বিষাদ যোগ
১। চমু উত্তৰ দিয়া
(ক) মহাৰথী কাক বোলে?
উত্তৰঃ যিজন বীৰ যোদ্ধাই অকলে প্ৰায় দহ হাজাৰ ধনুৰ্ধৰ যোদ্ধাৰ সৈতে যুদ্ধ কৰিব পাৰে, তেওঁক মহাৰথী বোলে।
(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।
উত্তৰঃ কৌৰৱ পক্ষৰ উল্লেখযোগ্য বীৰসকল আছিল— ভীষ্ম পিতামহ, দ্ৰোণাচাৰ্য, কৰ্ণ, কৃপাচাৰ্য, অশ্বত্থামা, বিকৰ্ণ আৰু সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰবা।
(গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?
উত্তৰঃ ভীষ্মৰ যুদ্ধোৎসৱৰ পাছত শঙ্খ, ভেৰী, আনক আৰু গোমুখ আদি ৰণবাদ্য একেলগে বাজি ৰণক্ষেত্ৰ মুখৰিত কৰি তুলিছিল।
(ঘ) আততায়ী কাক বোলে?
উত্তৰঃ যি ব্যক্তিয়ে বিষ দিয়ে, ঘৰ জ্বলাই দিয়ে, অস্ত্ৰ লৈ প্ৰাণনাশ কৰিবলৈ আহে, ধন-সম্পত্তি বা ভূমি কাঢ়ি লয় অথবা স্ত্ৰীৰ অপকাৰ কৰে— তেনে গুৰুতৰ অপৰাধী লোকক আততায়ী বোলে।
(ঙ) কুলক্ষয় দোষ কি?
উত্তৰঃ কুল ধ্বংস হোৱাৰ ফলত বংশৰ পৰম্পৰাগত ধৰ্ম, আচাৰ আৰু সামাজিক শৃংখলা নষ্ট হৈ অধৰ্ম বাঢ়ি যোৱা অৱস্থাক কুলক্ষয় দোষ বোলে। ইয়াৰ ফলত বৰ্ণসংকৰ, পিতৃপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণৰ অভাৱ আৰু কুলধৰ্মৰ অৱক্ষয় ঘটে।
২। পাঠত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা।
উত্তৰঃ কৌৰৱৰ ৰণবাদ্যৰ উত্তৰত পাণ্ডৱসকলেও নিজ নিজ শঙ্খ বজাই যুদ্ধৰ বাবে প্ৰস্তুত হোৱাৰ সংকেত দিলে।
শুকুলা ঘোঁৰাৰে টনা ৰথত থকা শ্ৰীকৃষ্ণই ‘পাঞ্চজন্য’ আৰু অৰ্জুনে ‘দেৱদত্ত’ নামৰ শঙ্খ বজালে। ভীমে ‘পৌণ্ড্ৰক’, যুধিষ্ঠিৰে ‘অনন্তবিজয়’, নকুলে ‘সুঘোষ’ আৰু সহদেৱে ‘মণিপুষ্পক’ নামৰ শঙ্খ বজালে।
ইয়াৰ উপৰি কাশীৰাজ, সাত্যকি, ধৃষ্টদ্যুম্ন, বিৰাট, দ্ৰুপদ, দ্ৰৌপদীৰ পুত্ৰসকল আৰু অভিমন্যুৱেও নিজ নিজ শঙ্খধ্বনিৰে যুদ্ধোৎসৱ ঘোষণা কৰিলে। সেই প্ৰচণ্ড ধ্বনিয়ে আকাশ আৰু পৃথিৱী কঁপাই তুলি কৌৰৱসকলৰ হৃদয়ত ভয়ৰ সঞ্চাৰ কৰিছিল।
৩। অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?
উত্তৰঃ যুদ্ধ আৰম্ভ হোৱাৰ আগতে অৰ্জুনে বিপক্ষত কোন কোন বীৰ উপস্থিত আছে সেয়া ভালদৰে চাব বিচাৰিছিল। বিশেষকৈ দুৰ্যোধনৰ পক্ষ লৈ যুদ্ধ কৰিবলৈ অহা যোদ্ধাসকলৰ ভিতৰত কাৰ কাৰ সৈতে তেওঁ যুদ্ধ কৰিব লাগিব, সেই কথা নিৰীক্ষণ কৰাৰ ইচ্ছা হৈছিল।
সেইবাবেই তেওঁ সাৰথি শ্ৰীকৃষ্ণক দুই সেনাদলৰ মাজত ৰথখন স্থাপন কৰিবলৈ অনুৰোধ কৰিছিল।
৪। অৰ্জুনে যুদ্ধক্ষেত্ৰত কাক কাক দেখা পালে আৰু তেওঁলোকক দেখি শ্ৰীকৃষ্ণক কি ক’লে?
