SCERT Class 5 Environment Chapter 1 Answer 2026 | আমাৰ পৰিৱেশ | Chapter 1 | Class 5 Environment All Question and Answer | Class 5 Environment Solution Assamese Medium |

  আমাৰ পৰিৱেশ

১। উত্তৰ লিখা–

(ক) পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম কি কি?

উত্তৰ- পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম হ’ল— উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ ইত্যাদি।

(খ) পেংগুইন চৰাইৰ গাৰ গঠন কেনেকুৱা?

উত্তৰ- পেংগুইন চৰাইৰ গাটো ডিম্বাকৃতিৰ আৰু দীঘলীয়া, গাটো সৰু সৰু পাখিৰে আৱৰা আৰু ডেউকা দুখন সৰু।

(গ) জলাহ অঞ্চল কাক বোলে?

উত্তৰ-  সাধাৰণতে বছৰটোৰ সৰহভাগ সময় পানী জমা হৈ থকা জলাশয়কে জলাহভূমি বা আৰ্দ্ৰভূমি বুলি গণ্য কৰা হয়। কৃত্রিমভাৱে সৃষ্টি হোৱা হ্রদ, সৰু-সুৰা বোৱতী পানীৰ লগতে নৈপৰীয়া পানী বন্ধ হৈ থকা ঠাই, বিল-খাল, ডোবা, দলনি, পিটনি আদি জলাহ হিচাপে চিহ্নিত হৈ আহিছে।

(ঘ) পৰিৱেশৰ অজৈৱিক উপাদান সমূহ কি কি?

উত্তৰ- পৰিৱেশৰ অজৈৱিক উপাদান কেইটা নাম হ’লঃ বায়ু, পানী, মাটি, খনিজাত দ্ৰৱ্যসমূহ, শক্তিৰ উৎসসমূহ, জলবায়ু, সৌৰ বিকৰণ আদি।

(ঙ) মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা?

উত্তৰ- মানুহৰ যি কামে কোনো এখন ঠাইত এক সুকীয়া পৰিস্থিতি সৃষ্টি কৰে তাকেই সেই ঠাইখনৰ মানৱ সৃষ্ট পৰিৱেশ বোলে আৰু ইয়াৰ উপাদানসমূহ হ’ল- ৰাস্তা-ঘাট, দলং, বাসগৃহ, উদ্যোগ, পৰিয়াল, সামাজিক ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি আদি।

(চ) মৰুভূমিত কি কি প্ৰাণী আৰু উদ্ভিদ পোৱা যায়? এটাকে উদাহৰণ দিয়া।

উত্তৰ- মৰুভূমিত প্ৰধানকৈ উট পোৱা যায় আৰু কেকটাছ উদ্ভিদ পোৱা যায়।

(ছ) পৰিৱেশত পোহৰৰ ভূমিকা কি?

উত্তৰ- পৰিৱেশত পোহৰ শক্তিয়ে পানীৰ উষ্ণতা, জৈৱিক প্ৰক্ৰিয়া (যেনে চিকাৰী আৰু চিকাৰৰ মাজৰ সম্পৰ্ক) আৰু উদ্ভিদৰ সালোক সংশ্লেষণ আৰু বিকাশ প্ৰভাৱিত কৰে। প্ৰাকৃতিক পৰিস্থিতিত পোহৰ ভৌগোলিক অৱস্থা, মেঘাচ্ছন্নতা, উদ্ভিদৰ আৱৰণ, আৰু ঋতুগত আৰ্হিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়।

২। খালী ঠাই পূৰ কৰা–

(ক) ________ মৰুভূমিৰ প্ৰধান প্ৰাণী।

উত্তৰ- উট।

(খ) বগা ভালুক ________ অঞ্চলত থাকে।

উত্তৰ- মেৰু অঞ্চলত।

(গ) তৃণভূমি অঞ্চলত বৃহৎ এলেকাজুৰি ________ পোৱা যায়।

উত্তৰ- মাংখভোজী আৰু তূণভোজী প্ৰাণী পোৱা যায়। 

(ঘ) মৰুভূমিত ________ জাতীয় উদ্ভিদ হয়।

উত্তৰ- কেকটাছ ।

(ঙ) পোহৰ পৰিৱেশৰ এটা _________ উপাদান।

উত্তৰ-

৩। তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা–

(ক) বগা ভালুক/হৰিণা/জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী।

উত্তৰ- বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী।

(খ) ছীল/বল্গা হৰিণ/য়াকৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে।

উত্তৰ- বল্গা হৰিণ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে।

(গ) জিৰাফ/সিংহ/বাঘ এবিধ তৃণভূজী প্ৰাণী।

উত্তৰ- জিৰাফ এবিধ তৃণভূজী প্ৰাণী।

৪। চমুটোকা লিখা– জলাহভূমি, অণুজীৱ, পানী আৰু বায়ু

উত্তৰ-

জলাহভূমিঃ সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগকেই জলাহভূমি বুলি কোৱা হয়। পানী আৰু মাটি- এই দুয়ো ধৰণৰ উপাদানেৰে জলাহভূমি গঠিত। এই দুয়োটা উপাদান থকা বাবেই জলাহভূমিত বিভিন্ন ধৰণৰ উদ্ভদ, প্ৰাণী আৰু অণুজীৱই বাস কৰে। তদুপৰি জলাহভূমিৰ কাষৰীয়া অঞ্চলত বিভিন্ন প্ৰজাতিৰ চৰাইয়ো থাকে। খাদ্যৰ বাবে জলাহভূমিৰ প্ৰাণীবোৰে পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে। 

অণুজীৱঃ যিবিলাক তেনেই ক্ষুদ্ৰ যিবোৰক আমি খালী চকুৰে দেখা নাপাওঁ, সেই বিলাককে অণুজীৱ বুলি কোৱা হয়। এই বিলাক ইমানেই ক্ষুদ্ৰ যে অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়। উদাহৰণস্বৰূপে- বেক্টেৰিয়া আৰু ভাইৰাছ। ইহঁত বায়ু, পানী, মাটি সকলোতে থাকে। কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পাচন সাৰ তৈয়াৰ কৰে।

৫। এটা প্ৰাকৃতিক দৃশ্য়ৰ ছবি আঁকা।

উত্তৰ- 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top