📖 Might Learn

SVN Class 3 Assamese Text Book Solution 2026 Chapter 19| Sankardev School Assamese Chapter 19 তেজপুৰ Solution

তেজপুৰ

১। উত্তৰ লিখা —

(ক) প্ৰিয়া আৰু প্ৰীতম কাৰ লগত তেজপুৰলৈ গৈছিল?

উত্তৰঃ প্ৰিয়া আৰু প্ৰীতম তেওঁলোকৰ মাক-দেউতাক আৰু ককাকৰ সৈতে তেজপুৰলৈ গৈছিল।

(খ) অসমৰ মানসিক চিকিৎসালয় ক’ত আছে?

উত্তৰঃ অসমৰ মানসিক চিকিৎসালয় তেজপুৰ চহৰত অৱস্থিত।

(গ) প্ৰিয়া আৰু প্ৰীতমে তেজপুৰত কি কি চালে?

উত্তৰঃ প্ৰিয়া আৰু প্ৰীতমে তেজপুৰত বহুতো ঐতিহাসিক আৰু দৰ্শনীয় স্থান পৰিদৰ্শন কৰিলে। সেইসমূহ হ’ল —

কলিয়াভোমোৰা দলং

দ-পৰ্বতীয়া শৈল তোৰণ

মহাভৈৰৱ মন্দিৰ

পদুম পুখুৰী

বামুণী পাহাৰ

অগ্নিগড় পাহাৰ

চিত্ৰলেখা উদ্যান

হলেশ্বৰ মন্দিৰ

কেতেকেশ্বৰ মন্দিৰ

ঊষা-অনিৰুদ্ধ উদ্যান

ভাৰতীয় বায়ু সেনা-বাহিনীৰ বিমান

(ঘ) উভতি আহিবৰ সময়ত সিহঁতৰ কিয় বৰ বেয়া লাগিল?

উত্তৰঃ উভতি আহিবৰ সময়ত সিহঁতৰ বৰ বেয়া লাগিছিল, কাৰণ তেওঁলোকৰ আৰু দুদিনমান তাত থাকিবৰ ইচ্ছা আছিল।

(ঙ) বাণৰজাৰ জীয়েকৰ নাম কি আছিল?

উত্তৰঃ বাণৰজাৰ জীয়েকৰ নাম ঊষা আছিল।

(চ) চিত্ৰলেখা কোন আছিল?

উত্তৰঃ চিত্ৰলেখা ঊষাৰ অতি ঘনিষ্ঠ সখী আছিল।

(ছ) ঊষাই কাক বিয়া কৰাইছিল?

উত্তৰঃ ঊষাই অনিৰুদ্ধক বিয়া কৰাইছিল।

২। পাঠত থকা নুবুজা শব্দবোৰ বাছি উলিয়াই আচাৰ্য/আচাৰ্যাৰ পৰা শিকি লোৱা।

(ইয়াত তুমি নিজে নুবুজা শব্দসমূহ লিখিব লাগিব।)

৩। এইবাৰ তুমি গ্ৰীষ্মকালত কি কৰিলা — দহটা বাক্য

১। গ্ৰীষ্মকালৰ বন্ধত মই মোৰ ঘৰতে সময় কটালোঁ।
২। মই পুৱা সোনকালে উঠি খেলিবলৈ গৈছিলোঁ।
৩। মই কিতাপ পঢ়িলোঁ আৰু নতুন গল্প শিকিলোঁ।
৪। মই দেউতাৰ সৈতে বজাৰলৈ গৈছিলোঁ।
৫। মই গাঁৱৰ বন্ধুসকলৰ সৈতে খেলিছিলোঁ।
৬। মই আইতাৰ পৰা বহুতো ভাল কথা শিকিলোঁ।
৭। মই গছ-গছনি পানী দিছিলোঁ।
৮। মই টেলিভিছনত শিক্ষামূলক অনুষ্ঠান চাইলোঁ।
৯। মই নিজৰ পাঠো অলপ অলপকৈ পঢ়িছিলোঁ।
১০। এই গ্ৰীষ্মকাল মোৰ বাবে অতি আনন্দময় আছিল।

৪। উদাহৰণত দিয়াৰ দৰে লিখা —

বাঁহ থকা ঠাই — বাঁহনি

ফুল ৰোৱা ঠাই — ফুলনি

ধান থোৱা ঘৰ — ভঁৰাল

গৰু থকা ঘৰ — গোহালি

ভাত ৰন্ধা ঘৰ — পাকঘৰ

৫। তেজপুৰত থকা প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ

নংকীৰ্তিচিহ্ন
কলিয়াভোমোৰা দলং
অগ্নিগড়
মহাভৈৰৱ মন্দিৰ
চিত্রলেখা উদ্যান
দ-পৰ্বতীয়া বিদ্যাপীঠ শৈল তৰ্পণ
ভৈৰৱী মন্দিৰ
পদুম পুখুৰী
বামুনী পাহাৰ
হলেশ্বৰ মন্দিৰ
১০কেতেকেশ্বৰ
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class