ভলুকা আৰু ভতুৱা
পাঠভিত্তিক প্ৰশ্নোত্তৰ
১। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা।
(ক) ভলুকা আৰু ভতুৱা কোন আছিল?
উত্তৰঃ ভলুকা আৰু ভতুৱা আছিল গাঁৱৰ দুটা ধেঁকুৰা কুকুৰ।
(খ) মথাউৰি ছিগোঁতে উপমাৰ আইতাকহঁতৰ পৰিয়ালটো ক’ত আছিল?
উত্তৰঃ মথাউৰি ছিগোঁতে উপমাৰ আইতাকহঁতৰ পৰিয়ালটো নিজৰ চাং-ঘৰটোৰ ওপৰত বস্তু-বাহানিৰ সৈতে আশ্ৰয় লৈ আছিল।
(গ) চৰকাৰে কিয় সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছিল?
উত্তৰঃ সম্ভাৱ্য বিপদৰ বিষয়ে নাগৰিকসকলক আগতীয়াকৈ সজাগ কৰি দুৰ্যোগৰ মোকাবিলা কৰিবলৈ সাজু কৰি ৰখাৰ উদ্দেশ্যে চৰকাৰে সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছিল।
(ঘ) উপমাহঁতৰ আইতাকে ভূমিকম্প আহোঁতে কোলাত কি লৈ ওলাই আহিছিল?
উত্তৰঃ ভূমিকম্প আহোঁতে উপমাহঁতৰ আইতাকে নাতিয়েক ৰূপক বুলি ভুলতে এটা গাৰু কোলাত লৈ ওলাই আহিছিল।
(ঙ) চাং কি? ইয়াক কি কামত ব্যৱহাৰ কৰা হয়?
উত্তৰঃ বাঁহ বা কাঠ আদিৰে অলপ ওখকৈ সজা মঞ্চসদৃশ যতনক চাং বোলে। ইয়াক মানুহে শুবলৈ আৰু ধান, মাহ, সৰিয়হ আদি শস্য তথা দৰকাৰী বস্তু-বাহানি তুলি থ’বলৈ ব্যৱহাৰ কৰে।
(চ) কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ কাৰণ কি?
উত্তৰঃ মানুহে য’তে-ত’তে জাবৰ-জোঁথৰ পেলোৱাৰ ফলত নলা-নৰ্দমা বন্ধ হৈ কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। ইয়াৰ উপৰি পাহাৰ কাটি ঘৰ সজা ফলত বৰষুণৰ পানীৰ সৈতে মাটি তললৈ নামি আহি নলা-নৰ্দমা বন্ধ কৰে।
(ছ) গাঁৱৰ মানুহবোৰে ঘাইপথৰ দাঁতিত তম্বু তৰি কিয় থাকিবলগীয়া হৈছিল?
উত্তৰঃ ভয়ংকৰ বানপানীৰ ফলত মথাউৰি ছিগি বহুতো গাঁও পানীত ডুব গৈছিল। বহু লোকৰ ঘৰ-দুৱাৰ ভাঙি গৈছিল আৰু খেতি-বাৰী নষ্ট হৈছিল। ফলত আশ্ৰয়হীন হোৱা গাঁৱৰ মানুহবোৰে জীৱন ৰক্ষাৰ বাবে ঘাইপথৰ দাঁতিত তম্বু তৰি থাকিবলগীয়া হৈছিল।
২। ভাবা আৰু উত্তৰ লিখা।
(ক) ‘উপমা আৰু ভায়েকক দেখিহে মাক-দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল।’ — ইয়াত ‘মুখলৈ পানী আহ্’ বাক্যাংশই কি বুজাইছে?
উত্তৰঃ ‘মুখলৈ পানী আহ্’ বাক্যাংশই দুশ্চিন্তা দূৰ হৈ স্বস্তি বা সকাহ পোৱা বুজাইছে। কৃত্ৰিম বানপানীৰ সময়ত উপমা আৰু ভায়েক নিৰাপদে ঘৰলৈ উভতি অহা দেখি মাক-দেউতাক আৰু আইতাকৰ চিন্তা দূৰ হৈছিল।
(খ) ‘দুৰ্যোগ আহিলে বাঘে-ছাগে একেটা ঘাটতে পানী খায়।’ — ইয়াত কথাখিনিয়ে কি বুজাইছে?
