SVN Class 3 Assamese Text Book Solution 2026 Chapter 18| Sankardev School Assamese Chapter 18 প্ৰিয় ছাত্ৰ Solution

প্ৰিয় ছাত্ৰ

(ক) কবিতাটো আবৃত্তি কৰা।

(খ) ছাত্ৰ কি কি গুণৰ অধিকাৰী হোৱা উচিত?

উত্তৰঃ এজন ছাত্ৰ শিক্ষকৰ উপদেশ মানি চলা উচিত। তেওঁ সদায় মনোযোগেৰে লিখা-পঢ়া কৰিব লাগে আৰু ধেমালিত অমূল্য সময় অপচয় নকৰিব লাগে। নিজৰ পাঠ অতি যত্নসহকাৰে শিকিব লাগে আৰু পঢ়াৰ সময়ত অন্যমনস্ক নহ’ব লাগে। ছাত্ৰই অসৎ সংগ এৰি চলিব লাগে আৰু লগৰ বন্ধু-বান্ধৱীৰ সৈতে মিলাপ্ৰীতিৰে থাকিব লাগে। লগতে সদায় সত্য কথা ক’ব লাগে আৰু নিজৰ দোষ নিজে স্বীকাৰ কৰিব লাগে। এইবোৰ গুণ এজন ভাল ছাত্ৰৰ বাবে অতি প্ৰয়োজনীয়।

(গ) ছাত্ৰৰ কেনেকুৱা গুণে শিক্ষকক আনন্দ দিয়ে?

উত্তৰঃ যেতিয়া ছাত্ৰ মনোযোগেৰে পাঠ শিকে, নিয়মিত অধ্যয়ন কৰে আৰু শিক্ষকৰ উপদেশ মানি চলে, তেতিয়া শিক্ষকসকলে অত্যন্ত আনন্দ অনুভৱ কৰে। এজন অধ্যৱসায়ী আৰু শৃংখলাবদ্ধ ছাত্ৰই সদায় শিক্ষকৰ মন জয় কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top