SCERT Class 7 Assamese Chapter 5 Solution Assamese Medium | Assam Borad Class VII Assamese Lesson 5 “ভলুকা আৰু ভতুৱা” Answer | New Update 2026 | |

ভলুকা আৰু ভতুৱা

পাঠ-৫

পাঠভিত্তিক:

প্রশ্ন ১। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা।

(ক) ভলুকা আৰু ভতুৱা কোন আছিল?

উত্তৰঃ ভলুকা আৰু ভতুৱা গাঁৱৰ দুটা ধেকুৰা কুকুৰ।

(খ) মথাউৰি ছিগোতে উপমাৰ আইতাকহঁতৰ পৰিয়ালটো ক’ত আছিল?

উত্তৰঃ চাংঘৰত।

(গ) চৰকাৰে কিয় সতৰ্কতামূলক বার্তা প্ৰেৰণ কৰিছিল?

উত্তৰঃ কৃত্রিম বানপানীৰ সময়ত নাগৰিকসকলো বিভিন্ন প্ৰকাৰে সষ্টম হৈ থাকিবৰ বাবে চৰকাৰে সতৰ্কতামূলক বার্তা প্ৰেৰণ কৰিছিল। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতর্কবাণী পাই বিপদৰ মোকাবিলা কৰিবলৈ কর্তৃপক্ষ আগতীয়াকৈ সাজু হৈ আছিল।

(ঘ) উপমাহঁতৰ আইতাকে ভূমিকম্প আহোঁতে কোলাত কি লৈ ওলাই আহিছিল?

উত্তৰঃ উপমাহঁতৰ আইতাকে ভূমিকম্প আহোঁতে ৰূপক বুলি ভাবি গাৰুটোকে কোলাত লৈ ওলাই আহিছিল।

(ঙ) চাং কি? ইয়াক কি কামত ব্যৱহাৰ কৰা হয়?

উত্তৰঃ বস্তু তুলি থবৰ বাবে বা মানুহ শুবলৈ অলপ ওখকৈ বাঁহ বা কাঠেৰে সজা যতন বিধেই হ’ল চাং।

বাৰিষাৰ আগে আগে মানুহে ধান, মাহ, সৰিয়হ আদি শস্য তুলি থ’বৰ বাবে চাঙক ব্যৱহাৰ কৰিছিল।

(চ) কৃত্রিম বানপানী সৃষ্টি হোৱাৰ কাৰণ কি?

উত্তৰঃ কৃত্রিম বানপানী সৃষ্টি হোৱাৰ কাৰণ হ’ল-

● মানুহে যেনিয়ে-তেনিয়ে জাবৰ-জোঁথৰ পেলোৱাৰ ফলত নর্দমাবোৰ বন্ধ হৈ

পৰে।

● পাহাৰ কাটি ঘৰ সজোৱাৰ ফলত ওপৰৰ মাটি বৰষুণৰ পানীৰ লগতে তললৈ নামি আহে। সেই মাটিয়ে নলা-নর্দমাবোৰ বন্ধ কৰে।

(ছ) গাঁৱৰ মানুহবোৰে ঘাইপথৰ দাঁতিত তম্বু তৰি কিয় থাকিবলগীয়া হৈছিল?

উত্তৰ : গাঁওখনত এসময়ত ভয়ংকৰ বানপানী হৈছিল। মথাউৰি ছিগি যোৱাত চাৰিওফালে আতংকৰ সৃষ্টি হৈছিল। আকস্মিক পানীৰ সোঁতে কেইবাখনো গাঁও ডুবাই পেলাইছিল। বহু লোকৰ ঘৰ-দুৱাৰ ভাঙি গৈছিল আৰু খেতি-বাৰী সম্পূৰ্ণ নষ্ট হৈছিল। এনে দুখ-কষ্টৰ পৰিস্থিতিত আশ্ৰয়হীন হৈ গাঁৱৰ মানুহবোৰে ঘাইপথৰ কাষত তম্বু সাজি থাকিবলগীয়া হৈছিল।

প্রশ্ন ২। ভাবা আৰু উত্তৰ লিখা।

(ক) ‘উপমা আৰু ভায়েকক দেখিহে মাক-দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল।’-ইয়াত ‘মুখলৈ পানী আহ’ বাক্যাংশই কি বুজাইছে?

