আন্ধাৰত থকা বস্তু আমি দেখা নাপাওঁ।
(ঘ) বগা ৰং কেনেকৈ সৃষ্টি হয়? চক পেঞ্চিলডাল বগা দেখাৰ কাৰণ কি?
উত্তৰ: সূৰ্যৰ পোহৰত থকা সাতোটা ৰং একেলগে মিলি বগা ৰঙৰ সৃষ্টি হয়। চক পেঞ্চিলডালে সূৰ্যৰ পোহৰৰ সাতোটা ৰঙেই প্ৰতিফলিত কৰি আমাৰ চকুলৈ পঠিয়াই দিয়ে, সেয়েহে আমি ইয়াক বগা দেখো।
(ঙ) মানুহে দেখাৰ দৰে সকলো প্ৰাণীয়ে ৰংবোৰ নেদেখে। ৰং দেখা পোৱা প্ৰাণীবোৰ কি কি?
উত্তৰ: মানুহৰ দৰে স্পষ্টকৈ ৰং দেখা পোৱা আন কেইটামান প্ৰাণী হ’ল— গৰিলা, গিবন আৰু চিম্পঞ্জী।
২। কাৰ কি ৰং মিলোৱা:
| স্তম্ভ ‘ক’ | স্তম্ভ ‘খ’ |
| আকাশখন | নীলা |
| গছৰ পাত | সেউজীয়া |
| গাখীৰ | বগা |
| সৰিয়হ ফুল | হালধীয়া |
| চুলিটাৰি | ক’লা |
| বেঙেনা | বেঙুনীয়া |
৩। খালী ঠাই পূৰ কৰা:
(ক) ঘৰিয়ালে বোলে সকলো বস্তুৰে ৰং ____________ দেখে।
উত্তৰঃ মটীয়াহে।
(খ) আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি ___________ দেখো।
উত্তৰঃ ক’লা।
(গ) ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম _____________।
উত্তৰঃ ছাৰ আইজাক নিউটন।
৪। সঁচা নে মিছা লিখা:
(ক) আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল। — সঁচা
(খ) আঘোণ মাহৰ পথাৰ সেউজীয়া। — মিছা (কাৰণ আঘোণত ধান পকি পথাৰ সোণালী হয়)
(গ) মৌ-মাখিয়ে হেনো ৰঙা ৰং ধৰিব নোৱাৰে। — সঁচা
(ঘ) কিছুমান চৰায়েও আমাৰ নিচিনা ৰং চিনি পায়। — সঁচা
(ঙ) মানুহে অতি বেঙুনীয়া ৰংটোও দেখে। — মিছা