SVN Class 3 Niti Mallika Chapter 11 হাঁহ আৰু কাছ Question Answer 2026 |

হাঁহ আৰু কাছ

(ক) কাছটোক কম্বিগ্ৰীৱ কিয় বুলিছিল ?

উত্তৰঃ কাছটোৰ ডিঙিটো আছিল দেখিবলৈ শঙ্খৰ দৰে; সেইবাে তাক সকলোৱে কম্বুগ্ৰীৱ বুলিছিল।

(খ) হাঁহ দুটাৰ নাম কি আছিল ?

উত্তৰঃ হাঁহ দুটাৰ নাম সংকট আৰু বিকট আছিল।

(গ) কাছটোৱে কি কাৰণে দুখ কৰিছিল ?

উত্তৰঃ কাছটৌৱে দুখ কৰা কাৰণ সৰোবৰ পানী শুকাই যোৱা বাবে কাৰণ সৰোবৰ পানী শুকাই গ’লে সি জীয়াই থাকিব নোৱাৰিব সেইবাবে কাছটোৱে দুখ কৰিছিল।

(ঘ) কম্বুগ্ৰীৱে বিপদৰ পৰা পৰিত্ৰাণৰ উপায় হিচাপে হাঁহ দুটাক কি কৈছিল?

উত্তৰঃ কম্বুগ্ৰীৱে বিপদৰ উপায় আছিল তোমালোকে এদাল কাঠৰ লাঠি যোগাৰ কৰা আৰু বেছি পানী থকা এখন সৰোবৰ কথা খবৰ কৰা। তাৰ পাছত মই কাঠৰ লাঠিডালৰ মাজভাগত মুখৰে কামুৰি ধৰি থাকিম। তোমালোকে দুয়োজনে লাঠিৰ দুয়ো মূৰে কামুৰি ধৰিবা আৰু মোক এই সৰোবৰ লৈ উৰুৱাই লৈ যাবা। এইটো উপাই আছিল।

(ঙ) হাঁহ দুটাই কম্বুগ্ৰীৱক কেনেকৈ উৰুৱাই লৈ গৈছিল ?

উত্তৰঃ হাঁহ দুটাই কম্বুগ্ৰীৱক এডাল কাঠৰ লাঠিত কম্বুগ্ৰীৱয়ে কামুৰি ধৰিলে আৰু হাঁহ দুটাই দুয়ো মূৰে কামুৰি ধৰি উৰাই নিলে।

(চ) কম্বুগ্ৰীৱৰ শেষ পৰিণতি কি হ’ল?

উত্তৰঃ কম্বুগ্ৰীৱৰ শেষ পৰিণতি মৃত্যু হ’ল।

(ছ) সাধুটোৰ পৰা কি নীতিশিক্ষা পালা ?

উত্তৰঃ সাধুটোৰ পৰা আমি এইটো নীতিশিক্ষা পালোযে যি কোনো কাম কৰা আগতে কামটো ভাল নে বেয়া,সম্ভাব্য বিপদ-আপদ,লাভ-লোকচনাৰ কথাবোৰ বিচাৰ-বিবেচনা কৰিব লাগে।

Scroll to Top