উত্তৰঃ ইয়াত ‘মুখলৈ পানী আহ্’ বাক্যাংশই দুঃচিন্তা দূৰ হৈ সকাহ পোৱা বা মানসিক শান্তি লাভ কৰা বুজাইছে। বহু সময় ধৰি চিন্তা আৰু উৎকণ্ঠাত থকাৰ পিছত আপোনজনক সুস্থভাৱে দেখা পালে যি স্বস্তি অনুভৱ হয়, তাকেই এই বাক্যাংশৰ দ্বাৰা প্ৰকাশ কৰা হৈছে।
কৃত্ৰিম বানপানীৰ সময়ত উপমা আৰু ভায়েকৰ স্কুল ভেনখন যথাসময়ত ঘৰ নোপোৱাত পৰিয়ালৰ সকলোৱে খুব চিন্তিত হৈছিল। পিছত সিহঁত দুয়োকে নিৰাপদে ঘৰলৈ অহা দেখি মাক-দেউতাক আৰু আইতাকে বহুত সকাহ পাইছিল।

(খ) ‘দুর্যোগ আহিলে বাঘে-ছাগে একেটা ঘাটতে পানী খায়।’-ইয়াত ‘বাঘে-ছাগে একেটা ঘাটতে পানী খায়’ কথাখিনিয়ে কি বুজাইছে?

উত্তৰঃ ‘বাঘে-ছাগে একেটা ঘাটতে পানী খায়’ এই প্রবচন ফাঁকিৰ অৰ্থ হৈছে-বিপদৰ সময়ত বৈৰী ভাব বা শত্রুতা পাহৰি হোৱা অৱস্থাকে বুজাইছে।
(গ) ‘দুয়োৰে মাজত আছিল অহি-নকুল সম্বন্ধ।’-ইয়াত ‘অহি-নকুল সম্বন্ধ’ই কেনেকুৱা সম্বন্ধৰ কথা সূচাইছে? উত্তৰঃ ‘অহি-নকুল সম্বন্ধ’ বাক্যাংশই গভীৰ শত্রুতা বা একেবাৰে মিল নথকা সম্বন্ধক বুজাইছে। অসমীয়া জতুৱা ঠাঁচত ‘অহি’ মানে সাপ আৰু ‘নকুল’ মানে নেউল। সাপ আৰু নেউল স্বভাৱগতভাৱে পৰস্পৰৰ শত্রু হোৱা বাবে যিসকল মানুহৰ মাজত সদায় বিবাদ, কাজিয়া বা বৈৰিতা থাকে, তেওঁলোকৰ সম্বন্ধ বুজাবলৈ এই বাক্যাংশ ব্যৱহাৰ কৰা হয়।

(ক) কৃত্ৰিম বানপানীৰ ফলত মানুহৰ কি কি অসুবিধা হ’ব পাৰে?

উত্তৰঃ কৃত্ৰিম বানপানীৰ ফলত মানুহে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। যেনে—
● যাতায়াত ব্যৱস্থা ব্যাহত হয় আৰু পথ-ঘাট পানীত ডুব যায়।
● ঘৰ-দুৱাৰ, দোকান-পোহাৰ আৰু অন্যান্য ব্যৱসায়িক স্থানত পানী সোমাই বহু ক্ষতি কৰে।
● বিদ্যালয়, মহাবিদ্যালয়, অফিচ-কাছাৰী আদি কিছুদিনৰ বাবে বন্ধ ৰাখিবলগীয়া হয়।

(খ) প্ৰাকৃতিক বানপানীৰ ফলত গ্রামাঞ্চলত কি কি ক্ষতি হয়?

উত্তৰঃ প্ৰাকৃতিক বানপানীয়ে গ্রামাঞ্চলত বহু ধৰণৰ ক্ষতি সাধন কৰে। যেনে—

● খেতি-বাৰী, পুখুৰী আৰু ঘৰ-দুৱাৰ বানপানীত নষ্ট হয়।
● বহু লোক গৃহহীন হৈ পৰে আৰু বসবাসৰ অসুবিধা ভোগ কৰে।
● ৰাস্তা-ঘাট, সাঁকো আৰু দলং ভাঙি যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হয়।
● গেলা-পচা বস্তুৰ পৰা পৰিৱেশ দূষিত হয় আৰু ৰোগ-বেমাৰৰ আশংকা বৃদ্ধি পায়।
● বহু পোহনীয়া জীৱ-জন্তু আৰু চৰাই-চিৰিকটি মৃত্যুমুখত পৰে।
● বাৰীৰ শাক-পাচলি, পাণ-তামোল, জালুক আদি নষ্ট হয়।
● পুখুৰীৰ মাছ-কাছ আদি উটি যায় বা মৰি যায়।

(গ) পাঠত উল্লেখ থকা কাৰণ দুটাৰ উপৰি আন কি কি কাৰণত কৃত্ৰিম বানপানী হ’ব পাৰে?

