SVN Class 3 Assamese Text Book Solution 2026 Chapter 4| Sankardev School Assamese Chapter 4 ৰূপকোঁৱৰ জ্য়োতিপ্ৰসাদ আগৰৱালা Solution

ৰূপকোৱঁৰ জ্য়োতিপ্ৰসাদ আগৰৱালা

অনুশীলনীঃ

১। উত্তৰ দিয়া 一

(ক) জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কেতিয়া হয়?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম ১৯০৩ চনৰ ১৭ জুন তাৰিখে হয়।

(খ) তেওঁৰ পিতৃৃ − মাতৃৰ নাম কি?

উত্তৰঃ তেওঁৰ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী আগৰৱালা।

(গ) প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি?

উত্তৰঃ প্ৰথম অসমীয়া বোলছবিখনৰ নাম জয়মতী।

(ঘ) জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দুখন কথাছবিৰ নাম লিখা।

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দুখন কথাছবিৰ নাম হ’ল ‘জয়মতী’ আৰু ‘ইন্দ্ৰমালতী’।

(ঙ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু ১৯৫১ চনৰ ১৭ জানুৱাৰী তাৰিখে হৈছিল।

(চ) জ্যোতিপ্ৰসাদে ৰচনা কৰা গীতক কি বুলি জনা যায়?

উত্তৰঃ জ্যোতিপ্ৰসাদে ৰচনা কৰা গীতক জ্যোতি সংগীত বুলি জনা যায়।

(ছ) জ্যোতিপ্ৰসাদে স্থাপন কৰা কথাছবিৰ ষ্টুডিঅ’টোৰ নাম কি?

উত্তৰঃ জ্যোতিপ্ৰসাদে স্থাপন কৰা কথাছবিৰ ষ্টুডিঅ’টোৰ নাম হ’ল চিত্ৰবন।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top