SCERT Class 6 Science Chapter 10 Answer 2026 | Class 6 General Science Chapter 10 Answer Temperature and Its Measurement (উষ্ণতা আৰু ইয়াৰ জোখ) Question Answer |

Chapter 10 – 

Temperature and Its Measurement

(উষ্ণতা আৰু ইয়াৰ জোখ)
1. কাষৰ চিত্ৰৰ থাৰ্ম’মিটাৰে দেখুওৱা সঠিক পাঠটো কি?
(a) 15.0°C(b) 36.0°C(c) 25.0°C
(d) 32.0°Cউত্তৰঃ (c) 25.0°C
2. ক্লিনিকেল থাৰ্ম’মিটাৰৰ পৰিসৰ কিমান?

(a) 35.0°C to 42.0°C


(b) 32.0°C to 45.0°C


(c) -10.0°C to 110.0°C
(d) 10.0°C to 100.0°C
উত্তৰঃ (a) 35.0°C to 42.0°C
3. মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান?


(a) 98.6°C


(b) 34.0°C


(c) 37.0°C


(d) 37.0°F
উত্তৰঃ (c) 37.0°C
4. খালী ঠাই পূৰ কৰা।
(a) কোনো বস্তুৰ উত্তাপ তাৰ ________ ৰ দ্বাৰা নির্ধাৰণ কৰা হয়।উত্তৰঃ (a) উষ্ণতা

(b) উতলা পানীৰ উষ্ণতা ________ থাৰ্ম’মিটাৰে জুখিব নোৱাৰি।
উত্তৰঃ (b) ক্লিনিকেল(c) উষ্ণতা জোখা হয় ডিগ্ৰী ________ ত।

উত্তৰঃ (c) Celsius (°C)
(5) ‘ক’ অংশৰ সৈতে ‘খ’ অংশ মিলোৱা —

ক অংশ                                                            খ অংশ

(i) উষ্ণতাৰ এছ আই একক                        (a) 100°C

(ii) মানব শৰীৰৰ স্বাভাৱিক উষ্ণতা             (b) -10°C to 110°C

(iii) পৰীক্ষাগাৰৰ থাৰ্মমিটাৰৰ পৰিসৰ        (c) 37°C বা 98.6 °F

(iv) উতলা পানীৰ উষ্ণতা                            (d) কেলভিন
উত্তৰঃ 
ক অংশ                                                              খ অংশ
(i) উষ্ণতাৰ এছ আই একক                              (d) কেলভিন
(ii) মানব শৰীৰৰ স্বাভাৱিক উষ্ণতা                   (c) 37°C বা 98.6 °F
(iii) পৰীক্ষাগাৰৰ থাৰ্মমিটাৰৰ পৰিসৰ              (b) -10°C to 110°C
(iv) উতলা পানীৰ উষ্ণতা                                  (a) 100°C   
(6) পৰীক্ষাগাৰৰ থাৰ্মমিটাৰ আৰু ক্লিনিকেল থাৰ্মমিটাৰৰ মাজৰ সাদৃশ্য আৰু বৈসাদৃশ্য।
উত্তৰঃ সাদৃশ্য —• দুয়োটাই পাৰা বা এল্কোহলেৰে ভৰ্তি গ্লাছ নলিকা।
• উভয়েই তাপে প্ৰসাৰণৰ সূত্রতে কাম কৰে।
• উষ্ণতা জোখাৰ বাবে স্কেল থাকে।
বৈসাদৃশ্য —
• ক্লিনিকেল থাৰ্মমিটাৰ মানুষৰ শৰীৰৰ উষ্ণতা জোখাৰ বাবে, পৰিসৰ 35°C পৰা 42°C।
• পৰীক্ষাগাৰৰ থাৰ্মমিটাৰৰ পৰিসৰ বেছি, সাধাৰণতে -10°C পৰা 110°C।
• ক্লিনিকেল থাৰ্মমিটাৰত ‘কিংক’ বা বেণ্ড থাকে যাতে পাৰা ঘূৰি নহলেও পাঠ দেখা যায়; পৰীক্ষাগাৰত নাই।
• পৰীক্ষাগাৰৰ থাৰ্মমিটাৰখিনি পানী, বায়ু বা ৰাসায়নিক পদাৰ্থৰ উষ্ণতা জোখাত ব্যৱহাৰ হয়।
(7) আমি কিয় পৰীক্ষাগাৰৰ থাৰ্মমিটাৰ ব্যৱহাৰ কৰি শৰীৰৰ উষ্ণতা জুখিব নোৱাৰোঁ?
উত্তৰঃ পৰীক্ষাগাৰৰ থাৰ্মমিটাৰত কোনো ‘কিংক’ নাই, সেয়েহে পাৰা তাপ পোৱাৰ পিছত তৎক্ষণাত আঁতৰি যায়, পাঠ ধৰি নাথাকে। ইয়াৰ পৰিসৰও বহল ( -10°C to 110°C ) যি মানুহৰ শৰীৰৰ উষ্ণতা (প্ৰায় 37°C) জোখাৰ বাবে উপযোগী নহয়। লগতে ই মুখ, বাহুৰ তল বা মলদ্বাৰত ৰাখিবলৈ নিৰাপদও নহয়। সেইবাবে ক্লিনিকেল থাৰ্মমিটাৰেই এই কামৰ বাবে একমাত্ৰ উপযুক্ত।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top