SCERT Class 7 Social Science Chapter 8 Solution Assamese Medium | Assam Borad Class VII Social Science Lesson 8 “মধ্য়যুগৰ অসম” Answer | New Update 2026 | |

মধ্য়যুগৰ অসম

Lesson 8অনুশীলনী – ১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) শদিয়া কোন ৰাজবংশৰ শাসনকেন্দ্ৰ আছিল?
উঃ শদিয়া চুতীয়া ৰাজবংশৰ শাসনকেন্দ্ৰ আছিল।(খ) ভূঞাসকল কোন আছিল?
উঃ ভূঞাসকল কমতা বা কামৰূপৰ ৰজাসকলৰ ভ-সামন্ত আছিল।(গ) ভূঞাসকলে কেতিয়াৰপৰা মধ্য অসমৰ এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাপে মূৰ ডাঙি উঠিছিল?
উঃ কমতা ৰাজ্য়ৰ ৰজা সন্ধ্য়াৰ শাসনকালত ৰাজ্য়খন দুৰ্বল হৈ পৰিছিল। সেই সুযোগতে নিজৰ কৰ্তৃত্ব অসমৰ পশ্চিমফাললৈও বিস্তাৰিত কৰি ভূঞাসকল এক উল্লেখযোগ্য় শক্তিলৈ পৰিণত হৈছিল।(ঘ) ডিমাপুৰ আৰু মাইবঙত কোন ৰাজবংশই শাসন কৰিছিল?
উঃ ডিমাপুৰ আৰু মাইবঙত কছাৰী ৰাজবংশই শাসন কৰিছিল।(ঙ) কোন ৰাজবংশৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে অসমীয়া ভাষাত পদ্মপুৰাণ ৰচনা কৰিছিল?
উঃ কোচ ৰাজবংশৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে অসমীয়া ভাষাত ‘পদ্মপুৰাণ’ ৰচনা কৰিছিল।২. কেঁচাইখাইতী গোঁসানীক কিয় তাম্ৰেশ্বৰী বুলিও জনা যায়?
উঃ চুতীয়াসকল শক্তি উপাসক আছিল। কেঁচাইখাইতী গোঁসানী আছিল তেওঁলোকৰ উপাস্য দেবী। কেঁচাইখাইতী গোঁসানীক দিক্কৰবাসিনী বুলিও জনা যায়। গোঁসানীৰ বিগ্রহ থ’বলৈ যিটো মন্দিৰ সজোৱা হৈছিল তাৰ মুধচ তামেৰে আবৃত আছিল। সেইবাবে কেঁচাইখাইতী গোঁসানীক তাম্ৰেশ্বৰী মাই আৰু মন্দিৰটোক তাম্ৰেশ্বৰী মন্দিৰ বুলি কোৱা হয়।

অনুশীলনী – ২
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) আহোমসকলে অসমত কোন দিশেৰে প্ৰৱেশ কৰিছিল আৰু ক’ত প্ৰথম ৰাজধানী স্থাপন কৰিছিল?
উঃ ১২২৮ খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত আহোমসকল অসমলৈ আহিছিল। তেওঁলোকে বৰ্তমান ব্ৰহ্মদেশৰ মাওলুং ৰাজ্য়ৰপৰা পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল। তেওঁলোকে চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল।(খ) মীৰজুমলাৰ লগত অহা লেখকজনৰ নাম কি?
উঃ মীৰজুমলাৰ লগত অহা লেখকজনৰ নাম হ’ল চিহাবুদ্দিন তালিচ।(গ) আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিবোৰৰ লগত কৰা বন্দোবস্তটোক কি বুলি কোৱা হৈছিল?
উঃ আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিবোৰৰ লগত কৰা বন্দবস্তটোক পচা বুলি কোৱা হয়। (ঘ) আহোমসকলে বুৰঞ্জী প্ৰথমতে কোনটো ভাষাত লিখিছিল?উঃ আহোমসকলে বুৰঞ্জী প্ৰথমতে টাই-আহোম ভাষাত লিখিছিল।
২. ১৬০৩ খ্ৰীষ্টাব্দৰপৰা ১৬৭০ খ্ৰীষ্টাব্দৰ সময়ছোৱাক কিয় আহোম শাসনৰ সংকটকাল বুলি কোৱা হয়?
উঃ ১৬০৩ খ্ৰীষ্টাব্দৰ পৰা ১৬৭০ খ্ৰীষ্টাব্দৰ সময়ছোৱাক আহোম শাসনৰ সংকটকাল বুলি কোৱা হয়, কিয়নো এই সময়খিনি আছিল আহোম-মোগল সংঘাতৰ সময়। ৩. আহোম ৰাজ্য কিয় ক্রমান্বয়ে দুৰ্বল হৈ পৰিছিল?
উঃ 

আহোম ৰাজ্য ক্রমান্বয়ে দুৰ্বল হৈ পৰাৰ কাৰণসমূহ তলত আলোচনা কৰা হ’ল-

১) অভ্যন্তৰীণ কলহ (Internal Conflicts):
আহোম ৰজাসকল আৰু আমোলাসকলৰ মাজত ঝগৰা-বিবাদ বৃদ্ধি পাইছিল। ইয়াৰ ফলত ৰাজ্যৰ একতা নষ্ট হৈছিল।

২) মইমৰীয়া বিদ্ৰোহ (Moamoria Rebellion):
এইটো আছিল এক ডাঙৰ বিদ্ৰোহ, যাৰ ফলত ৰাজ্য বহুত দুৰ্বল হৈ পৰিছিল আৰু জনজীৱনত অশান্তি বৃদ্ধি পাইছিল।

৩) দুৰ্বল শাসক (Weak Rulers):
পিছৰ দিশত কিছুমান ৰজা শক্তিশালী নাছিল, সেয়ে সিহঁতে ৰাজ্য ভালদৰে চলাব নোৱাৰিলে।

৪) বাহ্যিক আক্ৰমণ (External Attacks):
বাৰ্মাৰ (মান) আক্ৰমণ বহু সময়ত হৈছিল, যাৰ ফলত ৰাজ্যৰ শক্তি কমি গৈছিল।

৫) অৰ্থনৈতিক সমস্যা (Economic Problems):
যুদ্ধ আৰু বিদ্ৰোহৰ বাবে অৰ্থনীতি দুৰ্বল হৈছিল, মানুহৰ জীৱনো কষ্টকৰ হৈ পৰিছিল।৪. প্ৰতিজন পাইকে কিহৰ বাবে দুপুৰাকৈ খাজনাবিহীন মাটি খেতি কৰিবলৈ পাইছিল?উঃ আহোমৰ ৰাজত্বকালত ৰজা আছিল মাটি গৰাকী। প্ৰতিজন পাইকে ৰাজ্য়ৰ হৈ কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাবিহীন মাটি খেতি কৰিবলৈ পাইছিল। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top