মহামানৱ মহাত্মা গান্ধী
প্ৰশ্নঃ
(ক) মহাত্মা গান্ধীৰ ক’ত আৰু কেতিয়া জন্ম হৈছিল ?
উত্তৰঃ মহাত্মা গান্ধীৰ পোৰবন্দৰ নামৰ ঠাইত ১৮৬৯ চনত ২ অক্টোবৰত জন্ম হৈছিল।
(খ) মহাত্মা গান্ধীৰ পিতৃ-মাতৃৰ নাম কি আছিল?
উত্তৰঃ মহাত্মা গান্ধীপ পিতৃ নাম কৰমচাঁদ গান্ধী আৰু মাতৃ নাম পুতলীবাঈ ।
(গ) মহাত্মা গান্ধীৰ সম্পূৰ্ণ নামটো কি?
উত্তৰঃ মহাত্মা গান্ধীৰ সম্পূৰ্ণ নামটো মোহনদাস কৰমচাঁদ গান্ধী।
(ঘ) মহাত্মা গান্ধীৰ মনত সত্যনিষ্ঠা গঢ় লৈ উঠাত প্ৰভাৱ পেলোৱা নাটক দুখনৰ নাম কি?
উত্তৰঃ মহাত্মা গান্ধীৰ মনত সত্যনিষ্ঠা গঢ় লৈ উঠা নাটক দুখনৰ নাম ‘শ্ৰৱণৰ পিতৃভক্তি’, ‘ৰজা হৰিচন্দ্ৰ’।
(ঙ) মহাত্মা গান্ধীয়ে তেওঁ কৰা অসৎ কৰ্মৰ বাবে অনুশোচনা কৰি কি কৰিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে তেওঁ কৰা অসৎ কৰ্মৰ বাবে অনুশোচনা কৰিঃ
1) পিতাকৰ এটা দুৰ্ঘটনাত আঘাত পোৱাত গান্ধীজীয়ে তেওঁক শুশ্ৰূষা কৰিছিল | বিদ্যালয়লৈ য়োৱা সময় খিনি বাহিৰে গান্ধীজীয়ে পিতাকৰ কাষতে কটাইছিল।
2) এদিন গান্ধীয়ে অৎস কাম কৰি অহা বাবে গান্ধীয়ে গোটেই কাৰ্যবোৰ এখন চিঠি লিখি পিতাকৰ হাতত তুলি দিছিল।