পৃথিৱী, চন্দ্ৰ আৰু সূৰ্য
অনুশীলনী
1. খালী ঠাইবোৰ পূৰ কৰা।
(i) পৃথিৱীখন __________ দিশৰ পৰা __________ দিশলৈ ঘূৰি থাকে।
উত্তৰঃ পৃথিৱীখন পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰি থাকে।
(ii) এটা বস্তুৰ চাৰিওফালে আন এটা বস্তুৰ গতিক __________ বোলে।
উত্তৰঃ এটা বস্তুৰ চাৰিওফালে আন এটা বস্তুৰ গতিক পৰিভ্ৰমণ বোলে।
(iii) যি কাল্পনিক ৰেখাৰ চাৰিওফালে পৃথিৱীখন ঘূৰি থাকে, সেইডালক __________ বোলে।
উত্তৰঃ যি কাল্পনিক ৰেখাৰ চাৰিওফালে পৃথিৱীখন ঘূৰি থাকে, সেইডালক ঘূৰ্ণন অক্ষ বোলে।
2. সঁচা নে মিছা কোৱা।
(i) ঘূৰ্ণন বুলিলে কোনো এটা বস্তুৱে নিজৰ অক্ষৰ চাৰিওফালে ঘূৰি থকাটো বুজায়।
উত্তৰঃ সঁচা।
(ii) পৃথিৱীৰ ঘূৰ্ণন অক্ষ ইয়াৰ কক্ষপথৰ সমতলৰ সাপেক্ষে সম্পূৰ্ণ উলম্ব।
উত্তৰঃ মিছা।
(iii) প্ৰতি বছৰে পৃথিৱীৰ কোনোবা নহয় কোনোবা ঠাইত সূৰ্যগ্ৰহণ হয়।
উত্তৰঃ সঁচা।
(iv) চন্দ্ৰগ্ৰহণৰ ঠিক পাছতেই “হীৰা আঙঠি” দেখা যায়।
উত্তৰঃ মিছা।
কাৰণঃ “হীৰা আঙঠি” প্ৰভাৱ পূৰ্ণ সূৰ্যগ্ৰহণৰ আৰম্ভণি বা শেষৰ ফালে দেখা যায়, চন্দ্ৰগ্ৰহণৰ সময়ত নহয়।
3. জানকীয়ে শীত সংক্ৰান্তিৰ মাজনিশা কোনো এটা তৰাৰ গোট লক্ষ্য কৰিলে। পাছৰ বছৰত তাই সেই দিনটোতে মাজনিশা একেটা তৰাৰ গোট দেখিবনে?
উত্তৰঃ হয়, সাধাৰণতে তাই একেটা তৰাৰ গোট পুনৰ দেখিব পাৰিব। কাৰণ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এবাৰ পৰিভ্ৰমণ সম্পূৰ্ণ কৰিবলৈ প্ৰায় এবছৰ সময় লয়। এবছৰৰ পাছত পৃথিৱী কক্ষপথৰ প্ৰায় একেটা স্থানলৈ আহে। ফলত একে ঋতু আৰু একে সময়ত আকাশৰ প্ৰায় একেবোৰ তৰাৰ গোট দেখা যায়।
4. পৃথিৱীখন পশ্চিমৰ পৰা পূবলৈ ঘূৰে। গ্ৰহবোৰেও সাধাৰণতে একে দিশত সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে বুলি তুমি ভাবানে? যুক্তি দিয়া।
উত্তৰঃ হয়। সৌৰজগতৰ অধিকাংশ গ্ৰহে সূৰ্যৰ চাৰিওফালে একে সাধাৰণ দিশত পৰিভ্ৰমণ কৰে।
যুক্তিঃ সৌৰজগত এখন ঘূৰ্ণায়মান গেছ আৰু ধূলিৰ বৃহৎ চাকতিৰ পৰা সৃষ্টি হোৱা বুলি ধৰা হয়। সেই চাকতিৰ ঘূৰ্ণনৰ দিশৰ সৈতে মিল ৰাখি অধিকাংশ গ্ৰহে সূৰ্যৰ চাৰিওফালে একে দিশত পৰিভ্ৰমণ কৰে।
5. পৃথিৱীখন যদি নিজৰ অক্ষত হেলনীয়া নহ’লহেঁতেন, তেন্তে কি পাৰ্থক্য ঘটিলহেঁতেন?
