📖 Might Learn

SVN Class 3 Assamese Text Book Solution 2026| Sankardev School Assamese Chapter 1 আমাৰ গাওঁ Solution

আমাৰ গাওঁ

অনুশীলনীঃ

১। “ডাল ভৰি ভৰি ফলーফুল লাগে” 一ডাল ভৰি ফল ফুল লগা কিছুমান গছৰ নাম লিখা।

উত্তৰঃ ডাল ভৰি ভৰি ফল ফুল লগা কিছুমান গছৰ নাম হ’ল আম, কঁঠাল, লেচু, কল আদি।

২। গছৰ ডালত পৰি শুৱলা গীত গোৱা পাঁচবিধ চৰাইৰ নাম লিখা।

উত্তৰঃ গছৰ ডালত পৰি শুৱলা গীত গোৱা পাঁচবিধ চৰাইৰ নাম হ’ল কুলি, কেতেকী, মইনা, ভাটৌ, কোপটি।

৩। ‘শুৱনি’ আৰু ‘শুৱলা ‘ শব্দৰ পাৰ্থক্য ভালদৰে বুজি লোৱা। দুয়োটা শব্দৰে একোটিকৈ বাক্য ৰচনা কৰা।

উত্তৰঃ শুৱনিঃ আমাৰ গাওঁখন বৰ শুৱনি

শুৱলাঃ কুলিৰ মাতটো বৰ শুৱলা

৪। তলৰ শব্দসমূহৰ পাৰ্থক্য জানি লোৱাঃ

ক’ত – কত, ঘাট – ঘাত, ছাল – চাল, তান – সুৰৰ আলাপ, হাট – হাত, পান -পাণ

উত্তৰঃ ক’ত – ঠাই

কত – কিমান

ঘাট – প্ৰতিঘাট

ঘাত – নদীৰ ঘাত

ছাল – শৰীৰৰ অংগ

চাল – চলনা

তান – ৰাগ

টান – কঠিন

হাট – বস্তু কিনা-বেছা কৰা ঠাই

হাত – শৰীৰৰ অংগ

পান – খোৱা

পাণ – তামোলৰ লগত খোৱা এবিধ বস্তু

৫। একে অৰ্থ বুজোৱা শব্দ লিখাঃ

উদাহৰণ ― বেলি – সূৰ্য, ভানু, ভাস্কৰ, সুৰুয।

গছ – বৃক্ষ।

হিয়া – হৃদয়।

মুৰুলি – বাঁহী।

ফুল – পুস্প।

৬। পাঁচবিধ লতাজাতীয় পাচলিৰ নাম লিখা। যেনে- জিকা।

উত্তৰঃ পাঁচবিধ লতাজাতীয় পাচলি হ’ল ভোল, পানীলাও, ৰঙালাও, তিয়হঁ, ভাতকেৰেলা।

৭। কবিতাটো ভালদৰে আবৃত্তি কৰিবলৈ শিকা।

৮। ঘৰ আৰু চাল যুক্ত কিছুমান শব্দ শিকাঃ

উত্তৰঃ ঘৰগোনা, ঘৰচীয়া, ঘৰমুৱা, ঘৰশত্ৰু, ঘৰমূৰি।

চালকোমোৰা, চালগোম, চালচলন, চালপীৰা ইত্যাদি।

৯। তলত দিয়া ধৰণে প্ৰতিটোৰ শব্দ-সংখ্যা বঢ়োৱা一

সৰল – সৰহ – সৰস্বতী – সৰিয়হ

শুৱনি- শুকনি – শুকান – শুৱলা

চাল- চালনি- চাপৰ – চৰাই

মধুৰ- মধুৰি – মধুৰিয়াম – মনোৰঞ্জন

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class