উত্তৰঃ পাঠত উল্লেখ কৰা কাৰণৰ উপৰিও কৃত্ৰিম বানপানীৰ আন কেইবাটাও কাৰণ আছে। যেনে—

● জলাশয় বা দ ঠাই পুতি ঘৰ-বাৰী আৰু অট্টালিকা নিৰ্মাণ কৰা।
● পানী ওলাই যোৱাৰ সঠিক নলা-নৰ্দমাৰ অভাৱ।
● পাহাৰ কাটি বা বনাঞ্চল ধ্বংস কৰি বসতি স্থাপন কৰা।

(ঘ) পাঠটোৰ এটা শিৰোনাম দিয়া আৰু নামটো কিয় দিলা তাৰ কাৰণ ব্যাখ্যা কৰা।

উত্তৰঃ পাঠটোৰ উপযুক্ত শিৰোনাম হ’ব পাৰে — ‘দুৰ্যোগ আৰু ইয়াৰ প্ৰভাৱ’।
এই পাঠটোত কৃত্ৰিম বানপানী, ভূমিকম্প আদি বিভিন্ন দুৰ্যোগৰ বিষয়ে আলোচনা কৰা হৈছে। এইবোৰৰ ফলত মানুহৰ জীৱন-জীৱিকা, ঘৰ-বাৰী আৰু পৰিৱেশত কেনেদৰে ক্ষতি হয়, সেই কথাও পাঠটোত বৰ্ণনা কৰা হৈছে। সেয়ে পাঠটোৰ বাবে এই শিৰোনামটো উপযুক্ত বুলি কোৱা যায়।

প্রশ্ন ৪। বাক্যবোৰ নতুনকৈ সজাই শুদ্ধকৈ লিখা:

(ক) ৰবৰৰ অভিযান উদ্ধাৰকাৰী চলাবলৈ উদ্ধাৰ দলে নাৱেৰে ধৰিলে।

উত্তৰঃ উদ্ধাৰকাৰী দলে ৰবৰৰ নাৱেৰে উদ্ধাৰ অভিযান চলাবলৈ ধৰিলে।

(খ) মাক-দেউতাক দেখিহে দুয়োকে আৰু পানী আহিল আইতাকৰ মুখলৈ।

উত্তৰঃ দুয়োকে দেখিহে মাক-দেউতাক আৰু আইতাকৰ মুখলৈ পানী আহিল।

(গ) অলপ ৰাতি কৰিব পঢ়া-শুনা লাগিব নহয়!

উত্তৰঃ ৰাতি অলপ পঢ়া-শুনা কৰিব লাগিব নহয়?

(ঘ) বিদ্যুৎ বিচ্ছিন্ন বিভাগে বাতিয়েই থৈছিল কালি সংযোগ কৰি।

উত্তৰঃ বিদ্যুৎ বিভাগে কালি ৰাতিয়েই বিচ্ছিন্ন সংযোগটো কৰি থৈছিল।

(ঙ) কুকুৰ আৰু আমাৰ ধেকুৰা ভলুকা গাঁৱৰ দুটা ভতুৱা আছিল।

উত্তৰঃ ভলুকা আৰু ভতুৱা আদি আমাৰ গাঁৱৰ দুটা ধেকুৰা কুকুৰ।

ভাষা-অধ্য়য়ন

প্রশ্ন ৬। তলত দিয়া বাক্যকেইটা পঢ়ি কোন প্ৰকাৰৰ বাক্য কাষৰ খালী বাকচত লিখা।

● তোমাৰ যাত্রা শুভ হওক : অনুজ্ঞাবোধক বাক্য

● তুমি কেতিয়া আহিবা : প্রশ্নবোধক বাক্য

● ৰাতিপুৱা পূবফালে বেলি ওলায় : অনুজ্ঞাৰোধক বাক্য

● সকলো সুখেৰে থাকা : অনুজ্ঞাবোধক বাক্য

● ৰাতিপুৱা সোনকালে উঠিবা : অনুজ্ঞাবোধক বাক্য

● তুমি অংককেইটা কৰিলানে? : প্রশ্নবোধক বাক্য

● কিতাপখন খৰচি মাৰি পঢ়া। : অনুজ্ঞাবোধক বাক্য

● উহঃ, বৰ দুখ পালোঁ! : ভাববোধক বাক্য

● পঢ়াৰ সময়ত আমি খেলা-ধূলা নকৰো : অনুজ্ঞাবোধক বাক্য
● আহঃ, বৰ আনন্দ পালোঁ। : ভাববোধক বাক্য

প্রশ্ন ৭। বন্ধনীত দিয়া নির্দেশ অনুসৰি তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য সাজা-

(ক) সতর্কতা (বৰ্ণনামূলক বাক্য)

⇒ ৰাস্তা পাৰ হওঁতে সকলোৰে সতর্কতা অৱলম্বন কৰা উচিত।

(খ) কোন (প্ৰশ্নবোধক বাক্য)
⇒ এই কামটো কোনে কৰিছে?

