Might Learn Logo Might Learn Shop Might Learn

SCERT Class 7 General Science Part II Chapter 10 Solution Assamese Medium | Assam Board Class VII General Science Lesson 10 “প্ৰাণীৰ জীৱন প্ৰক্ৰিয়া” Answer | New Update 2026 |

প্ৰাণীৰ জীৱন প্ৰক্ৰিয়া

অনুশীলনী

1. শ্বাস-প্ৰশ্বাস তন্ত্ৰৰ মাজেৰে বায়ুৰ পথ অনুসৰণ কৰি তলৰ বাকচবোৰ সঠিক অংশৰে সম্পূৰ্ণ কৰা।

উত্তৰঃ বায়ু → নাক → নাসাগহ্বৰ → শ্বাসনলী → হাঁওফাঁও → বায়ুমোনা।


2. ৰীতাই ক্ৰমে ঘেঁহুৰ আটা, চেনি আৰু সিজোৱা আলু থকা তিনিটা পৰীক্ষানলী A, B আৰু C-ত আয়’ডিনৰ দ্ৰৱ যোগ কৰিলে। প্ৰতিটো ক্ষেত্ৰতে তাই কি ফলাফল পাব? কাৰণ দৰ্শোৱা।

উত্তৰঃ

পৰীক্ষানলী A (ঘেঁহুৰ আটা): ঘেঁহুৰ আটাৰ ৰং নীলা-ক’লা হ’ব।

কাৰণঃ ঘেঁহুৰ আটাত শ্বেতসাৰ থাকে। আয়’ডিনে শ্বেতসাৰৰ উপস্থিতিত নীলা-ক’লা ৰং দিয়ে।

পৰীক্ষানলী B (চেনি): কোনো বিশেষ ৰঙৰ পৰিৱৰ্তন নহ’ব। আয়’ডিনৰ নিজা ৰং থাকিব।

কাৰণঃ চেনিত শ্বেতসাৰ নাথাকে।

পৰীক্ষানলী C (সিজোৱা আলু): সিজোৱা আলুৰ ৰং নীলা-ক’লা হ’ব।

কাৰণঃ আলুত শ্বেতসাৰ থাকে। সেয়ে আয়’ডিন যোগ কৰিলে নীলা-ক’লা ৰং হয়।


3. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

(i) বৃহদন্ত্ৰৰ প্ৰাথমিক ভূমিকা কি?

(a) পৰিপোষক শোষণ কৰা।
(b) পানী আৰু লৱণজাতীয় পদাৰ্থ শোষণ কৰা।
(c) প্ৰ’টিন হজম কৰা।
(d) এনজাইম উৎপাদন কৰা।

উত্তৰঃ (b) পানী আৰু লৱণজাতীয় পদাৰ্থ শোষণ কৰা।


(ii) হাঁওফাঁওত থকা বায়ুমোনাৰ কাম কি?

(a) হাঁওফাঁওলৈ বায়ু পাম্প কৰা।
(b) উশাহত লোৱা বায়ুৰ ধূলিকণা পৰিশ্ৰুত কৰা।
(c) অক্সিজেন আৰু কাৰ্বন ডাইঅক্সাইডৰ বিনিময় কৰা।
(d) কাৰ্বন ডাইঅক্সাইড জমা কৰা।

উত্তৰঃ (c) অক্সিজেন আৰু কাৰ্বন ডাইঅক্সাইডৰ বিনিময় কৰা।


(iii) শ্বসনৰ সময়ত উশাহত তলৰ কোনটো গেছ আমি গ্ৰহণ কৰোঁ?

(a) কাৰ্বন ডাইঅক্সাইড।
(b) নাইট্ৰ’জেন।
(c) অক্সিজেন।
(d) হাইড্ৰ’জেন।

উত্তৰঃ (c) অক্সিজেন।


(iv) তলৰ কোনটো পেশীয়ে শ্বাস-প্ৰশ্বাসত সহায় কৰে?

