Might Learn Logo Might Learn

SVN Class 3 Assamese Text Book Solution 2026 Chapter 24| Sankardev School Assamese Chapter 24 লোভৰ পৰিণতি Solution

লোভৰ পৰিণতি

অনুশীলনীঃ

১। কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা।

উত্তৰঃ ৰাজু আৰু ৰুণুৰ এটা মেকুৰী আছে। তাৰ নাম মিকি। সিহঁত দুইটাই মিকিক বহুত মৰম কৰে। ৰাজুৰৰ মাকে মিকিক সদায় গাখীৰ খাবলৈ দিয়ে। মিকিয়ে গাখীৰ খায় বৰ ভাল পায়। এদিন ৰাজুৰ মাকে মিকিক এবাটি গাখীৰ খাবলৈ দি গাখীৰৰ ঘটিটো টেবুলত থৈ তেওঁ পাকঘৰৰ পৰা ওলায় গ’ল। মিকিয়ে তাৰ ভাগৰ গাখীৰ খিনি খায় শেষ কৰিলে, তাৰ আৰু গাখীৰ খাবলৈ মন গ’ল। সি চুচুক-চামাককৈ টেবুলত থকা গাখাৰখিনি চেলেকি চেলেকি খায় থাকোতে হঠাৎ গাখীৰৰ ঘটিটো তাৰ মূৰত সোমায় গ’ল। মিকিয়ে অশেষ চেষ্টা কৰিও ঘটিটোৰ পৰা মূৰটো উলিয়াব নোৱাৰিলে। ঘটিটো মূৰত সোমায় থকাৰ বাবে সি চকুৰেও একো দেখা নোপোৱা হ’ল। সি বেৰ, চকী, মেজ সকলোতে ঘটং ঘটং কৈ খুন্দিয়াবলৈ ধৰিলে। ঘটং ঘটং শব্দ শুনি ৰাজুৰ মাক পাকঘৰলৈ আহিল আৰু মাকৰ পাছে পাছে ৰাজু আৰু ৰুণু পাকঘৰলৈ আহিল। পাকঘৰত মিকিক এনে অৱস্থাত দেখি সিহঁত আচৰিত হ’ল আৰু ৰাজুৰ মাকে সকলো কথা বুজি পালে আৰু মিকিৰ মূৰটোৰ পৰা ঘটিটো উলিয়াই দিলে। তেতিয়াহে সি সকাহ পালে। লোভত পৰি চুৰ কৰাৰ বাবে তাৰ এনে দশা হ’ল।

২। উত্তৰ লিখা 一

(ক) মেকুৰী পোৱালীটোৰ নাম কি আছিল?

উত্তৰঃ মেকুৰী পোৱালীটোৰ নাম মিকি আছিল।

(খ) ৰাজুৰ মাকে মিকিক কি খাবলৈ দিছিল?

উত্তৰঃ ৰাজুৰ মাকে মিকিক গাখীৰ খাবলৈ দিছিল।

(গ) গাখীৰৰ ঘটিটো দেখি তাৰ কি হ’ল?

উত্তৰঃ গাখীৰৰ ঘটিটো দেখি তাৰ আৰু গাখীৰ খাবলৈ মন গ’ল।

(ঘ) মিকিৰ মূৰটো গাখীৰৰ ঘটিটোৰ পৰা উলিয়াব পাৰিলেনে?

উত্তৰঃ মিকিৰ মূৰটো গাখীৰৰ ঘটিটোৰ পৰা উলিয়াব পাৰিলে।

(ঙ) তাৰ মূৰটো ঘটিটোৰ পৰা কেনেদৰে উলিয়ালে?

উত্তৰঃ মিকিক ধৰি তাৰ মূৰটো ঘটিটোৰ পৰা উলিয়ালে।

(চ) লোভত পৰি মিকিয়ে কি কৰিলে?

উত্তৰঃ লোভত পৰি মিকিয়ে ঘটিটোৰ পৰা গাখীৰ খালে।

৩। তলত দিয়া শব্দবোৰেৰে বাক্য সাজাঃ

চেলেকি ➖ মিকিয়ে চেলেকি পেলায় গাখীৰ খাইছিল।

চুচুক–চামাককৈ ➖ ৰোণাই মামায়েকৰ ঘৰত চুচুক-চামাককৈ বহি আছিল।

ইফালে – সিফালে ➖ ৰাজুৱে ইফালে-সিফালে চাই আছে।

ঘটং – ঘটংকৈ ➖ মিকিয়ে বেৰ, চকী, মেজ সকলোতে ঘটং ঘটংকৈ খুন্দিয়াই আছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects