দধীচি মুনি
আৰ্হি প্ৰশ্নঃ
(ক) অসুৰটোৰ নাম কি আছিল ?
উত্তৰঃ অসুৰটোৰ নাম বৃত্ৰাসুৰ আছিল।
(খ) দেৱতাসকল কাৰ অত্যাচাৰত অতিষ্ঠ হৈ উঠিছিল?
উত্তৰঃ দেৱতাসকলে ব্রত্ৰাসুৰ অসুৰ অত্যাচাৰত অতিষ্ঠ হৈ উঠিছিল।
(গ) দেৱতাসকলে উপায় বিচাৰি কাৰ ওচৰলৈ গৈছিল?
উত্তৰঃ দেৱতাসকলে উপায় বিচাৰি ব্ৰহ্মাৰ ওচৰলৈ গৈছিল।
(ঘ) দধীচি মুনিয়ে কোন নদীৰ পাৰত তপস্যা কৰিছিল?
উত্তৰঃ দধীচি মুনিয়ে সৰস্বতী নদীৰ পাৰত তপস্যা কৰিছিল।
(ঙ) দেৱতাসকলে দধীচি মুনিক কি বুলি প্ৰাৰ্থনা জনাইছিল ?
উত্তৰঃ দেৱতাসকলে দধীচি মুনিক অসুৰ বধৰ বাবে শৰীৰৰ হাড় বিচাৰু প্ৰাৰ্থনা জনাইছিল।
(চ) মুনিয়ে কি উত্তৰ দিলে?
উত্তৰঃ মুনিয়ে উত্তৰ দিলে যে ”হে দেৱতাসকল,মোৰ এই তেজ-মঙহৰ দেহাৰ এদিন বিনাশ ঘটিবই। গতিকে মোৰ এই দেহা ত্যাগ কৰিলে যদি লোকৰ উপকাৰ হয়, তেন্তে মোৰ জীৱন ধন্য হ’ব।” এই বুলি উত্তৰ দিলে।
(ছ) বৃত্ৰাসুৰক বধ কৰা অস্ত্ৰবিধৰ নাম কি?
উত্তৰঃ বৃত্ৰাসুৰক বধ কৰা অস্ত্ৰবিধৰ নাম ‘ব্ৰজ্ৰপাত অস্ত্ৰ’ আছিল।