(a) মধ্যচ্ছদা।
(b) হৃদযন্ত্ৰ।
(c) কামিহাড়।
(d) পাকস্থলী।

উত্তৰঃ (a) মধ্যচ্ছদা।


4. খালী ঠাই পূৰ কৰা।

(a) পাচন আৰম্ভ হোৱা পাচনতন্ত্ৰৰ প্ৰথম অংগটো হ’ল __________।

উত্তৰঃ পাচন আৰম্ভ হোৱা পাচনতন্ত্ৰৰ প্ৰথম অংগটো হ’ল মুখ।

(b) মুখ আৰু পাকস্থলী সংযোগ কৰা খাদ্যনলীটোক __________ বোলে।

উত্তৰঃ মুখ আৰু পাকস্থলী সংযোগ কৰা খাদ্যনলীটোক গ্ৰাসনলী বোলে।

(c) __________-য়ে খাদ্য পাচন ৰসৰ সৈতে মিহলাই মন্থন কৰে আৰু কিছু সময় জমা কৰি ৰাখে।

উত্তৰঃ পাকস্থলীয়ে খাদ্য পাচন ৰসৰ সৈতে মিহলাই মন্থন কৰে আৰু কিছু সময় জমা কৰি ৰাখে।


5. তলত দিয়া স্তম্ভ ক-ৰ লগত স্তম্ভ খ মিলোৱা।

স্তম্ভ ক স্তম্ভ খ
(i) অক্সিজেন (a) শৰীৰে নিশাহত বাহিৰ কৰি দিয়া গেছ
(ii) কাৰ্বন ডাইঅক্সাইড (b) হাঁওফাঁওত গেছৰ বিনিময়ৰ স্থান
(iii) বায়ুমোনা (c) সংকোচন আৰু প্ৰসাৰণৰ দ্বাৰা শ্বাস-প্ৰশ্বাসত সহায় কৰে
(iv) মধ্যচ্ছদা (d) অক্সিজেন গ্ৰহণ আৰু কাৰ্বন ডাইঅক্সাইড বাহিৰ কৰা প্ৰক্ৰিয়া
(v) শ্বাস-প্ৰশ্বাস (e) শ্বসনৰ বাবে প্ৰয়োজনীয় গেছ

উত্তৰঃ

(i) — (e)
(ii) — (a)
(iii) — (b)
(iv) — (c)
(v) — (d)


6. অনন্যাই সহপাঠী মাধুৰ্যক ক’লে যে সকলো জীৱ-জন্তুৱে হাঁওফাঁওৰ জৰিয়তে উশাহ-নিশাহ লয়। কিছুমান প্ৰাণীয়ে যে উশাহ-নিশাহৰ বাবে ফুল বা ছাল ব্যৱহাৰ কৰে, সেই কথাটো বুজাবলৈ মাধুৰ্যই তাইক কি কি প্ৰশ্ন সুধিব পাৰে?

উত্তৰঃ মাধুৰ্যই অনন্যাক তলৰ প্ৰশ্নসমূহ সুধিব পাৰে—

(i) মাছ আৰু লালুকীবোৰে পানীৰ ভিতৰত কেনেকৈ উশাহ-নিশাহ লয়?

(ii) পূৰ্ণবয়স্ক ভেকুলীয়ে পানীত থাকোঁতে কেনেদৰে উশাহ-নিশাহ লয়?

(iii) কেঁচুৱে কোন অংগৰ সহায়ত উশাহ-নিশাহ লয়?


7. তলৰ উক্তিবোৰ পঢ়া আৰু সেইবোৰ শুদ্ধ হয় নে নহয় কোৱা। তোমাৰ উত্তৰৰ সমৰ্থনত কাৰণ দিয়া।


(a) সঠিক পাচনৰ বাবে খাদ্য চোবাই খোৱাৰ প্ৰয়োজন নাই।

উত্তৰঃ শুদ্ধ নহয়।

কাৰণঃ খাদ্য ভালদৰে চোবালে ই সৰু সৰু টুকুৰালৈ ভাঙি যায় আৰু লালটিৰ সৈতে ভালদৰে মিহলি হয়। ফলত খাদ্য পাচন কৰাটো সহজ হয়।


(b) ক্ষুদ্ৰান্ত্ৰই হৈছে পৰিপোষক শোষণৰ মূল স্থান।

উত্তৰঃ শুদ্ধ।

কাৰণঃ ক্ষুদ্ৰান্ত্ৰৰ ভিতৰৰ বেৰত বহুতো আঙুলি সদৃশ প্ৰৱৰ্ধ থাকে, যিবোৰক ভিলাই বোলা হয়। এইবোৰে শোষণৰ বাবে পৃষ্ঠকালি বৃদ্ধি কৰে আৰু পাচিত পৰিপোষক শোষণত সহায় কৰে।


8. জুইৰ ধোঁৱা উশাহত লওঁতে আমি প্ৰায়ে কাহ মাৰোঁ। ইয়াৰ সম্ভাৱ্য ব্যাখ্যা কি হ’ব পাৰে?

