📖 Might Learn

SVN Class 3 Assamese Text Book Solution 2026 Chapter 15| Sankardev School Assamese Chapter 15 দুই বন্ধু আৰু ভালুক Solution

দুই বন্ধু আৰু ভালুক

অনুশীলনীঃ

১। তোমাৰ নিজৰ ভাষাত সাধুটো লিখা।

উত্তৰঃ এদিন দুজন বন্ধু হাবিৰ মাজে মাজে ফুৰিবলৈ গৈছিল। তেওঁলোকে হঠাৎ এটা ভালুক দেখা পালে। ভালুকটো দেখি এজন বন্ধু গছৰ উপৰত উঠি গ’ল আৰু আনজন বন্ধুৱে মৰাৰ ভাও জুৰিলে। ভালুকটোৱে শুহি চাই মৰা শ বুলি ভাবি এৰি গুচি গ’ল। ভালুকটো যোৱাৰ পাছত আনজন বন্ধু গছৰ পৰা নামি আহিল আৰু তাক সুধিলে, ভালুকে তোমাক কি কৈ গ’ল? তেতিয়া বন্ধুজনে উত্তৰ দিলে, বিপদতহে বন্ধুক চিনিবা।

২। সাধুটোৰ পৰা কি শিকিলা?

উত্তৰঃ বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু।

৩। ভালুকটো দেখি এজন ল’ৰা গছত উঠিল; আনজনে কি কৰিলে?

উত্তৰঃ ভালুকটো দেখি এজন ল’ৰা গছত উঠিল; আনজনে মৰাৰ ভাও জুৰিলে।

৪। উত্তৰ দিয়া।

ক) ভালুকে গছত উঠিব পাৰিলেনে?

উত্তৰঃ ভালুকে গছত উঠিব নোৱাৰিলে।

খ) ভালুকে মৰা শ খায়নে?

উত্তৰঃ ভালুকে মৰা শ নাখায়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class