SVN Class 3 Assamese Text Book Solution 2026 Chapter 17| Sankardev School Assamese Chapter 17 কন্টকৰামৰ বুদ্ধি Solution

অনুশীলনীঃ

১। “কণ্টকৰামৰ বুদ্ধি” নামৰ সাধুটো তোমাৰ নিজৰ ভাষাত লিখা।

উত্তৰঃ এখন হাবিত এহাল কেঁটেলা পহু আছিল। সিহঁতৰ এটা পোৱালি আছিল। পোৱালিটোৰ নাম হ’ল কণ্টকৰাম। এবাৰ মাক-দেউতাক অসুখত পৰিল আৰু তাক ফল-মূল আনি দিব নোৱৰা হ’ল। কণ্টকৰামে ভোকতে বৰ কষ্ট পাবলৈ ধৰিলে। মাক-দেউতাকে তাৰ এই অৱস্থা দেখি বৰ দুখ পালে আৰু তাক মাকে ক’লে, “বোপাই, হাবিৰ সিটো মূৰে এজোপা নাচপতি গছ আছে। তাৰ দুটামান খায় আহগৈ যা।” কণ্টকে ক’লে, ” তোমালোকে কি খাবা?” মাকে ক’লে ” আমি গা ভাল পালে আমি খাম গৈ। এতিয়া তয়ে খাগৈ যা।”

কণ্টকৰামৰ বৰ দুখ লাগিল। মাক-দেউতাকে তাক সদায় খুৱায়। আজি বাৰু সি অকলে খাব নে? তাকে ভাবি ভাবি সি গছৰ তল পালেগৈ আৰু দেখিলে গছত বহুতো পকা পকা নাচপতি লাগি আছে আৰু তলটো বহুটো নাচপতি পৰি আছে। তাকে দেখি সি ভাবিলে এটা সি খাব এটা সি দেউতাকৰ বাবে মুখত লৈ যাব কিন্তু মাকে কি খাব?

হঠাৎ তাৰ মনলৈ এটা বুদ্ধি আহিলে। সি পৰি থকা নাচপতিবোৰ এঠাইত গোতালে আৰু তাৰ কাইঁটবোৰ থিয় কৰি ল’লে। সি ওলোতা শৰ মাৰি নাচপতিবোৰৰ ওপৰতে চিত হৈ পৰিল। তাৰ পিঠিত চাৰিটা নাচপতি লাগি ধৰিল আৰু সি ঘৰ পালেগৈ। তাৰ এই কাৰ্য দেখি মাক-দেউকাকে মনত বৰ আনন্দ পালে আৰু আটায়ে নাচপতি কেইটা ভগায় খালে। মাকে ক’লে, ” আমাৰ কণ্টকৰামৰ কাঁইটবোৰহে কোমল, বুদ্ধিটো হ’লে বৰ চোকা।”

২। চমু উত্তৰ দিয়াঃ

(ক) কেঁটেলা পহুৰ পোৱালীটোৰ নাম কি আছিল?

উত্তৰঃ কেঁটেলা পহুৰ পোৱালীটোৰ নাম কণ্টকৰাম আছিল।

(খ) কণ্টকৰামে কিয় হাবিৰ পৰা ফল-মূল আনিব লগাত পৰিল?

উত্তৰঃ কণ্টকৰামৰ মাক-দেউতাকৰ অসুখ হোৱাৰ বাবে সি হাবিৰ পৰা ফল-মূল আনিব লগাত পৰিল।

(গ) সি কি বুদ্ধিৰে নাচপতিবোৰ আনিলে?

উত্তৰঃ সি নাচপতিবোৰ নিজৰ পিঠিত থকা কাঁইটবোৰত লৈ আনিলে।

(ঘ) কণ্টকৰামে কেইটা কেইটা নাচপতি আনিলে?

উত্তৰঃ কণ্টকৰামে চাৰিটা নাচপতি আনিলে।

(ঙ) তোমাৰ মা-দেউতাৰাৰ অসুখ হ’লে কি কৰিবা?

উত্তৰঃ মোৰ মা-দেউতাৰ বেমাৰ হ’লে মই মা-দেউতাক আলপৈচান ধৰিম।

(চ) সাধুটোৰ পৰা তুমি কি শিকিলা?

উত্তৰঃ সাধুটোৰ পৰা মই শিকিলাে যে বলেৰে নোৱাৰা কাম বুদ্ধিৰে কৰিব পাৰি।

৩। অৰ্থ লিখাঃ

থূপ – একগোট।

ওলোটা খৰ –

চিত্ হৈ পৰা – শুই পৰা

শালি ধৰা –

কেঁকো-জেঁকো – যেনে-তেনে

৪। তলত দিয়া শব্দকেইটাৰ একে অৰ্থ প্ৰকাশ কৰা আন দুটাকৈ শব্দ লিখা ঃ

হাবি – বননি, জংঘল।

যা – যোৱা, গুচি যোৱা।

দেউতা – পিতৃ, পিতা।

দুখ – যন্ত্ৰনা, কষ্ট।

চোকা – পাৰ্গত, তীখাল।

পহু – সাৰংগ, মৃগ।

৫। তলৰ বাক্যকেইটা সম্পূণ কৰাঃ

(ক) কণ্টকৰামৰ বৰ দুখ লাগিল।

(খ) কণ্টকৰামে ভোকত বৰ কষ্ট পালে।

(গ) হঠাৎ তাৰ মনত এটা বুদ্ধি খেলালে।

(ঘ) “কণ্টকৰামৰ কাঁইটবোৰেহে কোমল, তাৰ বুদ্ধিটো হ’লে বৰ চোকা।”

৬। বাক্য সাজাঃ

বুদ্ধি – কণ্টকৰাম বুদ্ধিত বৰ চোকা।

হাবি – হাবিত বিভিন্ন ধৰণৰ জীৱ-জন্তু থাকে।

নাচপতি – ৰহিমৰ দেউতাকৰ নাচপতিৰ বাগান আছে।

চোকা – ৰাম শ্ৰেণীটোৰ ভিতৰতে চোকা ল’ৰা।

কাঁইট – কেঁটেলা পহুৰ পিঠিত কাঁইট থাকে।

৭। তলৰ বাক্যকেইটা সজাই শুদ্ধকৈ লিখাঃ

(ক) এহাল পহু কেঁটেলা আছিল এখন হাবিত।

উত্তৰঃ এখন হাবিত এহাল কেঁটেলা পহু আছিল।

(খ) বৰ কষ্ট পাবলৈ ধৰিলে কণ্টকৰামে ভোকত।

উত্তৰঃ কণ্টকৰামে ভোকত বৰ কষ্ট পাবলৈ ধৰিলে।

(গ) লাগিল বৰ দুখ কণ্টকৰামৰ।

উত্তৰঃ কণ্টকৰামৰ বৰ দুখ লাগিল।

(ঘ) এটা বুদ্ধি তাৰ মনত হঠাৎ খেলালে।

উত্তৰঃ হঠাৎ তাৰ মনত এটা বুদ্ধি খেলালে।

(ঙ) সি আৰু মাক-দেউতাকে ভগাই খালে নাচপতিবোৰ।

উত্তৰঃ নাচপতিবোৰ সি আৰু মাক-দেউতাকে ভগাই খালে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top