কিনা-বেচাৰ মাধ্য়মৰূপে বজাৰ
অনুশীলনী – ১
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া—
(ক) চিকিৎসকক কিয় আমি মাননী বা ফিজ দিওঁ?
উত্তৰঃ অসুখ-বিসুখ হ’লে চিকিৎসকে আগবঢ়োৱা চিকিৎসা-সেৱাৰ বিনিময়ত আমি তেওঁক মাননী বা ফিজ দিওঁ।
(খ) বজাৰ মানে কি?
উত্তৰঃ বজাৰ হ’ল এনে এক ব্যৱস্থা য’ত টকা-পইচা বা মুদ্ৰাৰ মাধ্যমত দ্ৰব্য-সামগ্ৰী আৰু সেৱাৰ ক্ৰয়-বিক্ৰয় কৰা হয়।
(গ) বজাৰ ব্যৱস্থাৰ অপৰিহাৰ্য অংগবোৰ কি কি?
উত্তৰঃ বজাৰ ব্যৱস্থাৰ অপৰিহাৰ্য অংগবোৰ হ’ল—
১। পণ্য বা দ্ৰব্য-সামগ্ৰী
২। ক্ৰেতা
৩। বিক্ৰেতা
৪। বস্তুৰ দৰ বা মূল্য
(ঘ) অৰ্ধ-সাপ্তাহিক বজাৰ বুলিলে কি বুজা?
উত্তৰঃ সপ্তাহৰ দুটা নিৰ্দিষ্ট দিনত কোনো নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহা বজাৰক অৰ্ধ-সাপ্তাহিক বজাৰ বোলা হয়।
২। দৈনিক বজাৰ আৰু স্থায়ী বজাৰৰ সুবিধাবোৰ কি কি?
উত্তৰঃ
দৈনিক বজাৰৰ সুবিধা
দৈনিক বজাৰত শাক-পাচলি, মাছ-মাংস, খাদ্য-সামগ্ৰী আদি নিত্য ব্যৱহাৰ্য বস্তু সহজে পোৱা যায়। অঞ্চলটোৰ মানুহে প্ৰতিদিনে প্ৰয়োজনীয় সামগ্ৰী কম দূৰত্বতে ক্ৰয় কৰিব পাৰে।
স্থায়ী বজাৰৰ সুবিধা
স্থায়ী বজাৰৰ দোকানসমূহ একে ঠাইতে স্থায়ীভাৱে থাকে আৰু সাধাৰণতে প্ৰতিদিনে খোলা থাকে। চাউল, দাইল, তেল, ঔষধ, চাবোন, কাপোৰ আদি নিত্য প্ৰয়োজনীয় বস্তু সহজেই এই বজাৰৰপৰা সংগ্ৰহ কৰিব পাৰি।
৩। সাপ্তাহিক বজাৰত কি কি ধৰণৰ দ্ৰব্য-সামগ্ৰী বেচা-কিনা কৰা হয়?
উত্তৰঃ সাপ্তাহিক বজাৰত ধান, মাহ, তামোল-পাণ, শাক-পাচলি, ফল-মূল, মাছ, হাঁহ-কুকুৰা, ছাগলী, কাপোৰ, বাচন-বৰ্তন, বাঁহ-বেত আৰু কাঠৰ সামগ্ৰী আদি বিভিন্ন বস্তু বেচা-কিনা কৰা হয়।
অনুশীলনী – ২
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া—
(ক) খুচুৰা বজাৰ মানে কি?
উত্তৰঃ যি বজাৰত খুচুৰা ব্যৱসায়ীয়ে পাইকাৰী বজাৰৰপৰা দ্ৰব্য ক্ৰয় কৰি কম পৰিমাণে গ্ৰাহকক বিক্ৰী কৰে, সেই বজাৰক খুচুৰা বজাৰ বোলা হয়।
(খ) বাস্তৱিক বজাৰৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ বাস্তৱিক বজাৰৰ এটা উদাহৰণ হ’ল দৈনিক বজাৰ।
(গ) স্থানীয় বজাৰৰ সুবিধাবোৰ কি কি?
উত্তৰঃ স্থানীয় বজাৰৰ প্ৰধান সুবিধাসমূহ হ’ল—
১। ঘৰৰ ওচৰতে বজাৰৰ সুবিধা পোৱা যায়।
২। কম সময় আৰু কম খৰচতে নিত্য প্ৰয়োজনীয় বস্তু ক্ৰয় কৰিব পাৰি।
৩। স্থানীয় উৎপাদক আৰু গ্ৰাহকৰ মাজত সহজে লেনদেন হয়।
(ঘ) ৰাষ্ট্ৰীয় বজাৰ বুলিলে কি বুজা?