উত্তৰঃ এই কথাষাৰে বুজাইছে যে বিপদ বা দুৰ্যোগৰ সময়ত মানুহে নিজৰ মাজৰ শত্ৰুতা আৰু ভেদাভেদ পাহৰি একেলগে থাকিবলগীয়া হয়।
(গ) ‘দুয়োৰে মাজত আছিল অহি-নকুল সম্বন্ধ।’ — ইয়াত ‘অহি-নকুল সম্বন্ধ’ই কেনেকুৱা সম্বন্ধৰ কথা সূচাইছে?
উত্তৰঃ ‘অহি-নকুল সম্বন্ধ’ই ঘোৰ শত্ৰুতা বা পৰস্পৰৰ মাজত থকা গভীৰ বৈৰিতাৰ সম্বন্ধ বুজাইছে। ‘অহি’ মানে সাপ আৰু ‘নকুল’ মানে নেউল। সাপ আৰু নেউলৰ মাজত থকা শত্ৰুতাৰ দৰে ভলুকা আৰু ভতুৱাৰ মাজতো শত্ৰুতা আছিল।
৩। দলত আলোচনা কৰি কোৱা আৰু লিখা।
(ক) কৃত্ৰিম বানপানীৰ ফলত মানুহৰ কি কি অসুবিধা হ’ব পাৰে?
উত্তৰঃ কৃত্ৰিম বানপানীৰ ফলত মানুহে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। যেনে—
১। ৰাস্তা-ঘাট পানীত বুৰ যোৱাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হয়।
২। ঘৰ-দুৱাৰ, দোকান-পোহাৰ আৰু অন্যান্য সা-সম্পত্তি নষ্ট হয়।
৩। স্কুল-কলেজ আৰু অফিচ-কাছাৰীলৈ যোৱাত অসুবিধা হয়।
৪। লেতেৰা পানীৰ ফলত পৰিৱেশ দূষিত হয় আৰু বিভিন্ন ৰোগ বিয়পাৰ আশংকা বৃদ্ধি পায়।
(খ) প্ৰাকৃতিক বানপানীৰ ফলত গ্ৰামাঞ্চলত কি কি ক্ষতি হয়?
উত্তৰঃ প্ৰাকৃতিক বানপানীৰ ফলত গ্ৰামাঞ্চলত বিভিন্ন ধৰণৰ ক্ষতি হয়। যেনে—
১। ঘৰ-দুৱাৰ, খেতি-বাৰী আৰু পথাৰৰ শস্য নষ্ট হয়।
২। বহুতো মানুহ গৃহহীন হৈ পৰে।
৩। ৰাস্তা-ঘাট, সাঁকো আৰু দলং ভাঙি যাতায়াত ব্যৱস্থা ব্যাহত হয়।
৪। পোহনীয়া জীৱ-জন্তুৰ মৃত্যু হয় বা সিহঁতে আশ্ৰয় হেৰুৱায়।
৫। খোৱাপানীৰ সংকট দেখা দিয়ে আৰু বিভিন্ন ৰোগ বিয়পাৰ আশংকা বৃদ্ধি পায়।
৬। পুখুৰীৰ মাছ আৰু বাৰীৰ শাক-পাচলি আদি নষ্ট হয়।
(গ) পাঠত উল্লেখ থকা কাৰণ দুটাৰ উপৰি আন কি কি কাৰণত কৃত্ৰিম বানপানী হ’ব পাৰে?