উত্তৰঃ পৃথিৱীৰ অক্ষ হেলনীয়া নহ’লহেঁতেন, তেন্তে বৰ্তমানৰ দৰে গ্ৰীষ্ম, শীত আদি ঋতুৰ স্পষ্ট পৰিৱৰ্তন নঘটিলহেঁতেন। বছৰৰ বিভিন্ন সময়ত কোনো এটা গোলাৰ্ধ সূৰ্যৰ ফালে অধিক বা কম হেলনীয়া নহ’লহেঁতেন। ফলত বছৰৰ সকলো সময়তে দিন আৰু ৰাতিৰ দৈৰ্ঘ্য প্ৰায় সমান থাকিলহেঁতেন আৰু ঋতুভেদে সূৰ্যৰ পোহৰ পোৱাৰ পৰিমাণত ডাঙৰ পৰিৱৰ্তন নহ’লহেঁতেন।
6. তোমাক বন্ধু এজনে ক’লে, “কেৱল অমাৱস্যাৰ সময়তহে সূৰ্যগ্ৰহণ হয়। তেতিয়াহ’লে প্ৰতিটো অমাৱস্যাত সূৰ্যগ্ৰহণ নহয় কিয়?” অধ্যায়টোৰ পৰা আহৰণ কৰা জ্ঞানৰ আধাৰত তেওঁক উত্তৰ দিয়া।
উত্তৰঃ সূৰ্যগ্ৰহণ কেৱল অমাৱস্যাৰ সময়তহে হ’ব পাৰে, কিন্তু প্ৰতিটো অমাৱস্যাত সূৰ্যগ্ৰহণ নহয়। কাৰণ চন্দ্ৰৰ কক্ষপথ পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে থকা কক্ষপথৰ সমতলৰ তুলনাত প্ৰায় 5° হেলনীয়া।
সেয়ে অধিকাংশ অমাৱস্যাত সূৰ্য, চন্দ্ৰ আৰু পৃথিৱী একেডাল সৰলৰেখাত নাহে। কেৱল যেতিয়া অমাৱস্যাৰ সময়ত চন্দ্ৰ কক্ষপথৰ উপযুক্ত স্থানত থাকে আৰু সূৰ্য, চন্দ্ৰ আৰু পৃথিৱী প্ৰায় একে ৰেখাত আহে, তেতিয়াহে সূৰ্যগ্ৰহণ হয়।
7. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
(i) চন্দ্ৰৰ কোনটো অৱস্থাত সূৰ্যগ্ৰহণ হয়?
(a) অমাৱস্যা।
(b) পূৰ্ণিমা।
(c) প্ৰথম চতুৰ্থাংশ অৱস্থা।
(d) অন্তিম চতুৰ্থাংশ অৱস্থা।
উত্তৰঃ (a) অমাৱস্যা।
(ii) সূৰ্যগ্ৰহণৰ সময়ত সূৰ্য, চন্দ্ৰ আৰু পৃথিৱীৰ শুদ্ধ ক্ৰমটো কি?