(গ) আহা (অনুজ্ঞাবোধক বাক্য)
⇒ আহা, আমি একেলগে খেলিবলৈ যাওঁ।

(ঘ) ঈশ্বৰ (অনুজ্ঞাবোধক বাক্য)
⇒ হে ঈশ্বৰ, আমাক সঠিক পথ দেখুওৱা।

(ঙ) উঃ (ভাববোধক বাক্য)
⇒ উঃ, কিমান ঠাণ্ডা পৰিছে আজি!

প্রশ্ন ১১। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা।

(ক) দুর্যোগ ব্যৱস্থাপনা বুলিলে কি বুজা?

উত্তৰঃ দুৰ্যোগৰ ক্ষয়-ক্ষতিৰ প্ৰভাৱ হ্রাস কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৱলীকে দুর্যোগ ব্যৱস্থাপনা বোলে।

(খ) দুর্যোগ ব্যৱস্থাপনাৰ স্তৰ তিনিটা কি কি?

উত্তৰঃ দুর্যোগ ব্যৱস্থাপনাৰ স্তৰ তিনিটা হ’ল-

● আগতীয়া প্রস্তুতি

● দুৰ্যোগৰ সময়ৰ জৰুৰীকালীন সঁহাৰি

● দুৰ্যোগৰ পাছৰ পুনৰ সংস্থাপনৰ প্ৰণালীবদ্ধ ব্যৱস্থা।

(গ) চাৰিটা প্রাকৃতিক দুর্যোগ আৰু চাৰিটা মানবসৃষ্ট দুৰ্যোগৰ উদাহৰণ দিয়া।

উত্তৰ : প্ৰকৃতিৰ স্বাভাবিক অথচ বিপজ্জনক পৰিঘটনাবোৰক প্ৰাকৃতিক দুর্যোগ বোলে। যেনে- বানপানী, ঘুর্ণী বতাহ, ছুনামি, বনজুই, ভূমিস্খলন, আগ্নেয়গিৰি উদগীৰণ, ভূমিকম্প।

মানুহৰ অৱহেলাৰ জৰিয়তে ভুলৰ বাবে ইচ্ছাকৃতভাৱে সৃষ্টি হোৱা দুর্যোগক মানবসৃষ্ট দুর্যোগ বোলে। যেনে- বিস্ফোৰণ, যুদ্ধ, প্রদূষণ, অগ্নিসংযোগ।

১২। তলত দিয়া কোনটো পৰিস্থিতিত কি নম্বৰ ডায়েল কৰিবা কাষৰ বাকচত লিখা-

(ক) তোমালোকৰ চুবুৰীয়া এজনৰ ঘৰত এজন দহ বছৰীয়া ল’ৰাক বনকৰা ল’ৰা হিচাপে হিচাপে ৰাখিছে।

উঃ ১০৯৮

(খ) ৰাস্তা নিৰ্মাণৰ কাম কৰি থকা শ্রমিক এজনে প্ৰখৰ ৰ’দ সহ্য কৰিব নোৱাৰি ঢলি পৰিল।

উঃ ১০৮/১০৪

(গ) তোমালোকৰ কাষৰ ঘৰত চোৰে খিড়িকী ভাঙি সোমাবলৈ ধৰাটো তুমি মনে মনে দেখিলা।

উঃ ১০০/১১২

(ঘ) এঘৰত গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হ’ল।

উঃ ১০১

(ঙ) প্রবল বৰষুণৰ ফলত তোমালোকৰ ওচৰৰ পাহাৰখনত ভূমিস্খলন হৈছে।

উঃ ১১২

প্রশ্ন ১৩। জৰুৰীকালীন মোনাত কি কি সামগ্ৰী ৰাখিব লাগে?
উত্তৰ : জৰুৰীকালীন মোনাত ৰাখিব লগা প্রয়োজনীয় সামগ্রীসমূহ হ’ল- পানী, শুকান খাদ্য (চিৰা, বিস্কুট, গুড়, আদি) টর্চ, নগদ টকা, প্রয়োজনীয় নথি-পত্ৰ, ৰেডিঅ’, হুইচেল, মমবাতি আৰু জুইশালা, ব্যক্তিগত ঔষধ, চাবোেন, কেঁচী, এযোৰ অতিৰিক্ত কাপোেৰ, প্ৰাথমিক চিকিৎসাৰ বাকচ (ডেটল, কটন কাপোেৰ, কটা-ছিঙাত দিয়া ঔষধ, বেণ্ডেজ আদি)

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top