Chapter 9 –
টকাত একোটা হাতী
১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-
(ক) কবিতাটিত কি বজাৰৰ কথা উল্লেখ আছে?
(ক) বিহুৰ বজাৰ
(গ) দেওবৰীয়া বজাৰ
(খ) পূজাৰ বজাৰ
(ঘ) বুধবৰীয়া বজাৰ
উত্তৰ: (খ) পূজাৰ বজাৰ
(খ) “ভাবিছ কিজানি মই বৰ ভোদা; বৰ বুধিয়ক তই?” – কথাষাৰ কোনে, কাক কৈছে?
(ক) বাবুলে ৰতনক
(খ) ৰতনে দোকানীক
(গ) ৰতনে বাবুলক
(ঘ) দোকানীয়ে বাবুলক
উত্তৰ: (গ) ৰতনে বাবুলক
৩। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা।
(ক) কবিতাটোত কোনে কোনে কথা পাতিছে?
উত্তৰ: কবিতাটোত ৰতন আৰু বাবুলে কথা পাতিছে।
(খ) বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস নকৰিলে?
উত্তৰ: ৰতনে ভাবিছিল যে টকাত হাতী পোৱা অসম্ভৱ কথা, সেয়ে সি বিশ্বাস নকৰিলে।
(গ) ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিল?
উত্তৰ: ৰতনে বাবুলক বজাৰলৈ লৈ গৈছিল বাবুলে কোৱা কথাটোৰ প্ৰমাণ দেখুৱাবলৈ।
(ঘ) ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল?
উত্তৰ: হাতী কিনিবলৈ যিজনে হাৰিব, সিজনে বাদাম ভাজি খুৱাব বুলি বাজি মাৰিছিল।
(ঙ) বাজিত কোন হাবিল?
উত্তৰ: ৰতন হাবিল, কাৰণ বাবুলে হাতী কিনিবলৈ সক্ষম হৈছিল।
(চ) বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে কি ভাবি আছিল?
উত্তৰ: বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে সঁচা হাতীৰ কথা ভাৱি আছিল।
৪। কবিতাকেইফাকি পঢ়া আৰু উত্তৰ লিখা।
(ক) “বাবুলে আনিছে গৰম খবৰ;”
উত্তৰ:কবিতাটিত ‘গৰম খবৰ’ বুলি বুজোৱা হৈছে যে এটা টকাত হাতী পোৱা যায় — এই কথাই সকলোৰে মাজত কৌতূহল সৃষ্টি কৰিছিল।
(খ) “ক’লে বাবুলক- নামাৰিবি ব’ম্ এনেবোৰ কথা কৈ;”
উত্তৰ: ইয়াত ‘ব’ম্’ শব্দটোৰে বুজোৱা হৈছে — বিশ্বাস নকৰোঁ বা তোৰ কথা মই ধৰি নাপাওঁ।
৫। তলত দিয়া স্তৱকটি গদ্য ৰূপত কোৱা আৰু লিখা।
(ক) “ৰতনে ভাবিলে- কিনো কয় অ’ইনো!
টকাত একোটা হাতী
পোৱা হ’লেচোন সকলো মানুহে ল’লে হৈ এটি এটি!”
👉 গদ্য ৰূপ:
ৰতনে ভাবিলে, “এইটো কেনেকুৱা কথা ক’লে! যদি এটা টকাতেই হাতী পোৱা যায়, তেন্তে সকলো মানুহে এটা এটা হাতী ল’ব পাৰিব।”
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post