উত্তৰঃ শ্ৰীকৃষ্ণই ৰথখন দুই সেনাৰ মাজত স্থাপন কৰাৰ পাছত অৰ্জুনে যুদ্ধক্ষেত্ৰত নিজৰ অতি আপোন লোকসকলক দেখা পালে। তাত আছিল পিতৃস্থানীয় জ্যেষ্ঠজন, পিতামহ, গুৰু, মাতুল, ভাই-বন্ধু, পুত্ৰ, পৌত্ৰ, সখা, শহুৰ আৰু বিভিন্ন আত্মীয়-সম্বন্ধীয় লোক।
নিজৰ স্বজনসকলক শত্ৰুপক্ষত যুদ্ধৰ বাবে সাজু হৈ থকা দেখি অৰ্জুন গভীৰভাবে বিচলিত হয়। তেওঁ শ্ৰীকৃষ্ণক কয় যে তেওঁৰ হাত-ভৰি কঁপিছে, মুখ শুকাই গৈছে, শৰীৰ শিয়ৰি উঠিছে আৰু গাণ্ডীৱ ধনুও হাতৰ পৰা সৰি পৰিবলৈ ধৰিছে।
অৰ্জুনে বুজায় যে যিসকল আত্মীয়ৰ সৈতে ৰাজ্য আৰু সুখ ভাগ কৰি ভোগ কৰিব লাগে, তেওঁলোককেই হত্যা কৰি লাভ কৰা বিজয়ৰ কোনো মূল্য নাই। সেয়েহে তেওঁ ৰাজ্য, জয় বা ভোগৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলায় আৰু স্বজনবধৰ পাপৰ ভয়ত যুদ্ধৰ পৰা আঁতৰি থাকিব বিচাৰে।
৫। কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে?
উত্তৰঃ কুলক্ষয় দোষে কেৱল এটা পৰিয়াল বা বংশক ক্ষতিগ্ৰস্ত নকৰে; ই সমাজৰ ধৰ্মীয় আৰু নৈতিক ভেটিকো দুৰ্বল কৰি তোলে। কুল ধ্বংস হ’লে সেই বংশৰ পৰম্পৰাগত ধৰ্ম, আচাৰ আৰু শৃংখলা লোপ পায়।
কুলধৰ্ম নষ্ট হোৱাৰ ফলত অধৰ্ম বিস্তাৰ লাভ কৰে। তাৰ ফলত সমাজত অনিয়ম, নৈতিক অৱক্ষয় আৰু বৰ্ণসংকৰৰ সৃষ্টি হয়। পৰৱৰ্তী প্ৰজন্মে পিতৃপুৰুষৰ শ্ৰাদ্ধ, পিণ্ডদান আৰু তৰ্পণ নকৰাৰ আশংকা থাকে।
এইদৰে কুলধৰ্ম, জাতিধৰ্ম আৰু সামাজিক শৃংখলাৰ ওপৰত গভীৰ আঘাত পৰে। সেয়েহে কুলক্ষয়ৰ ফল সুদূৰপ্ৰসাৰী আৰু ধ্বংসাত্মক হোৱা বাবে ইয়াক মহাপাপ বুলি কোৱা হৈছে।
৬। “জানা ৰাজা, যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা…” — এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি কৈ ৰথৰ ওপৰত বহি পৰিল?