উত্তৰঃ পাঠত উল্লেখ কৰা কাৰণ দুটাৰ উপৰি তলত দিয়া কাৰণসমূহৰ বাবেও কৃত্ৰিম বানপানী হ’ব পাৰে—
১। জলাশয়, বিল আৰু পুখুৰী পুতি ঘৰ-দুৱাৰ নিৰ্মাণ কৰা।
২। পানী ওলাই যোৱাৰ উপযুক্ত নলা-নৰ্দমাৰ অভাৱ।
৩। প্ৰাকৃতিক নলা আৰু খালবোৰ পুতি পেলোৱা।
৪। অপৰিকল্পিতভাৱে নগৰ নিৰ্মাণ কৰা।
৫। বনাঞ্চল ধ্বংস কৰি বসতি স্থাপন কৰা।
(ঘ) পাঠটোৰ এটা শিৰোনাম দিয়া আৰু নামটো কিয় দিলা তাৰ কাৰণ ব্যাখ্যা কৰা।
উত্তৰঃ পাঠটোৰ উপযুক্ত শিৰোনাম হ’ব পাৰে— ‘দুৰ্যোগ আৰু আমি’।
কাৰণঃ এই পাঠটোত কৃত্ৰিম বানপানী, প্ৰাকৃতিক বানপানী আৰু ভূমিকম্পৰ দৰে দুৰ্যোগৰ বিষয়ে আলোচনা কৰা হৈছে। লগতে দুৰ্যোগৰ ফলত মানুহে সন্মুখীন হোৱা সমস্যাসমূহ আৰু বিপদৰ সময়ত সকলোৱে মিলি-জুলি থকাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰা হৈছে। সেয়েহে ‘দুৰ্যোগ আৰু আমি’ শিৰোনামটো উপযুক্ত।
৪। বাক্যবোৰ নতুনকৈ সজাই শুদ্ধকৈ লিখা।
(ক) ৰবৰৰ অভিযান উদ্ধাৰকাৰী চলাবলৈ উদ্ধাৰ দলে নাৱেৰে ধৰিলে।
উত্তৰঃ উদ্ধাৰকাৰী দলে ৰবৰৰ নাৱেৰে উদ্ধাৰ অভিযান চলাবলৈ ধৰিলে।
(খ) মাক-দেউতাক দেখিহে দুয়োকে আৰু পানী আহিল আইতাকৰ মুখলৈ।
উত্তৰঃ দুয়োকে দেখিহে মাক-দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল।
(গ) অলপ ৰাতি কৰিব পঢ়া-শুনা লাগিব নহয়!
উত্তৰঃ ৰাতি অলপ পঢ়া-শুনা কৰিব লাগিব নহয়!
(ঘ) বিদ্যুৎ বিচ্ছিন্ন বিভাগে ৰাতিয়েই থৈছিল কালি সংযোগ কৰি।
উত্তৰঃ বিদ্যুৎ বিভাগে কালি ৰাতিয়েই সংযোগ বিচ্ছিন্ন কৰি থৈছিল।
(ঙ) কুকুৰ আৰু আমাৰ ধেঁকুৰা ভলুকা গাঁৱৰ দুটা ভতুৱা আছিল।
উত্তৰঃ ভলুকা আৰু ভতুৱা আমাৰ গাঁৱৰ দুটা ধেঁকুৰা কুকুৰ আছিল।
৫। ভাষা-অধ্যয়ন
(ক) তলত দিয়া বাক্যকেইটা পঢ়ি কোন প্ৰকাৰৰ বাক্য লিখা।
১। তোমাৰ যাত্ৰা শুভ হওক। — অনুজ্ঞাবোধক বাক্য
২। তুমি কেতিয়া আহিবা? — প্ৰশ্নবোধক বাক্য
৩। ৰাতিপুৱা পূবফালে বেলি ওলায়। — বৰ্ণনামূলক বাক্য
৪। সকলো সুখেৰে থাকা। — অনুজ্ঞাবোধক বাক্য
৫। ৰাতিপুৱা সোনকালে উঠিবা। — অনুজ্ঞাবোধক বাক্য
৬। তুমি অংককেইটা কৰিলানে? — প্ৰশ্নবোধক বাক্য
৭। কিতাপখন খৰচি মাৰি পঢ়া। — অনুজ্ঞাবোধক বাক্য
৮। উহঃ, বৰ দুখ পালোঁ! — ভাববোধক বাক্য
৯। পঢ়াৰ সময়ত আমি খেলা-ধূলা নকৰোঁ। — বৰ্ণনামূলক বাক্য
১০। আহঃ, বৰ আনন্দ পালোঁ! — ভাববোধক বাক্য
(খ) বন্ধনীত দিয়া নিৰ্দেশ অনুসৰি তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য সাজা।
উত্তৰঃ ৰাস্তা পাৰ হওঁতে সকলোৱে সতৰ্কতা অৱলম্বন কৰা উচিত।
(খ) কোন (প্ৰশ্নবোধক বাক্য)
উত্তৰঃ এই কামটো কোনে কৰিছে?
(গ) আহা (অনুজ্ঞাবোধক বাক্য)
উত্তৰঃ আহা, আমি সকলোৱে মিলি দুৰ্যোগৰ সময়ত আনক সহায় কৰোঁ।
(ঘ) ঈশ্বৰ (অনুজ্ঞাবোধক বাক্য)
উত্তৰঃ হে ঈশ্বৰ, আমাক সঠিক পথ দেখুওৱা।
(ঙ) উঃ (ভাববোধক বাক্য)
উত্তৰঃ উঃ, কিমান ঠাণ্ডা পৰিছে আজি!
