SCERT Class 6 Assamese Chapter 11 Answer 2026 | মাইনুৰ টন্ছিলাইটিছ | Lesson 11 | Class 6 Assamese Solution | Question and Answer Assam | ষষ্ঠ শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ |

Chapter 11 –
মাইনুৰ টন্ছিলাইটিছ
পাঠ ভিত্তিক প্ৰশ্নোত্তৰঃ
১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া –
(ক) মাইনু স্কুললৈ কিয় যোৱা নাছিল?
উত্তৰঃ মাইনু জ্বৰত আক্ৰান্ত আছিল আৰু ডিঙিৰ বিষ আছিল, সেই কাৰণে দুদিন ধৰি স্কুললৈ যোৱা নাছিল।

(খ) ডাক্তৰ পেহীয়ে মাইনুক কেনেকুৱা বস্তু খাবলৈ নিষেধ কৰিছে?
উত্তৰঃ ডাক্তৰ পেহীয়ে মাইনুক ঠাণ্ডা বস্তু একেবাৰে খাবলৈ নিষেধ কৰিছে।

(গ) টনছিলবোৰে আমাৰ দেহত কি কাম কৰে?
উত্তৰঃ টনছিলবোৰে দেহক ৰোগৰ আক্রমণৰ পৰা বচাই। কেতিয়াবা এইবোৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হয়।

(ঘ) ‘টনছিলাইটিছ’ হ’লে শৰীৰত কি লক্ষণ দেখা যায়?
উত্তৰঃ টনছিলাইটিছ হ’লে জ্বৰ উঠে, ডিঙিত বিষ হয়, শুকান কাহ হয়, জিভাৰ ওপৰত বগা চামনি দেখা যায় আৰু মুখে গোন্ধ আহে।

(ঙ) ভাইৰাছ কেনেকৈ শৰীৰলৈ প্ৰৱেশ কৰে?
উত্তৰ ভাইৰাছ উশাহৰ পথেদি, মুখ পৰিষ্কাৰ নকৰিলে, বা হাতৰ জৰিয়তে শৰীৰলৈ প্ৰৱেশ কৰে।

📌 অতিৰিক্ত প্ৰশ্নোত্তৰঃ
(১) মুনটি আৰু জোনটিয়ে কিয় মাইনুক জোকাইছিল?
উত্তৰঃ মুনটি আৰু জোনটিয়ে নয়ন খুৰাই আইচক্ৰীম খুৱাব বুলি কৈ মাইনুক জোকাইছিল যাতে মাইনু মনত পৰি কান্দিবলৈ ধৰিলে।

(২) ডাক্তৰ পেহীয়ে কি ধৰণে টনছিলাইটিছ ধৰা পেলালে?
উত্তৰঃ ডাক্তৰ পেহীয়ে মাইনুৰ ডিঙিৰ ভিতৰৰ পৰা থেকা লৈ পৰীক্ষা কৰি বীজাণু পায় আৰু তেনেদৰে টনছিলাইটিছ ধৰা পেলালে।

(৩) কেতিয়াবা টনছিল কাটিবলৈ অপাৰেশ্যন কৰা হয় কিয়?
উত্তৰঃ টনছিল কাটিবলৈ অপাৰেশ্যন মাত্ৰ সেই ক্ষেত্ৰত কৰা হয়, যেতিয়া বীজাণুৰ আক্ৰমণে হৃদপিণ্ড বা কিডনিত ৰোগ সৃষ্টি কৰে।

বহু বিকল্পভিত্তিক প্রশ্ন (MCQ):
(১) মাইনুৰ টনছিলাইটিছ কেনেকৈ হৈছিল?
(A) ঠাণ্ডা পানী খাবলৈ গ’লে
(B) ভাইৰাছৰ আক্ৰমণত
(C) আইচক্ৰীম খাবলৈ গ’লে
(D) ক’লা চাহ খাবলৈ গ’লে
উত্তৰঃ: (B) ভাইৰাছৰ আক্ৰমণত

(২) ‘টনছিল’ কি?
(A) এটি খাদ্য
(B) এটি ৰোগ
(C) এটি গ্ৰন্থি
(D) এটি ফল
উত্তৰঃ (C) এটি গ্ৰন্থি

(৩) ‘এন্টিবায়টিক’ কেনেকুৱা বস্তু?
(A) চকোলেট জাতীয়
(B) প্রতিজৈৱিক
(C) ফলমূল
(D) কোমল পানীয়
উত্তৰঃ (B) প্রতিজৈৱিক

(৪) ‘টনছিলাইটিছ’ হ’লে কি খোৱা উচিত?
(A) ঠাণ্ডা বস্তু
(B) কড়া খোৱা
(C) গৰম পানীয়া
(D) আইচক্ৰীম
উত্তৰঃ (C) গৰম পানীয়া

(৫) মাইনুক ভয় দেখাবলৈ জোনটিয়ে কি ক’লে?
(A) মাইনুৰ দৰব খাব নালাগে
(B) টনছিল কাটিব লগা হ’ব
(C) তাইক স্কুললৈ যাব
(D) তাইক তিৰস্কাৰ দিব
উঃ: (B) টনছিল কাটিব লগা হ’ব

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top