উত্তৰঃ এই কথাষাৰ সঞ্জয়ে ৰজা ধৃতৰাষ্ট্ৰক কৈছে।
অৰ্জুনে শ্ৰীকৃষ্ণক কৈছিল যে নিজৰ গুৰুজন, আত্মীয়-স্বজন আৰু বন্ধুসকলক হত্যা কৰি ৰাজ্য লাভ কৰাটো তেওঁৰ বাবে কোনো সুখৰ কথা নহয়। কৌৰৱসকল আততায়ী হ’লেও স্বজনবধৰ ফলত কুলক্ষয়, অধৰ্ম আৰু মহাপাপৰ সৃষ্টি হ’ব বুলি তেওঁ ভয় কৰিছিল।
তেওঁ আৰু কয় যে ৰাজ্য আৰু ভোগৰ লোভত আত্মীয়ৰ ৰক্তপাত কৰাতকৈ অস্ত্ৰ ত্যাগ কৰাই উত্তম। আনকি অস্ত্ৰহীন অৱস্থাত কৌৰৱসকলে তেওঁক হত্যা কৰিলেও তেওঁ সেই অৱস্থাক অধিক মঙ্গলজনক বুলি গণ্য কৰিব।
এই গভীৰ বিষাদ আৰু দ্বিধাৰ মাজত অৰ্জুনে হাতৰ ধনু-শৰ ত্যাগ কৰি কঁপি কঁপি ৰথৰ ওপৰত বহি পৰে।
ভাষা-বিষয়ক
১। সমাৰ্থক শব্দ লিখা
- নিপুণ — পাৰ্গত / দক্ষ
- সমীপ — ওচৰ / নিকট
- বিস্তৰ — বহুত / প্ৰচুৰ
- সহস্ৰ — হাজাৰ
- সদৃশ — নিচিনা / অনুৰূপ
- বাদ্য — বাজনা
- কৰ-চৰণ — হাত-ভৰি
- চৰ্ম — ছাল
- শ্ৰুতি — বেদ
- বিমঙ্গল — অমঙ্গল / অশুভ
- বান্ধৱ — বন্ধু / আত্মীয়
২। আধুনিক ৰূপ লিখা
- হুয়া — হৈ
- কহা — কোৱা
- চক্ষু — চকু
- কৰিলা — কৰিলে
- চাঞো — চাওঁ
- মঞি — মই
- বুলিলা — ক’লে
- খাস — খহি / সৰি
- ফুঙ্কিলা — ফুকিলে / বজালে
- বাইলা — বজালে
- ৰহিবে — থাকিব
- ৰহো — থাকোঁ / ৰওঁ
৩। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ ভট্টদেৱ অসমীয়া গদ্য সাহিত্যৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ সাহিত্যিক। তেওঁৰ গদ্যৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য হ’ল—
প্ৰথমতে, তেওঁৰ গদ্যত তত্ত্বগধুৰ আৰু ধৰ্মীয় বিষয় সহজভাৱে প্ৰকাশ পাইছে। গীতা আৰু ভাগৱতৰ গভীৰ বিষয় সাধাৰণ পাঠকে বুজিব পৰাকৈ তেওঁ গদ্যত ৰূপ দিয়াৰ চেষ্টা কৰিছিল।
দ্বিতীয়তে, তেওঁৰ গদ্য সম্পূৰ্ণ কথিত ভাষাৰ দৰে নহয়; তাত সমসাময়িক পদ্যভাষাৰ প্ৰভাৱ স্পষ্ট। বাক্যৰ গাঁথনি, ছন্দধৰ্মিতা আৰু ভাষাৰ গতিত কাব্যিক স্পৰ্শ দেখা যায়।
তৃতীয়তে, তেওঁৰ গদ্য সাধাৰণতে সংক্ষিপ্ত, অৰ্থঘন আৰু স্পষ্ট। অতি কম শব্দেৰে গভীৰ ভাব প্ৰকাশ কৰাৰ ক্ষমতা তেওঁৰ ৰচনাৰ এটা বিশেষ গুণ।
চতুৰ্থতে, তেওঁৰ ভাষাত পুৰণি অসমীয়া ৰূপ যেনে— ‘মঞি’, ‘তাহান’, ‘তাংক’, ‘কহন্ত’, ‘বোলন্ত’ আদি শব্দৰ ব্যৱহাৰ দেখা যায়।
পঞ্চমতে, কথোপকথনধৰ্মী ভংগী, জতুৱা ঠাঁচ আৰু সহজ বাক্যবিন্যাসে তেওঁৰ গদ্যক প্ৰাঞ্জলতা দিছে। এই সকলো বৈশিষ্ট্যৰ বাবেই ভট্টদেৱৰ গদ্য অসমীয়া সাহিত্যত স্বতন্ত্ৰ আৰু ঐতিহাসিক মৰ্যাদা লাভ কৰিছে।
১। চমু উত্তৰ দিয়াঃ
(ক) মহাৰথী কাক বোলে?
