📖 Might Learn

SVN Class 3 Assamese Text Book Solution 2026 Chapter 10| Sankardev School Assamese Chapter 10 নোৱাৰোঁ (কবিতা) Solution

নোৱাৰোঁ

অনুশীলনীঃ

১। কবিতাটো মুখস্থ কৰা।

২। নোৱাৰোঁ কবিতাটোৰ ৰচক কোন?

উত্তৰঃ নোৱাৰোঁ কবিতাটোৰ ৰচক মোঃ চোলেইমান খাঁ।

৩। কোনটো কথা বৰ বেয়া?

উত্তৰঃ নোৱাৰোঁ কথাটো বৰ বেয়া।

৪। কবিৰ মতে কোনবোৰ মানুহ এলেহুৱা হয়?

উত্তৰঃ কবিৰ মতে নোৱাৰোঁ বুলি কোৱা মানুহ এলেহুৱা হয়।

৫। সহজে কৰিব নোৱাৰা কাম এটা তুমি কেনেকৈ কৰিবা?

উত্তৰঃ সহজে কৰিব নোৱাৰা কাম এটা মই এশবাৰ কৰিম।

৬। বাক্য সাজাঃ

নোৱাৰোঁ – নোৱাৰোঁ কথাটি বৰ বেয়া কথা।

কদাপি – নোৱাৰোঁ বুলি আমি কদাপি ক’ব নালাগে।

বচন – মহাত্মা গান্ধীয়ে বহুতো ভাল বচন কৈছিল।

এলেহুৱা – নোৱাৰোঁ বুলি কোৱা মানুহ এলেহুৱা হয়।

দহজনে – দহজনে পাৰা কামটো এদিন তুমিওঁ পাৰিবা।

৭। খালী ঠাই সম্পূৰ্ণ কৰাঃ

(ক) ভাল নাম পাবলৈ যদি কৰা মন,

তেনেহ’লে নুবুলিবা নোৱাৰোঁ বচন।

(খ) এলেহুৱা যিটো হয়

নোৱাৰোঁ সিটোৱে কয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class