SCERT Class 5 Assamese Chapter 9 (ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল) Question Answer । Class 5 Chapter 9 (ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল) Question Answer

ভতুৱা আৰু খঁকুৱাৰ খৰিয়াল

১। উত্তৰ দিয়া:
(ক) ভতুৱা আৰু খকুঁৱাৰ মাজত কিয় খৰিয়াল লাগিছিল?
উত্তৰ: গাঁওবুঢ়া খুৰাৰ আৰামী চকীত কোন বহিব, তাকে লৈ ভতুৱা (কুকুৰ) আৰু খকুঁৱাৰ (মেকুৰী) মাজত খৰিয়াল লাগিছিল।

(খ) ভতুৱাই কোৱা কথাখিনি শুনি খকুঁৱাই কি কৈছিল?
উত্তৰ: ভতুৱাৰ কথা শুনি খকুঁৱাই তাক নিলাজ বুলি কৈছিল আৰু লোকৰ চোৱাপাত চেলেকি ফুৰা বুলি ঠাট্টা কৰিছিল।

(গ) “লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মুখ-ঠেকেচা খাওঁতে যাৰ জনম গ’ল, তাৰ মুখত এতিয়া বৰ বৰ কথা। ৰবি আজি তোক মই এসেকা দিহে এৰিম।”— এই কথাষাৰ কোনে কাক কৈছিল?
উত্তৰ: এই কথাষাৰ ভতুৱাই (কুকুৰটোৱে) খকুঁৱাক (মেকুৰীটোক) কৈছিল।

(ঘ) “জানে জেঠাই বৰফৰ দেশতো বোলে কুকুৰ আছে।”— এই কথাষাৰ কোনে কৈছে? বৰফৰ দেশত কুকুৰে কি গাড়ী টানে?
উত্তৰ: এই কথাষাৰ অকুমণীয়ে জেঠায়েকক কৈছিল। বৰফৰ দেশত কুকুৰে শ্লেজ গাড়ী টানে।

২। বহলাই লিখা:
(ক) কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ কি কি মিল আৰু কি কি অমিল আছে?
উত্তৰ:

মিলসমূহ:

দুয়োবিধেই ঘৰচীয়া আৰু চিকাৰী প্ৰাণী।

দুয়োৰে গাত মিহি মিহি নোম আছে।

দুয়োৰে ঘ্ৰাণ শক্তি অতি তীক্ষ্ণ।

দুয়োৰে ঠেঙত জোঙা নখ থাকে।

অমিলসমূহ:

মেকুৰী আকৃতিৰ সৰু আৰু মুখখন ঘূৰণীয়া; কুকুৰ ডাঙৰ আৰু মুখখন জোঙা।

মেকুৰীয়ে পানীলৈ ভয় কৰে, কিন্তু কুকুৰে নকৰে।

মেকুৰীৰ মাতটো ‘মিউ মিউ’, কিন্তু কুকুৰৰ মাতটো ‘ভৌ ভৌ’।

(খ) কুকুৰ আৰু মেকুৰীয়ে মানুহৰ কি কি উপকাৰ সাধন কৰে?
উত্তৰ: কুকুৰ অতি বিশ্বাসী আৰু প্ৰভুভক্ত। ই ঘৰ পহৰা দিয়ে আৰু চোৰ-ডকাইত ধৰাত সহায় কৰে। আনহাতে, মেকুৰীয়ে ঘৰৰ অনিষ্টকাৰী নিগনি-এন্দুৰ চিকাৰ কৰি মানুহৰ সহায় কৰে।

(গ) অকুমণি আৰু জেঠায়েকৰ মাজত হোৱা কথাখিনি পঢ়া আৰু সেইখিনি জুকিয়াইলৈ কুকুৰ আৰু মেকুৰীৰ বিষয়ে লিখা।
উত্তৰ: কুকুৰ এবিধ অতি বিশ্বাসী প্ৰাণী। ইয়াৰ দাঁত আৰু নখ চোকা। চোৰ ধৰিবলৈ বা গোন্ধ শুঙি বস্তু বিচাৰি উলিয়াবলৈ কুকুৰৰ ঘ্ৰাণ শক্তি ব্যৱহাৰ কৰা হয়। বৰফৰ দেশত কুকুৰে গাড়ীও টানে।
আনহাতে, মেকুৰীৰ মুখখন থোপোকা। ই আহাৰ খালে মুখ-হাত চেলেকি চাফা কৰি লয়। মেকুৰীয়ে উমাল ঠাইত শুই ভাল পায় আৰু নিগনি মাৰি গৃহস্থৰ উপকাৰ কৰে।

৩। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা:

শব্দঅৰ্থ
উদৰপেট
চুৱাপাতখোৱা পাত বা পেলনীয়া খাদ্য পেলোৱা ঠাই
চৰুমাটিৰ ৰন্ধা পাত্ৰ
এসেকাশিক্ষা বা শাস্তি দিয়া
বিষমভয়ানক বা বেয়া
উভয়েদুয়োজনে বা দুয়োপক্ষই
আকৃতিগঢ় বা আকাৰ
থোপোকামুখখন অলপ চুটি আৰু ঘূৰণীয়া
তীক্ষ্ণবৰ চোকা
উমসামান্য গৰম বা তপত ভাব
গৃহস্থঘৰৰ গৰাকী

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top