(a) পৃথিৱী → সূৰ্য → চন্দ্ৰ।
(b) সূৰ্য → চন্দ্ৰ → পৃথিৱী।
(c) পৃথিৱী → চন্দ্ৰ → সূৰ্য।
(d) চন্দ্ৰ → সূৰ্য → পৃথিৱী।
উত্তৰঃ (b) সূৰ্য → চন্দ্ৰ → পৃথিৱী।
(iii) এদিন ৰাতিপুৱা মাধুৰ্যই আমেৰিকাত থকা সম্পৰ্কীয় ভায়েকৰ লগত কথা পাতি আছিল। তাত ৰাতি হোৱাৰ বাবে তেওঁৰ ভায়েক শুবলৈ ওলাইছিল। সময়ৰ এনে পাৰ্থক্যৰ আঁৰৰ মূল কাৰণটো হ’ল—
(a) আমেৰিকা সূৰ্যৰ পৰা বহু দূৰত।
(b) চন্দ্ৰই সূৰ্যৰ পোহৰ আমেৰিকালৈ ঢুকি পোৱাত বাধা দিয়ে।
(c) পৃথিৱীৰ পৰিভ্ৰমণৰ কাৰণে দিন আৰু ৰাতি হয়।
(d) পৃথিৱীৰ ঘূৰ্ণনৰ কাৰণে বিভিন্ন অঞ্চল বিভিন্ন সময়ত সূৰ্যৰ ফালে মুখ কৰি থাকে।
উত্তৰঃ (d) পৃথিৱীৰ ঘূৰ্ণনৰ কাৰণে বিভিন্ন অঞ্চল বিভিন্ন সময়ত সূৰ্যৰ ফালে মুখ কৰি থাকে।
(iv) শিক্ষকে প্ৰশ্ন কৰিলে, “মেৰু অঞ্চলত গ্ৰীষ্মকালত দীঘল দিন আৰু শীতকালত দীঘল ৰাতি হয় কিয়?” চাৰিজন ছাত্ৰই উত্তৰ দিলে। তোমাৰ মতে তলৰ কোনজন ছাত্ৰই শুদ্ধ উত্তৰ দিছে?
(a) গ্ৰীষ্মকালত সূৰ্য মেৰুৰ ওচৰলৈ গতি কৰে।
(b) শীতকালত সূৰ্য মেৰুৰ পৰা বহু দূৰলৈ যায়।
(c) মেৰুৰ ওচৰত পৃথিৱী নিজৰ অক্ষত ঘূৰে।
(d) পৰিভ্ৰমণৰ সময়ত পৃথিৱীৰ অক্ষৰ হেলনীয়াই সূৰ্যৰ পোহৰ পোৱাৰ সময় আৰু পৰিমাণত প্ৰভাৱ পেলায়।
উত্তৰঃ (d) পৰিভ্ৰমণৰ সময়ত পৃথিৱীৰ অক্ষৰ হেলনীয়াই সূৰ্যৰ পোহৰ পোৱাৰ সময় আৰু পৰিমাণত প্ৰভাৱ পেলায়।
8. পৃথিৱীৰ চিত্ৰটোত তলত দিয়াবোৰ চিহ্নিত কৰা।
- উত্তৰ মেৰু
- দক্ষিণ মেৰু
- পৃথিৱীৰ ঘূৰ্ণন অক্ষ
- উত্তৰ গোলাৰ্ধ
- দক্ষিণ গোলাৰ্ধ
- পৃথিৱী
- বিষুৱৰেখা
উত্তৰঃ দিয়া চিত্ৰত ওপৰৰ অংশত উত্তৰ মেৰু, তলৰ অংশত দক্ষিণ মেৰু, দুয়ো মেৰুক সংযোগ কৰা হেলনীয়া কাল্পনিক ৰেখাডালত ঘূৰ্ণন অক্ষ, বিষুৱৰেখাৰ ওপৰৰ অংশত উত্তৰ গোলাৰ্ধ, তলৰ অংশত দক্ষিণ গোলাৰ্ধ আৰু পৃথিৱীৰ মাজভাগেৰে পূব-পশ্চিম দিশত থকা কাল্পনিক বৃত্তডালত বিষুৱৰেখা চিহ্নিত কৰিব লাগে।
9. চিত্ৰ অংকন কৰি চিহ্নিত কৰা।
(a) চন্দ্ৰগ্ৰহণ
উত্তৰঃ চন্দ্ৰগ্ৰহণৰ সময়ত ক্ৰমটো হ’ব—
সূৰ্য → পৃথিৱী → চন্দ্ৰ
এই সময়ত পৃথিৱী সূৰ্য আৰু চন্দ্ৰৰ মাজত থাকে আৰু পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰে।
(b) সূৰ্যগ্ৰহণ
উত্তৰঃ সূৰ্যগ্ৰহণৰ সময়ত ক্ৰমটো হ’ব—
সূৰ্য → চন্দ্ৰ → পৃথিৱী
এই সময়ত চন্দ্ৰ সূৰ্য আৰু পৃথিৱীৰ মাজত থাকে আৰু চন্দ্ৰৰ ছাঁ পৃথিৱীৰ ওপৰত পৰে।
10. সূৰ্যগ্ৰহণ চাব বিচাৰিলে নিজকে কেনেকৈ সুৰক্ষিত কৰি ৰাখিবা?
