SCERT Class 5 Environment Chapter 2 Answer 2026 | জীৱ আৰু পৰিৱেশ পাঠটোৰ উত্তৰ

জীৱ আৰু পৰিৱেশ

১। উত্তৰ লিখা- 

(ক) পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক  উপাদানসমূহ কি কি?

উত্তৰঃ পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক  উপাদানসমূহ হৈছে- উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, অণুজীৱ, বায়ু, পানী, মাটি, তাপ,পোহৰ আদি।

(খ) উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়?

উত্তৰঃ নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লোৱাৰ বাবে উদ্ভিদক উৎপাদক বুলি কোৱা হয়।

(গ) উপভোক্তা কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ উপভোক্তা তিনি প্ৰকাৰৰ- প্ৰথম শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা ।

(ঘ) বিয়োজকে আমাক কেনেদৰে সহায় কৰে?

উত্তৰঃ বিয়োজকে মৃত উদ্ভিদ বা প্ৰাণীদেহ গেলি পচি যোৱাত সহায় কৰে। জীৱ দেহৰ গেলি পচি যোৱা অংশবোৰ মাটিত সাৰ হিচাপে থাকি যায়। এনেদৰে বিয়োজকে পৰিৱেশ নিকা কৰাত সহায় কৰে।

(ঙ) তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা।

উত্তৰঃ তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম হ’ল- ঘাঁহনি, পুখুৰী আৰু শস্য পথাৰ।

২। খালী ঠাই পূৰ কৰা-

(ক) শামুক হ’ল প্ৰাথমিক উপভোক্তা।

(খ) এটাতকৈ অধিক খাদ্যশৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয়।(গ) শেন হ’ল দ্বিতীয় শ্ৰেণীৰ উপভোক্তা।

(ঘ) খাদ্যজালত এটাতকৈ অধিক খাদ্যশৃংখল থাকে।

৩। শুদ্ধ উত্তৰ বাছি উলিওৱা-

(ক) খাদ্যশৃংখলৰ আৰম্ভণিতে উদ্ভিদ/প্ৰাণী/অণুজীৱ থাকে।

উত্তৰঃ উদ্ভিদ।

(খ) বিয়োজকে/উৎপাদকে/উপভোক্তাই খাদ্য প্ৰস্তুত কৰে।

উত্তৰঃ উৎপাদকে।

(গ) উৎপাদকে/বিয়োজকে/উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে।

উত্তৰঃ বিয়োজকে।

৪। খাদ্যশৃংখল কি? উদাহৰণেৰে সৈতে বুজাই লিখা।

উত্তৰঃ ইটোৱে সিটোক খাই জীৱন নিৰ্বাহ কৰা ক্ৰমটোকে খাদ্যশৃংখল বোলে। যেনে- ফৰিঙে ঘাঁহ খায়, ফৰিঙক ভেকুলীয়ে খায়, ভেকুলীক সাপে খায় আৰু সাপক চিলনীয়ে খায়।

৫। পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়নে যুক্তি সহকাৰে বুজাই লিখা।

উত্তৰঃ পুখুৰী এটা পৰিস্থিতি তন্ত্ৰৰ উত্তম উদাহৰণ। কাৰণ পুখুৰীত থকা জলজ উদ্ভিদসমূহে সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰে। এই উদ্ভিদবোৰক পুখুৰীত থকা কীট-পতংগবোৰে খাদ্য হিচাপে গ্ৰহণ কৰে। আকৌ পুখুৰীত থকা ডাঙৰ মাছ, কেঁকোৰা, ভেকুলী আদিয়ে ইহঁতক খায়। আকৌ ইহঁতক  বগলী, মাছৰোকা আদি চৰাইবোৰে খায়। গতিকে পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ। 

৬। সালোক সংশ্লেষণ বুলিলে কি বুজা?

উত্তৰঃ সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিৎকণাৰ উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন-ডাই-অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটো হৈছে সালোক-সংশ্লেষণ।

৭। পাৰ্থক্য লিখা- 

(ক) উৎপাদক আৰু বিয়োজক

উত্তৰঃ উৎপাদক আৰু বিয়োজকৰ মাজত পাৰ্থক্য হ’ল-

    খাদ্য-শৃংখলৰ আৰম্ভণিত উৎপাদক থাকে।

    আনহাতে খাদ্য-শৃংখলৰ শেষত বিয়োজক থাকে।

(খ) তৃণভোজী আৰু মাংসভোজী প্ৰাণী

উত্তৰঃ তৃণভোজী আৰু মাংসভোজী প্ৰাণীৰ মাজত পাৰ্থক্য হ’ল-

    তৃণভোজী প্ৰাণীয়ে ঘাঁহ খায়।

    আনহাতে মাংসভোজী প্ৰাণীয়ে মাংস খায়।

(গ) খাদ্যশৃংখল আৰু খাদ্যজাল

উত্তৰঃ খাদ্যশৃংখল আৰু খাদ্যজালৰ মাজত পাৰ্থক্য হ’ল-

    খাদ্যশৃংখলত এটা জীৱই আন এটা জীৱক খাই জীয়াই থাকে।

    আনহাতে খাদ্যজালত একেবিধ খাদ্যকে বেলেগ বেলেগ প্ৰাণীয়ে খায়।

৮। পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ’লে কি হ’ব?

উত্তৰঃ পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ’লে দ্বিতীয় শ্ৰেণীৰ উপভোক্তাবোৰৰখাদ্য নোহোৱা হ’ব। যিহেতু পৰিস্থছিতি তন্ত্ৰত খাদ্যৰ বাবে এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল সেয়েহে যিকোনো এটা উপাদান কমি গ’লেই আনকেইটাৰ ওপৰত প্ৰভাৱ পৰিব আৰু পৰিৱেশৰ ভাৰসাম্যতা নোহোৱা হৈ যাব।

৯। খাদ্যজালৰ কিয় সৃষ্টি হয়?

উত্তৰঃ এটা জীৱই এটাতকৈ বেছি খাদ্যশৃংখলত ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয়।

১০। মাটিত পৰি থকা জীৱবোৰ কিয় গেলি পচি যায়?

উত্তৰঃ মাটিত পৰি থকা জীৱবোৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ বাবে গেলি পচি যায়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top