SVN Class 3 Assamese Text Book Solution 2026 Chapter 20| Sankardev School Assamese Chapter 20 দোঁ খাই থকা গছ Solution

দোঁ খাই থকা গছ

১। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ

(ক) বুঢ়ীয়ে ৰাস্তাৰ দাঁতিত কিয় থিয় হৈ আছিল?

উত্তৰঃ বুঢ়ীগৰাকী ৰাস্তাটো পাৰ হ’বলৈ অসুবিধা পাইছিল, সেয়ে সহায়ৰ আশাত ৰাস্তাৰ দাঁতিত থিয় হৈ আছিল।

(খ) ভদ্ৰলোকজনক বুঢ়ীয়ে কি কৈছিল?

উত্তৰঃ বুঢ়ীগৰাকীয়ে ভদ্ৰলোকজনক কৈছিল যে তেওঁলৈ পইচা নালাগে; মাথোঁ খৰিৰ বোজাটো মূৰত তুলি দি ৰাস্তাটো পাৰ কৰাই দিয়ক বুলি বিনম্ৰভাৱে অনুৰোধ কৰিছিল।

(গ) বুঢ়ীৰ কিয় চকুলো বৈছিল?

উত্তৰঃ ভদ্ৰলোকজনে স্নেহভাৱে “মাঁ” বুলি সম্বোধন কৰি সহায় কৰিবলৈ আগবাঢ়ি আহাত বুঢ়ীগৰাকীৰ মন আবেগেৰে ভৰি উঠিছিল আৰু তেওঁৰ চকুলো বৈছিল।

(ঘ) ভদ্ৰলোকজনে বুঢ়ীক কেনেকৈ সহায় কৰিলে?

উত্তৰঃ ভদ্ৰলোকজনে প্ৰথমে খৰিৰ বোজাটো নিজৰ হাতত লৈ বুঢ়ীগৰাকীৰ হাত ধৰি সাৱধানে ৰাস্তাটো পাৰ কৰাই দিলে। তাৰ পাছত পুনৰ বোজাটো লাহেকৈ মূৰত তুলি দি ধীৰে ধীৰে যাবলৈ ক’লে।

(ঙ) বুঢ়ীয়ে ভদ্ৰলোকক চিনি পাইছিলনে?

উত্তৰঃ নাই, বুঢ়ীগৰাকীয়ে ভদ্ৰলোকজনক চিনি পোৱা নাছিল।

(চ) ভদ্ৰলোকজনৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ভদ্ৰলোকজন আছিল মহাদেৱ গোৱিন্দ ৰাণাডে। তেওঁ মুম্বাই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। তেওঁ এজন পণ্ডিত, সু-লেখক আৰু দেশপ্ৰেমিক ব্যক্তি আছিল। জীৱনত যথেষ্ট ধন-সম্পদ উপাৰ্জন কৰিলেও তেওঁ সদায় সাধাৰণ জীৱন-যাপন কৰিছিল। ইংৰাজ শাসনৰ সময়তো তেওঁ দেশীয় সাজ-পাৰ পিন্ধি আদালতলৈ গৈছিল আৰু নম্ৰ স্বভাৱৰ বাবে সকলোৰে শ্ৰদ্ধা লাভ কৰিছিল।

২। তলত দিয়া শব্দবোৰেৰে বাক্য সাজা

কাণসাৰ – ডাঙৰৰ উপদেশলৈ কাণসাৰ নকৰিলে পিছত অনুতাপ কৰিবলগীয়া হয়।

কাবৌ – অসহায় মানুহে সহায়ৰ বাবে সদায় ডাঙৰলোকৰ ওচৰত কাবৌ কৰে।

নামজ্বলা – ড° বাণীকান্ত কাকতি এগৰাকী নামজ্বলা পণ্ডিত আছিল।

দোঁ খাই থকা গছ – বৰষুণৰ দিনত পথৰ কাষত দোঁ খাই থকা গছবোৰে মনোমোহা দৃশ্য সৃষ্টি কৰে।

Scroll to Top