উত্তৰ: যিজন যোদ্ধাই একেলগে দহ হাজাৰ ধনুৰ্ধৰৰ (ধানুকী) সৈতে যুদ্ধ কৰিব পাৰে, তেওঁকেই মহাৰথী বোলে।
(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।
উত্তৰ: কৌৰৱ পক্ষৰ বিশিষ্ট সেনাপতিসকলৰ নাম হ’ল— পিতামহ ভীষ্ম, গুৰু দ্ৰোণাচাৰ্য, কৰ্ণ, কৃপাচার্য, অশ্বত্থামা, বিকৰ্ণ আৰু সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰবা।
(গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?
উত্তৰ: সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শঙ্খ, ভেৰী, আনক (ঢোল সদৃশ বাদ্য), গোমুখ (শিঙা বিশেষ) আদি বিভিন্ন ৰণবাদ্যৰ মহাশব্দ হৈছিল।
(ঘ) আততায়ী কাক বোলে?
উত্তৰ: যি ব্যক্তিয়ে আনক বিষ খুৱাই, জুই লগাই বা চোকা অস্ত্ৰৰে প্ৰাণ নাশ কৰিবলৈ আহে অথবা লোকৰ ধন-সম্পত্তি, ৰাজ্য কাঢ়ি লয় আৰু স্ত্ৰীক অপমান কৰে, তেনে দুষ্কৃতিকাৰীক আততায়ী বোলে।
(ঙ) কুলক্ষয় দোষ কি?
উত্তৰ: কুলক্ষয় হ’লে পুৰণি কুলধৰ্ম বা বংশৰ পৰম্পৰা নষ্ট হয়। ধৰ্ম নষ্ট হ’লে গোটেই বংশটোত অধৰ্মই দেখা দিয়ে। ইয়াৰ ফলত কুলস্ত্ৰীসকলৰ চৰিত্ৰ নষ্ট হয় আৰু সমাজত বৰ্ণসংকৰ (অবাঞ্চিত) সন্তানৰ জন্ম হয়— ইয়াকেই কুলক্ষয় দোষ বুলি কোৱা হয়।
২। তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা।
উত্তৰ: ভট্টদেৱৰ ‘বিষাদ যোগ’ পাঠ অনুসৰি, কৌৰৱৰ সমৰ-সজ্জা আৰু ৰণবাদ্যৰ শব্দ শুনি পাণ্ডৱসকলেও নিজৰ যুদ্ধোৎসৱ ঘোষণা কৰে। শুকুলা ঘোঁৰাৰে সুসজ্জিত এখন বিশাল ৰথত উঠি শ্ৰীকৃষ্ণই ‘পাঞ্চজন্য’ আৰু অৰ্জুনে ‘দেৱদত্ত’ নামৰ দিব্য শঙ্খ বাজালে। তেওঁলোকৰ অনুসৰণ কৰি ভীমে ‘পৌণ্ড্ৰক’, যুধিষ্ঠিৰে ‘অনন্তবিজয়’, নকুলে ‘সুঘোষ’ আৰু সহদেৱে ‘মণিপুষ্পক’ নামৰ শঙ্খসমূহ বাজালে। এই শঙ্খসমূহৰ মহাশব্দই পৃথিৱী আৰু আকাশ কঁপাই তুলিছিল। পাণ্ডৱৰ এই তীব্ৰ যুদ্ধঘোষনাই কৌৰৱসকলৰ মনত ত্ৰাসৰ সৃষ্টি কৰিছিল। এনেদৰেই পাণ্ডৱসকলে কুৰুক্ষেত্ৰৰ ৰণভূমিত নিজৰ যুদ্ধোৎসৱ আৰম্ভ কৰিছিল।
৩। অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?
