SCERT Class 6 Social Science Chapter 11 Answer 2026 | বৈচিত্ৰ্য়ৰ মাজত ঐক্যঃ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন | Lesson 11 | Class 6 Social Science | Question and Answer Assam | ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |

Chapter 11 – 

বৈচিত্ৰ্য়ৰ মাজত ঐক্যঃ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন 

 অনুশীলনী – ১

১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া:

(ক) বৈচিত্র্য মানে কি?

উত্তৰ: মানুহৰ মাজত থকা জাতি, ধৰ্ম, ভাষা, খাদ্যাভ্যাস, আচাৰ-ব্যৱহাৰ, উৎসৱ-পাৰ্বণ আদিৰ ভিন্নতাক বৈচিত্র্য বোলা হয়।

(খ) ঐক্য মানে কি?

উত্তৰ: বিভিন্নতা সত্ত্বেও, একেলগে শান্তিতে, মিলা মিচা, পৰস্পৰক সন্মান জনাই থকাৰ মানে হৈছে ঐক্য।

(গ) বৈচিত্র্যৰ মাজত ঐক্য বুলিলে কি বুজা?

উত্তৰ: যেতিয়া বিভিন্ন জাতি, ধৰ্ম, ভাষা আদিৰ মানুহে নিজৰ ভিন্নতা অটুট ৰাখি একে সমাজ বা ৰাষ্ট্ৰত মিলেমিচি থাকে, তাকেই বৈচিত্র্যৰ মাজত ঐক্য বোলা হয়।

২. ভাৰতৰ বৈচিত্র্যৰ অন্তর্গত কিছুমান দিশ উল্লেখ কৰা:

উত্তৰ: জাতি, ধৰ্ম, ভাষাৰ বৈচিত্র্য

খাদ্যাভ্যাস, সাজ-পাৰ

উৎসৱ-পাৰ্বণ

নৃত্য-গীত আৰু সংস্কৃতি

৩. ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিয়া:

উত্তৰ: উত্তৰে সুউচ্চ হিমালয়, দক্ষিণে বিশাল মহাসাগৰ

পূবে অধিক বৰষুণৰ অঞ্চল, পশ্চিমে বিশাল মৰুভূমি

পৰ্বত, সমতল, উপকূলীয় অঞ্চল, আৰু ঘন বনাঞ্চল

অনুশীলনী – ২

১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া:

(ক) ভাৰতক কিয় ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয়?

উত্তৰ: ভাৰতত সকলো ধৰ্মক সমানভাৱে সন্মান কৰা হয়, কোনো এটা ধৰ্মক ৰাষ্ট্ৰধৰ্ম হিচাপে স্বীকৃতি দিয়া হোৱা নাই। সেইবাবে ভাৰতক ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয়।

(খ) মকৰ সংক্রান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম উল্লেখ কৰা:

উত্তৰ: অসমত: মাঘ বিহু

তামিলনাডুত: পোংগল

(গ) তুমি বাস কৰা অঞ্চলটোত কি কি ভাষা কোৱা মানুহ আছে?

উত্তৰ: (এই উত্তৰটো অঞ্চল অনুসৰি ভিন্ন হব পাৰে; তলৰ এটা সাধাৰণ উত্তৰ দিয়া হৈছে)

– মোৰ অঞ্চলটোত অসমীয়া, বাংলা, হিন্দি আৰু বড়ো ভাষা কোৱা মানুহ থাকে।

২. উৎসব-পাৰ্বণৰ ক্ষেত্ৰত ভাৰতত কেনেধৰণৰ সাদৃশ্য দেখা যায়?

উত্তৰ: উৎসৱ-পাৰ্বণ যদিও অঞ্চলভেদে বিভিন্ন নামেৰে পালিত হয়, কিন্তু সিহঁতৰ উদ্দেশ্য, সময়, উদযাপন পদ্ধতি আৰু উৎসৱৰ খাদ্য-পানীয়ত মিল থাকে। উদাহৰণস্বৰূপে, মকৰ সংক্রান্তিৰ সময়ত বিভিন্ন ৰাজ্যত সাদৃশ্যপূৰ্ণ উৎসৱ পালিত হয়।

Additional Question Answer (অতিৰিক্ত প্রশ্নোত্তৰ):

১. ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক ‘Mini India’ কিয় কোৱা হয়?

উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলত বহু জাতি, ভাষা, সংস্কৃতি, খাদ্যাভ্যাস, নৃত্য-গীত, শিল্প আদি আছে। এই বৈচিত্র্যই ভাৰতৰ সম্পূর্ণ বৈচিত্ৰ্য প্ৰতিনিধিত্ব কৰে, সেইবাবে ইয়াক ‘Mini India’ বুলি কোৱা হয়।

২. উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য বৈশিষ্ট্যসমূহ কি কি?

উত্তৰ: সু-উচ্চ পৰ্বতমালা আৰু নদ-নদী

মৌচুমীৰ প্ৰভাৱত অধিক বৰষুণ

উৰ্বৰ কৃষিভূমি

বিভিন্ন জাতি-গোষ্ঠীৰ বাস

নিজস্ব ভাষা, গীত, নৃত্য আৰু খাদ্যৰ বৈচিত্র্য

শিল্প, চাহ আৰু বস্ত্ৰশিল্পৰ বিকাশ

৩. যোগাযোগ ব্যৱস্থাই দেশৰ ঐক্যত কেনেকৈ সহায় কৰে?

উত্তৰ: ইন্টাৰনেট, ডাক আৰু ৰেল সেৱাই ভাৰতৰ বিভিন্ন অঞ্চলক সংযুক্ত কৰি ৰাখে, যাৰ ফলত মানুহে পৰস্পৰক বুজি ঐক্যবদ্ধভাৱে বসবাস কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top