উত্তৰঃ সূৰ্যগ্ৰহণ নিৰাপদে চাবলৈ অনুমোদিত eclipse glasses বা উপযুক্ত সৌৰ ফিল্টাৰ ব্যৱহাৰ কৰিব লাগে। খালী চকুৰে, সাধাৰণ ছানগ্লাছ, ক’লা কাঁচ আদিৰে সূৰ্যৰ ফালে চাব নালাগে। বাইন’কুলাৰ বা টেলিস্কোপ ব্যৱহাৰ কৰিলে সেই সঁজুলিৰ সন্মুখত উপযুক্ত সৌৰ ফিল্টাৰ লগোৱা অত্যন্ত প্ৰয়োজন।
11. যদি তোমাৰ বয়স এতিয়া 11 বছৰ, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এবাৰ পৰিভ্ৰমণ সম্পূৰ্ণ কৰাৰ পাছত তোমাৰ বয়স কিমান হ’ব? ব্যাখ্যা কৰা।
উত্তৰঃ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এবাৰ পৰিভ্ৰমণ সম্পূৰ্ণ কৰাৰ পাছত মোৰ বয়স 12 বছৰ হ’ব। কাৰণ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এবাৰ পৰিভ্ৰমণ কৰিবলৈ প্ৰায় 365¼ দিন বা এবছৰ সময় লয়।
12. অমিলটো বিচাৰি উলিওৱা আৰু তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া।
(a) চন্দ্ৰ, বুধ, শুক্ৰ
উত্তৰঃ চন্দ্ৰ।
কাৰণঃ চন্দ্ৰ পৃথিৱীৰ এটা প্ৰাকৃতিক উপগ্ৰহ, আনহাতে বুধ আৰু শুক্ৰ সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰা গ্ৰহ।
(b) দিন, বছৰ, মাহ, গ্ৰহণ
উত্তৰঃ গ্ৰহণ।
কাৰণঃ গ্ৰহণ এটা জ্যোতিৰ্বৈজ্ঞানিক পৰিঘটনা, আনহাতে দিন, মাহ আৰু বছৰ সময়ৰ একক।
13. ক-স্তম্ভৰ লগত খ-স্তম্ভ মিলোৱা।
| ক-স্তম্ভ | খ-স্তম্ভ |
|---|---|
| (i) ঋতু | (a) চন্দ্ৰই সূৰ্যৰ পোহৰ বাধা দিয়ে |
| (ii) সূৰ্যগ্ৰহণ | (b) পৃথিৱীৰ অক্ষৰ হেলনীয়া অৱস্থা আৰু পৰিভ্ৰমণৰ ফল |
| (iii) দিন আৰু ৰাতি | (c) পৃথিৱীয়ে সূৰ্যৰ পোহৰ চন্দ্ৰলৈ যোৱাত বাধা দিয়ে |
| (iv) চন্দ্ৰগ্ৰহণ | (d) পৃথিৱীৰ ঘূৰ্ণনৰ ফল |
উত্তৰঃ
(i) — (b)
(ii) — (a)
(iii) — (d)
(iv) — (c)
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post