উত্তৰঃ জুইৰ ধোঁৱা উশাহত লওঁতে ধোঁৱাত থকা সৰু সৰু কণিকা আৰু ক্ষতিকাৰক গেছবোৰে আমাৰ শ্বাসনলীৰ ভিতৰৰ আৱৰণত জ্বলা-পোৰা বা অস্বস্তিৰ সৃষ্টি কৰে। ফলত শ্বাসপথৰ পৰা সেই বিৰক্তিকৰ পদাৰ্থবোৰ বাহিৰ কৰি দিবলৈ শৰীৰে কাহৰ মাধ্যমেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।


9. সীতাই কাৰ্ব’হাইড্ৰেটৰ ওপৰত লালটিৰ ক্ৰিয়া নিৰীক্ষণ কৰিবলৈ এটা পৰীক্ষা কৰিব বিচাৰিলে। M আৰু N নামৰ দুটা পৰীক্ষানলীত চাউলৰ গুড়ি আৰু পানী যোগ কৰিলে। পৰীক্ষানলী N-ত পুনৰ অলপ লালটি মিহলাই দি দুয়োটা পৰীক্ষানলী 35 মিনিট সময় ৰাখিলে। তাৰ পাছত দুয়োটা পৰীক্ষানলীত আয়’ডিনৰ দ্ৰৱ যোগ কৰি তাই ৰঙৰ পৰিৱৰ্তন পৰ্যৱেক্ষণ কৰিলে। সীতাই কি পৰীক্ষা কৰিব বিচাৰিছিল বুলি তুমি ভাবিছা?

উত্তৰঃ লালটিয়ে শ্বেতসাৰক ভাঙি সৰল শৰ্কৰালৈ পৰিৱৰ্তন কৰাত সহায় কৰে নে নকৰে, সেয়া সীতাই পৰীক্ষা কৰিব বিচাৰিছিল।


10. এজন ছাত্ৰই দুটা পৰীক্ষানলীত চূণপানী ল’লে। তেওঁ এটা নলীত হাঁওফাঁওৰ পৰা নিশাহত ওলাই অহা বায়ু পাৰ কৰিলে আৰু আনটো নলীত সাধাৰণ কোঠাৰ বায়ু পাৰ হ’বলৈ দিলে। কিছু সময়ৰ পাছত তেওঁ পাৰ্থক্য দেখা পালে। ইয়াত কি ধাৰণা পৰীক্ষা কৰা হৈছে আৰু তেওঁ নিজৰ সিদ্ধান্তৰ বিষয়ে কেনেকৈ নিশ্চিত হ’ব পাৰে?

উত্তৰঃ ইয়াত পৰীক্ষা কৰা ধাৰণাটো হ’ল— আমি নিশাহত এৰি দিয়া বায়ুত সাধাৰণ বায়ুতকৈ অধিক পৰিমাণে কাৰ্বন ডাইঅক্সাইড থাকে।

ছাত্ৰজনে লক্ষ্য কৰিব যে নিশাহত এৰি দিয়া বায়ু পাৰ কৰা চূণপানী তুলনামূলকভাৱে সোনকালে গাখীৰৰ দৰে বগা হৈ পৰে। আনহাতে, সাধাৰণ কোঠাৰ বায়ু পাৰ কৰা চূণপানীত পৰিৱৰ্তন অতি লাহে হয় বা সহজে দেখা নাযায়।

ইয়াৰ কাৰণ হ’ল কাৰ্বন ডাইঅক্সাইডে চূণপানীৰ সৈতে বিক্ৰিয়া কৰি কেলচিয়াম কাৰ্বনেট উৎপন্ন কৰে, যাৰ ফলত চূণপানী গাখীৰৰ দৰে বগা হৈ পৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects