SVN Class 3 Assamese Text Book Solution 2026 Chapter 6| Sankardev School Assamese Chapter 6 গাখীৰৰ পুখুৰী Solution

গাখীৰৰ পুখুৰী

অনুশীলনীঃ

১। সাধুটো নিজৰ ভাষাত কোৱা।

উত্তৰঃ এখন দেশত এজন ৰজা আছিল। তেওঁ প্ৰজাসকলৰ বাবে জিৰণি চ’ৰা, ডাক্তৰখানা, অতিথি খালা আদি বনাই দিছিল। মাজে-সময়ে তেওঁ প্ৰজাসকলৰ খবৰ ল’বলৈ গৈছিল আৰু প্ৰজাসকল ধনে-ধানে বৰ সুখী আছিল। ৰাজ্যখনত গাখীৰৰ উভৈনদী আছিল। প্ৰজাসকলে গাখীৰ খায়, বিক্ৰী কৰি খায় শেষ কৰিব নোৱাৰে। এদিন ৰজাই ভাবিলে ৰাজ্য়খনত গাখীৰৰ আকাল নাই, তেওঁ দেখোন এটা গাখীৰৰ পুখুৰী তৈয়াৰ কৰি ল’ব পাৰে। ৰজাই তেওঁৰ মন্ত্ৰীক কৈ এটা পুখুৰী খন্দালে, পুখুৰীটোৰ তলি আৰু পাৰ কেইতা পকি কৰি দিছিল। পুখুৰীটো সাজি সম্পূৰ্ণ হোৱাত ঘৰে ঘৰে গৈ ঢোল তাল বজায় সকলোকে এক টেকেলী গাখীৰ দিবলৈ হুকুম দিলে লগতে ক’লে যে যিজনে নিদিব তেওঁক ৰজাই শাস্তি দিব।

নিৰ্দিষ্ট দিনত সকলো প্ৰজা গৈ পুখুৰীৰ পাৰত উপস্থিত হ’ল। কিন্তু কোনেও পুখুৰীত গাখীৰ নাধালিলে। তেতিয়াই মন্ত্ৰীয়ে এজন প্ৰজাৰ হাতৰ পৰা টেকেলীটো কাঢ়ি পুখুৰীত ধালি দিলে, কিন্তু তাত গাখীৰৰ ঠাইত পানী আছিল। ৰজায় সোধাত প্ৰজাজনে ভয়ে ভয়ে উত্তৰ দিলে যে তেওঁ ভবায় নাছিল যে অতবোৰ গাখীৰৰ কলহৰ মাজত কোনোবায় তেওঁৰ পানীৰ কলহটো দেখিব বুলি। কিন্তু তাত থকা সকলো প্ৰজা কু-প্ৰবৃতিৰ আছিল। সকলোৱে গাখীৰৰ কলহৰ ঠাইত পানীৰ কলহ লৈ আহিছিল। প্ৰজাসকলৰ এই কু-চিন্তা দেখি ৰজায় বহুত দুখ পালে। আচলতে আমি ধনেৰে নহয় মনেৰেহে চহকী হ’ব লাগে। এখন দেশ বা ৰাজ্য চলাবলৈ ধনী মানুহতকৈ সৎ, নৈতিক চৰিত্ৰবানমানুহৰ বেছি প্ৰয়োজন। ৰজাই সেইদিনাৰ পৰা মানুহৰ নৈতিক উৎকৰ্ষ সাধনৰ কাৰণে সৎসঙ্গ, মঠ-মন্দিৰ, পুথিভঁৰাল আদি প্ৰতিষ্ঠা কৰিবলৈ ধৰিলে।

২। পাঠটোৰ পৰা কি শিকিলা?

উত্তৰঃ পাঠটোৰ পৰা আমি ইয়াকে শিকিলো যে – আমি ধনেৰে নহয় মনেৰেহে চহকী হ’ব লাগে। এখন দেশ বা ৰাজ্য চলাবলৈ ধনী মানুহতকৈ সৎ, নৈতিক চৰিত্ৰবানমানুহৰ বেছি প্ৰয়োজন।

৩। মানুহবোৰে গাখীৰৰ সলনি কি আনিলে আৰু কিয়?

উত্তৰঃ মানুহবোৰে গাখীৰৰ সলনি পানী আনিলে কাৰণ তেওঁলোক কু-প্ৰবৃত্তিৰ লোক আছিল।

৪। ৰজাই মানুহৰ নৈতিক উৎকৰ্ষ সাধনৰ বাবে কি কৰিলে?

উত্তৰঃ ৰজাই মানুহৰ নৈতিক উৎকৰ্ষ সাধনৰ বাবে সৎসঙ্গ, মঠ-মন্দিৰ, পুথিভঁৰাল আদি প্ৰতিষ্ঠা কৰিবলৈ ধৰিলে।

৫। বাক্য সাজাঃ

উভৈনদীঃ গাওঁখনত গাখীৰৰ উভৈনদী

চৰিত্ৰৱানঃ এখন দেশ বা ৰাজ্য চলাবলৈ ধনী মানুহতকৈ চৰিত্ৰবান মানুহৰ বেছি প্ৰয়োজন।

শাস্তিঃ পৰীক্ষাত কম নম্বৰ পোৱাৰ বাবে মামুক মাকে শাস্তি দিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top