৬। দুৰ্যোগ ব্যৱস্থাপনা
(ক) দুৰ্যোগ ব্যৱস্থাপনা বুলিলে কি বুজা?
উত্তৰঃ দুৰ্যোগৰ ফলত হোৱা ক্ষয়-ক্ষতি হ্ৰাস কৰিবলৈ আৰু মানুহৰ জীৱন-সম্পত্তি ৰক্ষা কৰিবলৈ গ্ৰহণ কৰা পৰিকল্পিত ব্যৱস্থাৱলীক দুৰ্যোগ ব্যৱস্থাপনা বোলে।
উত্তৰঃ দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ তিনিটা হ’ল—
১। দুৰ্যোগৰ আগতীয়া প্ৰস্তুতি।
২। দুৰ্যোগৰ সময়ত জৰুৰীকালীন সঁহাৰি।
৩। দুৰ্যোগৰ পিছত পুনৰুদ্ধাৰ আৰু পুনৰ সংস্থাপন।
(গ) চাৰিটা প্ৰাকৃতিক দুৰ্যোগ আৰু চাৰিটা মানৱসৃষ্ট দুৰ্যোগৰ উদাহৰণ দিয়া।
উত্তৰঃ
- প্ৰাকৃতিক দুৰ্যোগ: বানপানী, ভূমিকম্প, ঘূৰ্ণীবতাহ আৰু ভূমিস্খলন।
- মানৱসৃষ্ট দুৰ্যোগ: যুদ্ধ, বিস্ফোৰণ, অগ্নিসংযোগ আৰু প্ৰদূষণ।
৭। তলত দিয়া পৰিস্থিতিত কোনটো জৰুৰীকালীন নম্বৰ ডায়েল কৰিবা লিখা।
(ক) চুবুৰীয়াৰ ঘৰত এজন দহ বছৰীয়া ল’ৰাক বনকৰা ল’ৰা হিচাপে ৰাখিছে।
উত্তৰঃ ১০৯৮ (শিশু সহায়তা সেৱা)।
(খ) ৰাস্তা নিৰ্মাণ কৰি থকা এজন শ্ৰমিক প্ৰখৰ ৰ’দ সহ্য কৰিব নোৱাৰি ঢলি পৰিল।
উত্তৰঃ ১০৮ বা ১১২।
(গ) কাষৰ ঘৰত চোৰে খিৰিকী ভাঙি সোমাবলৈ ধৰিছে।
উত্তৰঃ ১১২ (জৰুৰীকালীন সহায়তা)।
(ঘ) এঘৰত গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হ’ল।
উত্তৰঃ ১০১ (অগ্নিনিৰ্বাপক সেৱা) বা ১১২।
(ঙ) প্ৰবল বৰষুণৰ ফলত ওচৰৰ পাহাৰখনত ভূমিস্খলন হৈছে।
উত্তৰঃ ১১২ (জৰুৰীকালীন সহায়তা)।
৮। জৰুৰীকালীন মোনাত কি কি সামগ্ৰী ৰাখিব লাগে?
উত্তৰঃ জৰুৰীকালীন মোনাত ৰাখিবলগীয়া প্ৰয়োজনীয় সামগ্ৰীসমূহ হ’ল—
১। খোৱাপানী আৰু শুকান খাদ্য, যেনে— চিৰা, বিস্কুট আৰু গুড়।
২। টৰ্চ আৰু অতিৰিক্ত বেটাৰী।
৩। নগদ ধন আৰু প্ৰয়োজনীয় নথি-পত্ৰ।
৪। বেটাৰীৰে চলা ৰেডিঅ’ আৰু হুইচেল।
৫। ব্যক্তিগত ঔষধ আৰু প্ৰাথমিক চিকিৎসাৰ বাকচ।
৬। চাবোন, ছেনিটাইজাৰ আৰু মাস্ক।
৭। মমবাতি আৰু জুইশলা।
৮। অতিৰিক্ত কাপোৰ।
৯। কেঁচী আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী।
১০। মোবাইল ফোন আৰু চাৰ্জাৰ বা পাৱাৰ বেংক।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post