উত্তৰঃ এখন দেশৰ ভৌগোলিক সীমাৰ ভিতৰত বিভিন্ন অঞ্চলৰ ক্ৰেতা-বিক্ৰেতাৰ মাজত দ্ৰব্য-সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় হোৱা বজাৰ ব্যৱস্থাক ৰাষ্ট্ৰীয় বজাৰ বোলা হয়।
২। পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ মাজৰ পাৰ্থক্যবোৰ কি কি?
উত্তৰঃ
| পাইকাৰী বজাৰ | খুচুৰা বজাৰ |
|---|---|
| ১। উৎপাদনকাৰী বা ডাঙৰ যোগানকাৰীৰপৰা বৃহৎ পৰিমাণে সামগ্ৰী ক্ৰয় কৰা হয়। | পাইকাৰী বজাৰৰপৰা সামগ্ৰী ক্ৰয় কৰি গ্ৰাহকক কম পৰিমাণে বিক্ৰী কৰা হয়। |
| ২। পাইকাৰী বিক্ৰেতাই সাধাৰণতে খুচুৰা বিক্ৰেতাক সামগ্ৰী বিক্ৰী কৰে। | খুচুৰা বিক্ৰেতাই সাধাৰণ গ্ৰাহকক সামগ্ৰী বিক্ৰী কৰে। |
| ৩। একেলগে অধিক পৰিমাণৰ সামগ্ৰী ক্ৰয়-বিক্ৰয় হয়। | তুলনামূলকভাৱে কম পৰিমাণৰ সামগ্ৰী ক্ৰয়-বিক্ৰয় হয়। |
৩। কোনখন বজাৰৰ সুবিধা লাভ কৰিবলৈ ইণ্টাৰনেট সেৱাৰ প্ৰয়োজন হয়? এনে বজাৰৰপৰা কি কি সামগ্ৰী ক্ৰয় কৰিব পাৰি?
উত্তৰঃ অনলাইন বজাৰৰ সুবিধা লাভ কৰিবলৈ ইণ্টাৰনেট সেৱাৰ প্ৰয়োজন হয়।
অনলাইন বজাৰৰপৰা খাদ্য-সামগ্ৰী, কাপোৰ-কানি, কিতাপ-পত্ৰ, ইলেক্ট্ৰনিক সামগ্ৰী, গৃহস্থালীৰ বস্তু আদি ক্ৰয় কৰিব পাৰি।
Part – 2
তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা—
১। স্থায়ী বজাৰৰ দোকানবোৰ কেতিয়া খোলা থাকে?
(ক) এটা নিৰ্দিষ্ট দিনত
(খ) দুটা নিৰ্দিষ্ট দিনত
(গ) প্ৰতিদিনে
(ঘ) প্ৰতি পষেকত
উত্তৰঃ (গ) প্ৰতিদিনে।
২। ক্ৰেতা আৰু বিক্ৰেতাৰ উপস্থিতিৰ ভিত্তিত বজাৰক কেইটা ভাগত ভগাব পাৰি?
(ক) ২
(খ) ৩
(গ) ৪
(ঘ) ৫
উত্তৰঃ (ক) ২।
৩। কোনখন বজাৰত ৱেবছাইট বা এপ্ ব্যৱহাৰ কৰি দ্ৰব্য ক্ৰয় কৰিব পাৰি?
(ক) দৈনিক
(খ) সাপ্তাহিক
(গ) পষেকীয়া
(ঘ) অনলাইন
উত্তৰঃ (ঘ) অনলাইন।
৪। ভাৰতৰ সৰ্ববৃহৎ কলৰ বজাৰখন ক’ত অৱস্থিত?
(ক) গোৱালপাৰাত
(খ) কামৰূপত
(গ) ধুবুৰীত
(ঘ) যোৰহাটত
উত্তৰঃ (ক) গোৱালপাৰাত।
৫। কোনখন বজাৰত বিশ্বৰ দেশবোৰৰ মাজত দ্ৰব্য-সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় হয়?
(ক) স্থানীয় বজাৰ
(খ) আঞ্চলিক বজাৰ
(গ) ৰাষ্ট্ৰীয় বজাৰ
(ঘ) আন্তঃৰাষ্ট্ৰীয় বজাৰ
উত্তৰঃ (ঘ) আন্তঃৰাষ্ট্ৰীয় বজাৰ।
৬। খেলিমেলিকৈ থকা আখৰ/যুক্তাক্ষৰবোৰ সজাই শব্দ গঠন কৰি লিখা—
(ক) ৰী উৎ ন দ পা কা
উত্তৰঃ উৎপাদনকাৰী
(খ) ন অ লা ই ন
উত্তৰঃ অনলাইন
(গ) ক ন্ত ৰ্জা আ তি
উত্তৰঃ আন্তৰ্জাতিক
(ঘ) ট নে ই ৰ ন্টা
উত্তৰঃ ইণ্টাৰনেট
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post