SCERT Class 6 Assamese Chapter 3 Answer | অসমীয়া ভাষাৰ বিকাশৰ কথা

অসমীয়া ভাষাৰ বিকাশৰ কথা

২। উত্তৰ দিয়া

(ক) নয়নাহঁতে খুড়াকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল?

উত্তৰঃ নয়নাহঁতে খুড়াকৰ পৰা অসমীয়া ভাষাৰ বিষয়ে শুনিব ইচ্ছা কৰিছিল?

(খ) হেম সৰস্বতীয়ে ৰচনা কৰা, তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি?

উত্তৰঃ হেম সৰস্বতীয়ে ৰচনা কৰা আমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম হ’ল- প্ৰহ্লাদ চৰিত্ৰ।

(গ) অলিখিত বা মৌখিক সাহিত্য মানে কি?

উত্তৰঃ যিবোৰ সাহিত্য় লিখিত নহয়, বৰং মানুহৰ মুখে মুখে প্ৰচলিত তেনে সাহিত্য়ক অলিখিত বা মৌখিক সাহিত্য় বোলা হয়।

(ঘ) ভাষাৰ দুটা উপাদানৰ নাম লিখা।

উত্তৰঃ ভাষাৰ দুটা উপাদানৰ নাম হৈছে- শব্দ আৰু বাক্য।

(ঙ) অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে?

উত্তৰঃ অসমীয়া ভাষাটোৱে দশম শতিকাৰ পৰা স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে।

(চ) অসমীয়া শব্দটোৰ প্ৰচলন কাৰ আমোলত বেছিকৈ হৈছিল?

উত্তৰঃ অসমীয়া শব্দটোৰ ব্য়ৱহাৰ ইংৰাজৰ আমোলত বেছিকৈ হৈছিল।

৩। শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ লিখা-

ত্ৰয়োদশ, স্থানীয়, নিগাজি, স্বকীয়, আমোল, আৱাসভূমি, উপাদান, অলিখিত, অনুকৃতি
উত্তৰঃ

ত্ৰয়োদশ – তেৰ সংখ্য়ক
স্থানীয় – স্থায়ী
নিগাজি – চিৰস্থায়ী
স্বকীয় – নিজা
আমোল – কোনো অধিপতিয়ে শাসন কৰা কাল
আৱাসভূমি – বাসভূমি
উপাদান – উপকৰণ
অলিখিত – লিপিবদ্ধ নোহোৱা
অনুকৃতি – অনুকৰণ

৪। অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখা।

উত্তৰঃ ভাষা পৰিবৰ্তনশীল। অসমীয়া ভাষাও যুগে যুগে পৰিবৰ্তিত হৈ আহি আছে। সপ্তম শতিকা মানলৈ পূব আৰু উত্তৰ-পূব ভাৰতত প্ৰায় একে ভাষাৰ প্ৰচলন আছিল। তাৰ আগতে অসমত অৰ্থাৎ তেতিয়াৰ কামৰূপ ৰাজ্য়ত প্ৰচলিত ভাৰতীয় ভাষাটোত দুটা এটাকৈ স্থানীয় শব্দ সোমাবলৈ লৈছিল। কাৰণ অতি পুৰণি কালৰে পৰা অসম বিভিন্ন জনগোষ্ঠীৰ নিগাজি আৱাসভূমি। সকলোৰে মাজত ভাষা, সংস্কৃতি আৰু ভাবৰ আদান-প্ৰদান হৈছিল। ফলত ইটো সিটো ভাষাৰ উপাদান স্বাভাৱিকভাৱে মিলিত হৈছিল। তেনেকৈ অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান সোমাই পৰিছিল।

৬। তলত দিয়া বিশেষণ পদবোৰ বিশেষ্য পদলৈ নিয়া-
সুন্দৰ, প্ৰচলিত, স্থানীয়, ৰচিত, পৰিৱৰ্তিত, বিকশিত

উত্তৰঃ

সুন্দৰ – সৌন্দৰ্য
প্ৰচলিত – প্ৰচলন
স্থানীয় – স্থান
ৰচিত – ৰচনা
পৰিবৰ্তিত – পৰিবৰ্তন
বিকশিত – বিকাশ

৮। তলৰ শব্দবোৰৰ একোটিকৈ সমাথক শব্দ লিখা

ধূনীয়া – সুন্দৰ
প্ৰাচীন – পুৰণি
পুথি – কিতাপ
নিগাজি – স্থায়ী
পূবতে – আগতে
সামৰণি – শেষ

১০। বাক্য ৰচনা কৰা

মিচিকিয়াইঃ গীতাই কল্পনাৰ কথা শুনি মিচিকিয়াই হাঁহিলে।

চেনেহীঃ চিৰ চেনেহী মোৰ ভাষাৰ জননী।

পুৰণিঃ প্ৰহ্লাদ চৰিত্ৰ এখন পুৰণি পুথি।

ধন্যবাদঃ হিনাই তাইক স্কুলত থৈ অহাৰ বাবে ককায়েক ৰাহুলত ধন্য়বাদ ক’লে।

সাহিত্যঃ লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্য় ৰচনাৰ বাবে সাহিত্য়ৰথী উপাধি লাভ কৰিছিল।

যুগে যুগেঃ যুগে যুগে ভাষাৰ পৰিবৰ্তন ঘটি আহিছে।