উত্তৰ: কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত দুয়োপক্ষৰ সৈন্যদল মুখামুখিকৈ অৱস্থান কৰি থকা অৱস্থাত অৰ্জুনে বিপক্ষৰ সৈন্যসকলক নিৰীক্ষণ কৰিব বিচাৰিছিল। অৰ্জুনে চাব বিচাৰিছিল যে— এই যুদ্ধত তেওঁ আচলতে কাৰ কাৰ লগত যুঁজিব লাগিব আৰু দুৰ্যোধনৰ সন্তুষ্টিৰ বাবে কোন কোন বীৰ যোদ্ধা পাণ্ডৱৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰি ৰৈ আছে। সেইসকল যুদ্ধাভিলাষী যোদ্ধাক ভালদৰে নিৰীক্ষণ কৰিবৰ বাবেই অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবলৈ অনুৰোধ কৰিছিল।
৪। অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক’লে তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰ: অৰ্জুনে যুদ্ধক্ষেত্ৰৰ মাজত ৰথৰ পৰা বিপক্ষৰ সৈন্যদলত নিজৰ অতি আপোন আত্মীয়-স্বজনসকলক দেখা পালে। তাত তেওঁৰ পিতৃতুল্য ব্যক্তি, পিতামহ (ভীষ্ম), গুৰু (দ্ৰোণ), মোমাই, ভাই-ককাই, পুত্ৰ-পৌত্ৰ আৰু বন্ধু-বান্ধৱসকল উপস্থিত আছিল।
নিজৰ আত্মীয়সকলক শত্ৰুৰূপে সম্মুখত দেখি অৰ্জুন বিচলিত হৈ পৰিল। তেওঁ কৃষ্ণক ক’লে যে আত্মীয়সকলক যুদ্ধত বধ কৰিবলৈ তেওঁৰ অন্তৰে সঁহাৰি দিয়া নাই। তেওঁৰ হাত-ভৰি কঁপিবলৈ ধৰিছে, মুখ শুকাই গৈছে আৰু শৰীৰত কঁপনি উঠিছে। অৰ্জুনে ক’লে যে নিজৰ স্বজনবধ কৰি পোৱা বিজয় বা ৰাজ্যসুখৰ কোনো অৰ্থ নাই। এনে বিজয়ৰ তেওঁ অকণো আকাংক্ষা নকৰে বুলি কৃষ্ণৰ আগত আক্ষেপ কৰিলে।
৫। কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা।
উত্তৰ: শাস্ত্ৰীয় মতে, কুলক্ষয় হ’লে বংশৰ সনাতন ধৰ্ম বা পৰম্পৰা নষ্ট হয়। যেতিয়া কুলধৰ্ম নষ্ট হয়, তেতিয়া অৱশিষ্ট বংশটোক অধৰ্মই গ্ৰাস কৰে। অধৰ্মৰ প্ৰভাৱত কুলস্ত্ৰীসকলৰ চৰিত্ৰৰ অৱনতি ঘটে, যাৰ ফলস্বৰূপে সমাজত ‘বৰ্ণসংকৰ’ (অবাঞ্চিত) সন্তানৰ জন্ম হয়। এনে পৰিস্থিতিত পিতৃপুৰুষৰ পিণ্ড আৰু জল দানৰ পৰম্পৰা বিলুপ্ত হয় আৰু বংশটো নৰকগামী হয়। এইদৰে এটা সমগ্ৰ বংশৰ ধৰ্ম, জাতি-ধৰ্ম আৰু ঐতিহ্য চিৰকালৰ বাবে নিঃশেষ হৈ যোৱা বাবে কুলক্ষয় দোষক মহাপাপ বুলি অভিহিত কৰা হৈছে।
৬) “জানা ৰাজা, যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা….।” —এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।
উত্তৰ: উক্ত কথাফাকি সঞ্জয়ে অন্ধৰজা ধৃতৰাষ্ট্ৰক কৈছে।
অৰ্জুনে যুদ্ধক্ষেত্ৰত নিজৰ গুৰু-গোসাঁই আৰু আত্মীয়সকলক বধ কৰিবলগীয়া হোৱা কথাটো ভাবি তীব্ৰ মানসিক যন্ত্ৰণাত ভুগিছিল। তেওঁ শ্ৰীকৃষ্ণক উদ্দেশ্য কৰি ক’লে যে— যদিও কৌৰৱসকলে লোভবশতঃ আততায়ীৰ দৰে কাম কৰিছে আৰু কুলক্ষয়ৰ দোষ দেখা পোৱা নাই, তথাপিও মই সকলো জানি-বুজি কিয় এই মহাপাপত লিপ্ত হ’ম? তেওঁ ক’লে যে নিজৰ ভাই-বন্ধুসকলক হত্যা কৰি ৰাজ্যসুখ ভোগ কৰাতকৈ যুদ্ধ নকৰাকৈ থকাটোৱেই শ্ৰেয়। এনেকি নিৰস্ত্ৰ অৱস্থাত কৌৰৱে তেওঁক বধ কৰিলেও তেওঁ সুখী হ’ব, তথাপি আত্মীয়ৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ নকৰে। এইবুলি কৈ অৰ্জুনে তীব্ৰ মানসিক বিষাদত চকুৰ পানী পেলাই হাতৰ পৰা ধনু-কাঁড় ত্যাগ কৰিলে আৰু কঁপিবলৈ ধৰি মনে মনে ৰথৰ ওপৰত বহি পৰিল।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post