SCERT Class 6 Social Science Chapter 10 Answer |

আদি প্ৰস্তৰ যুগ

৩। উত্তৰ লিখা—

(ক) আদিম যুগৰ মানুহে কি কি খাদ্য খাইছিল?

উত্তৰঃ বিভিন্ন ফল-মূল , জীৱ-জন্তুৰ মাংস, গছৰ গুটি, গছৰ শিপা আদিও খাইছিল।

(খ) আদিম মানুহে কি কাৰণে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল?

উত্তৰঃ আদিম মানুহে পানী শুকা ই গলে পানী বিছাৰি এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। আদিম মানুহে একে ঠাইতে চিকাৰ কৰি থকাৰ পাছত সেই ঠাইৰ জীৱ-জন্তুবোৰ নাইকিয়া হোৱাৰ পাছত আদিম মানুহে আকৌ আনঠাইলৈ গৈছিল। আদিম মানুহে আত্মীয়-স্বজনক লগ কৰিবলৈ এঠাইৰ পৰা আনঠাইলৈ ঘূৰি ফুৰিছিল।

(গ) বর্তমান সময়ৰ মানুহৰ ভ্ৰমণৰ উদ্দেশ্য আৰু আদিম মানুহৰ ভ্ৰমণৰ উদ্দেশ্যৰ মাজত কি কি ক্ষেত্ৰত মিল আৰু অমিল আছে?

উত্তৰঃ বৰ্তমান যুগৰ মানুহে আত্মীয় – স্বজনক লগ কৰিব লৈ এঠাইৰ পৰা আনঠাইলৈ ঘূৰি ফুৰিছিল আৰু আদিম যুগৰ মানুহেও আত্মীয়-স্বজনক লগ কৰিবলৈ এঠাইৰ পৰা আনঠাইলৈ ঘূৰি ফুৰিছিল। এইক্ষেত্ৰত আদিম মানুহ আৰু বৰ্তমান যুগৰ মানুহৰ ভ্ৰমণৰ ক্ষেত্ৰত মিল আছে। বৰ্তমান যুগৰ মানুহে বজাৰ-পাতি কৰিবলৈ ঘূৰি ফুৰিছিল আৰু আদিম মানুহে চিকাৰ কৰিবলৈ এঠাইৰ পৰা আনঠাইলৈ ঘূৰি ফুৰিছিল। এইক্ষেত্ৰত আদিম যুগৰ মানুহ আৰু বৰ্তমান যুগৰ মানুহৰ ভ্ৰমণৰ ক্ষেত্ৰত অমিল আছিল।

(ঘ) আদিম যুগৰ মানুহে শিলকে কিয় সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ কাৰণ সেই সময়ত শিলক সহজভাৱে পোৱা গৈছিল।

(ঙ) বর্তমান শিলক কি কি কামত ব্যৱহাৰ কৰা হয় লিখা?

উত্তৰঃ পকী ঘৰ বনোৱাত ব্যৱহাৰ কৰে, বিভিন্ন মূৰ্ত্তি বনোৱাত ব্যৱহাৰ কৰে, দলং বনোৱাত ব্যৱহাৰ কৰে ইত্যাদি।

(চ) জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল?

উত্তৰঃ আদিম মানুহে আহাৰৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। এনেতে এদিন হঠাৎ শিলে-শিলে ঘঁহনি খাই ফিৰিঙতিৰ সৃষ্টি হ’ল। এই ফিৰিঙতিয়ে শুকান পাতৰ সংস্পৰ্শত জুইৰ সৃষ্টি কৰিছিল। এনেদৰে জুইৰ আৱিষ্কাৰ হৈছিল।

(ছ) আদিম মানুহে জুই কি কি কামত ব্যৱহাৰ কৰিছিল?

উত্তৰঃ আদিম মানুহে জীৱ-জন্তুৰ মাংসবোৰ পুৰি আৰু সেকি খাবলৈ আৰু নিশাৰ এন্ধাৰ নাশ কৰিবলৈ জুইৰ ব্য়ৱহাৰ কৰিছিল।

৩। আদিম মানুহে কিয় খাদ্য় সাঁচি নাৰাখিছিল ব্য়াখ্য়া কৰা-

উত্তৰঃ আদিম মানুহে খাদ্য় সাঁচি ৰখাৰ প্ৰয়োজনবোধ কৰা নাছিল, সেয়ে খাদ্য় সাঁচি নাৰাখিছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top