SCERT Class 5 Environment Chapter 16 Answer 2026 | আমাৰ চুবুৰীয়া ৰাজ্য়সমূহ । Chapter 16 । Class 5 (SCERT) School Question Ansnwer । আমাৰ চুবুৰীয়া ৰাজ্য়সমূহ Lesson 16 Question Answer Solution For Assam ।

আমাৰ চুবুৰীয়া ৰাজ্য়সমূহ

১। উত্তৰ লিখা—

(ক) উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহ হলঃ

অৰুণাচল প্ৰদেশ
অসম
মণিপুৰ
মেঘালয়
মিজোৰাম
নাগালেণ্ড
ত্ৰিপুৰা
(খ) উত্তৰ-পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা।

উত্তৰঃ উত্তৰ-পূব ভাৰতত বসবাস কৰা কেইটামান জনগোষ্ঠীৰ নাম হলঃ

অসমীয়া
বডো
মিছিং
কাৰ্বি
দিমাচা
খাচি
গাৰো
জয়ন্তীয়া
মৈতেই (মণিপুৰী)
লুসাই (মিজো)
টাঙখুল নাগা
আও নাগা
কোচ-ৰাজবংশী
হাজোং
তিয়ো
এই অঞ্চলত বহুতো নৃগোষ্ঠী আৰু ভাষিক জনগোষ্ঠী বাস কৰে, যাৰ নিজস্ব সংস্কৃতি আৰু পৰম্পৰা আছে।

(গ) উত্তৰ-পূব ভাৰতক সাতভনীৰ দেশ বুলি কিয় কোৱা হয়?

উত্তৰঃ উত্তৰ-পূব ভাৰতক “সাতভনীৰ দেশ” বুলি কোৱা হয় কাৰণ এই অঞ্চল আৰম্ভণিতে সাতটা ৰাজ্যৰ সমষ্টি আছিল। এই সাতখন ৰাজ্য হলঃ

অসম
অৰুণাচল প্ৰদেশ
মণিপুৰ
মেঘালয়
মিজোৰাম
নাগালেণ্ড
ত্ৰিপুৰা

(ঘ) উত্তৰ-পূব ভাৰতৰ তিনিখন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা।

উত্তৰঃউত্তৰ-পূব ভাৰতৰ তিনিখন স্বাস্থ্যকৰ ঠাই হলঃ

শিলঙ (মেঘালয়)

জিৰো ভেলি (অৰুণাচল প্ৰদেশ)

হাফলং (অসম)

২।‘ক’অংশৰ লগত ‘খ’অংশ মিলাই লিখা

ক অংশ খ অংশ
অৰুণাচল প্ৰদেশ ইটানগৰ
নাগালেণ্ড ক’হিমা
মণিপুৰ ইম্ফল
মিজোৰাম আইজল
ত্ৰিপুৰা আগৰতলা

৩। খালী ঠাই পূৰ কৰা

(ক) মাউচিন্ৰাম পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়।

(খ) মণিপুৰ ৰাজ্যৰ লকটাক হ্ৰদ প্রাকৃতিকভাৱে হোৱা এক বৃহৎ হ্ৰদ।

(গ) শ্বিলং এখন পাহাৰীয়া ঠাই।

(ঘ) চাহ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতেই অসম প্রথম।

(ঙ) নংক্ৰেম খাচিসকলৰ এটা উৎসৱৰ নাম।

৪। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধ বাক্যবোৰ বাচি উলিয়াই শুদ্ধকৈ লিখা

(ক) বৰ্তমান অৰুণাচল প্রদেশ আগতে নগা পাহাৰ নামেৰে অসমৰ অংগ আছিল।

উত্তৰঃ বৰ্তমান অৰুণাচল প্ৰদেশ আগতে নেফা (NEFA – North-East Frontier Agency) নামেৰে অসমৰ অংগ আছিল।

(খ) কাৰ্বি আংলং জিলা সমভূমিৰে গঠিত।

উত্তৰঃ কাৰ্বি আংলং জিলা পাহাৰীয়া অঞ্চলৰে গঠিত।

(গ) অৰুণাচল প্রদেশৰ দক্ষিণ অঞ্চলত হিমালয়

উত্তৰঃ অৰুণাচল প্ৰদেশৰ উত্তৰ অঞ্চলত হিমালয় অৱস্থিত।

(ঘ) ত্ৰিপুৰা ৰাজ্যখন সমভূমিৰে আবৃত।

উত্তৰঃ ত্ৰিপুৰা ৰাজ্যখন পাহাৰ আৰু উপত্যকাৰ সংমিশ্ৰণেৰে গঠিত।

(ঙ) মিজোৰামত লটক হ্রদ আছে। পর্বতমালা অৱস্থিত।

উত্তৰঃ মণিপুৰত লকটাক হ্ৰদ আছে। মিজোৰামত মিজো পাহাৰ (লুসাই পাহাৰ) অৱস্থিত।

৫। কোন কেইখন ৰাজ্যক একেলগে উত্তৰ-পূব ভাৰত’ বুলি কোৱা হয়?

উত্তৰঃ সাতখন ৰাজ্যক একেলগে “উত্তৰ-পূব ভাৰত” বুলি কোৱা হয়। এই সাতখন ৰাজ্য হলঃ

অসম
অৰুণাচল প্ৰদেশ
মণিপুৰ
মেঘালয়
মিজোৰাম
নাগালেণ্ড
ত্ৰিপুৰা
৬। ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ পৰ্যটকৰ বাবে কিয় আকর্ষণীয় লিখা।

উত্তৰঃ উত্তৰ-পূবৰ ৰাজ্যসমূহ প্ৰাকৃতিক সৌন্দৰ্য্য, ঐতিহ্যবাহী সংস্কৃতি, বন্যপ্ৰাণী আৰু এডভেঞ্চাৰ পৰ্যটনৰ বাবে পৰ্যটকৰ বাবে অত্যন্ত আকৰ্ষণীয়। তলত এই অঞ্চলক আকৰ্ষণীয় কৰা কেইটামান কাৰণ উল্লেখ কৰা হলঃ

১. প্ৰাকৃতিক সৌন্দৰ্য্য
২. ঐতিহ্য আৰু সংস্কৃতি
৩. ধাৰ্মিক আৰু ঐতিহাসিক স্থান
৪. এডভেঞ্চাৰ আৰু ইকো-টুৰিজম
৫. স্বাদিষ্ঠ খাদ্যসংস্কৃতি

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top