অসমৰ ধাতু শিল্প আৰু পাটশিল্প
অনুশীলনীঃ
১। তলত দিয়া বাক্যবোৰৰ খালী ঠাই পূৰ কৰা
(ক) লোৰ সঁজুলি তৈয়াৰ কৰা মানুহক কমাৰ বোলা হয়।
(খ) কাঁহৰ বস্তু তৈয়াৰ কৰা মানুহক কঁহাৰ বোলা হয়।
(গ) সোণৰ বস্তু তৈয়াৰ কৰা মানুহক সোণাৰী বোলা হয়।
(ঘ) কাপোৰ বোৱা তিৰোতাক শিপিনী বোলা হয়।
২। তলৰ শব্দবোৰৰ অৰ্থ লিখি বাক্য সাজা
গাগৰি (পানী ৰাখিবলৈ ব্যৱহাৰ কৰা পাত্ৰ) – গাঁৱৰ মানুহে কুঁৱাৰ পানী গাগৰিত ভৰাই ঘৰলৈ আনে।
প্ৰাচীন (অতীত কালৰ) – আমি প্ৰাচীন যুগৰ কীৰ্তি-চিহ্নসমূহ সংৰক্ষণ কৰি ৰাখিব লাগে।
মূল্যৱান (দামী বা গুৰুত্বপূৰ্ণ) – কয়লা আমাৰ দেশৰ এবিধ মূল্যৱান খনিজ সম্পদ।
জীৱিকা (জীৱন নিৰ্বাহৰ উপায়) – অসমৰ অধিকাংশ লোকৰ মুখ্য জীৱিকা হৈছে কৃষিকাৰ্য।
৩। উত্তৰ লিখা
(ক) ৰুণজুন আৰু কানুমনৰ বৰদেউতাকৰ ঘৰ ক’ত?
উত্তৰঃ ৰুণজুন আৰু কানুমনৰ বৰদেউতাকৰ ঘৰ শুৱালকুছিত অৱস্থিত।
(খ) লোৰ পৰা কি কি সামগ্ৰী তৈয়াৰ কৰা হয়?
উত্তৰঃ লোৰ পৰা দা, কুঠাৰ, কটাৰী, হাতুৰি, গাড়ী, মটৰ আদি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰা হয়।
(গ) কাঁহৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ সামগ্ৰীৰ নাম লিখা।
উত্তৰঃ কাঁহৰ পৰা কাঁহী, বাটি, লোটা আৰু চৰিয়া আদি সামগ্ৰী তৈয়াৰ কৰা হয়।
(ঘ) পাট–মুগা শিল্পৰ বাবে অসমৰ কোনখন ঠাই বিখ্যাত? পাট–মুগা সূতাৰ পৰা কি কি সাজ তৈয়াৰ কৰিব পাৰি?
উত্তৰঃ পাট–মুগা শিল্পৰ বাবে অসমৰ শুৱালকুছি বিখ্যাত। পাট–মুগা সূতাৰ পৰা কুৰ্তা, চাদৰ-মেখেলা, ৰিহা আদি পৰম্পৰাগত সাজ তৈয়াৰ কৰা হয়।
(ঙ) অসমীয়া সোণৰ অলংকাৰ কেইবিধমানৰ নাম লিখা।
উত্তৰঃ অসমীয়া সোণৰ অলংকাৰসমূহৰ ভিতৰত কেৰু, খাৰু, আঙুঠি, গাম-খাৰু, গলপতা, জোনবিৰি, ঢোলবিৰি, গেজেৰা, ডুগডুগী আদি উল্লেখযোগ্য।
৪। যুক্তাক্ষৰ ভাঙি চোৱা
উদাহৰণঃ
বুদ্ধ = দ্ + ধ = দ্ধ
আৰম্ভ = ম্ + ভ = ম্ভ
শিল্প = ল্ + প = ল্প
দ্বাৰা = দ্ + ব = দ্ব
৫। শুদ্ধ শব্দৰে বাক্য লিখা
(ক) শুৱালকুছি পাট শিল্পৰ বাবে বিখ্যাত।
(খ) মহে বেমাৰৰ বীজাণু বিয়পায়।
(গ) মোৰ খুড়া গাঁৱত থাকে।
(ঘ) সৰ্থেবাৰীত কাঁহ শিল্প আছে।