বিবেক আৰু তাৰ পাঁচ মিনিট
অনুশীলনী:
১। ২ ডিচেম্বৰৰ দিনা বিদ্য়ালয় কিয় বন্ধ আছিল?
উত্তৰঃ ২ ডিচেম্বৰৰ দিনটোত ‘চুকাফা দিৱস’ পালন কৰা হৈছিল। সেই উপলক্ষে বিদ্য়ালয় বন্ধ ৰখা হৈছিল।
(চুকাফা আছিল আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক, যাৰ স্মৃতিত এই দিৱস পালন কৰা হয়।)
২। বিদ্য়ালয়ৰ পৰা বাছখন কেই বজাত ওলাই গৈছিল?
উত্তৰঃ বিদ্য়ালয়ৰ পৰা বাছখন পুৱা আঠ বজাত যাত্ৰা আৰম্ভ কৰিছিল।
৩। বিবেকে শিৱসাগৰ নগৰ দৰ্শনৰ বাবে কিয় যাব নোৱাৰিলে?
উত্তৰঃ বিবেক বিদ্যালয়ত সময়মতে উপস্থিত নহ’ল। তেওঁ পলমকৈ অহাৰ বাবে বাছখন ইতিমধ্যে ওলাই গৈছিল। সেই কাৰণে তেওঁ শিৱসাগৰ নগৰ দৰ্শনৰ সুযোগ লাভ কৰিব নোৱাৰিলে।
৪। বিপৰীত শব্দ লিখা
দেৰি — সোনকাল
উপস্থিত — অনুপস্থিত
নগৰ — গাঁও
পুৱা — গধূলি
বন্ধু — শত্ৰু
বিষাদ — আনন্দ
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post